আমাৰ ঘৰ প্ৰেমৰ ঘৰ-অনুপম হাতীমূৰীয়া

Rinku Rajowar
0
মোৰ আইৰ থূপ খোৱা কপালত প্ৰেম
খহটা মাতটো প্ৰেম ।

জীৱনৰ অটব্য চেঁচুকতো
ফটা গোৰুহাত ভৰ দি
আয়ে আন্ধাৰতে খুপি খুপি কবিতা লিখে- প্রেমৰ ।

পিতাইৰ গল খেকাৰিত প্ৰেমৰ পাটীগণিত
জীৱনৰ জটিল জ্যামিতি 
দীঘে-বানীয়ে প্ৰেম মাথোঁ প্ৰেম ।

আমাৰ পথাৰত আই আৰু পিতাইয়ে মাতে দুখনকৈ নেওঁতা । তাৰে-
নাঙলৰ নেওঁতাখন ঘামৰ
কাঁচিৰ নেওঁতাখন অনন্ত প্ৰেমৰ ।


অনুপম হাতীমূৰীয়া
বাকচু খেলুৱা, শিৱসাগৰ
ডাক : বাকচু মাউট, পিন - ৭৮৫৬৯৭
ফোন : ৮৮১১৯৮৬৪৭৭

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)