তুমি বেয়া পাবা নেকি ??
না না না না না••••• ভুল নুবুজিবা,
বেছি আঁক বাক কৰি, আপছু কৰি নোতোলো দিয়া।
সীমিত পৰিমানে বুলাম ,তোমাত সৃষ্টি মোৰ অনুভৱৰ
বিবিধ বোল, মোৰ মন তুলিকাৰেই।
মাথোঁ এটি কবিতাৰ ৰূপত তোমাক সজাই চাব খোজো।
তুমি কবিতাৰ ৰূপ পছন্দ নকৰা,
না....নালাগে চাব তুমি
তোমাৰ সমুখত দাপোণ নাৰাখিম।
ইচ্ছা কৰিলে তোমাৰ অনুভৱখিনিও আঁতৰাই ৰাখিম দিয়া।
কৃত্ৰিম বোল চাগে তুমি সহ্য নকৰিবা ?
হ'ব দিয়া, সেয়াও চিন্তা নকৰিবা
তোমাৰ বোলেৰেই তোমাক কবিতা সজাৰ প্ৰয়াস কৰিম !
তোমাৰ অভিমানবোৰ প্ৰথমে চটিয়াই ল'ম
তাৰ পাছত ;
তোমাৰ খংবোৰ সানি সানি ৰঙা কৰি তুলিম।
তোমাৰ তপ্ত চক্ষুসে ওলোৱা ফিৰিঙতিবোৰ
সিক্ত চক্ষুৰে নিগৰা পানীৰে শাঁত পেলাম
তোমাৰ মৰমসনা চাৱনিয়েই হ'ব
তোমাৰ দুচকুৰ কাজল।
মোৰ সুস্থতাত
তোমাৰ দুই ওঁষ্ঠৰ ফাঁকেৰে নিগৰি অহা হাঁহিটিয়ে
আৰু উজ্জ্বল কৰি তুলিব অনুভৱখিনি।
অই !!!
অভিমান,খং, চকুপানী, মৰম, হাঁহি এইবোৰেই সজাব খোজো এবাৰ মাথোঁ তোমাক কবিতাৰ ৰূপত।
দিবানে বাৰু অনুমতি তুমি ???
📝ৰশ্মিৰেখা ফুকন কাকতি
পথালি পাহাৰ (লখিমপুৰ)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ