একাঁজলী বিৰহ খণ্ড নং:১৬-বিটুমনি ভূঞা কোছ

Unknown
0
তগৰৰ শুকাই পৰা চকু দুটালৈ চাই ৰণে ক'লে--তোমাৰ কলিজাটো আছেনে বৌ?

তগৰে ৰণলৈ চাই ক'ম বুলি ভাবিলে, বিষাইছে নেকি ?তোমাৰ বুকুখন। ক'ম বুলি ভাবিও ক'ব নোৱাৰিলে তাই, হৰফৰ হৰফৰ শব্দ এটা বাহিৰ হৈ উশাহটো চুটি হৈ আহিল।

তুমি শুকাই গৈছা বৌ।মাৰাৰ ঘৰলৈ কিছুদিনৰ বাবে গুছি যোৱা।ৰণে লাহেকৈ ক'লে।

তগৰে ওৰনিখনৰ তলেৰে চকু দুটা চুই চালে, সেমেকিছে নেকি? তাইৰ চকুলোঁ।শুকান চকুৰ পাঁহি।শোকে খুন্দা মাৰি ধৰা বুকুখন হেঁচা মাৰি তাই ক'লে, --মই ঠিকেই আছোঁ।এই সময়ত এনেকুৱা হয়েই।

ৰণে কিবা এষাৰ ক'বলৈ লৈ ৰৈ দিলে।বৰমাকে আঁতৰৰ পৰাই সিহঁতে কি কথা পাতিছে কাণ উনাই আছে।সি বৰমাকক শুনাই টানকৈ ক'লে,--তামোল এখন দিব লাগে বুলি খবৰ নাই।কিহৰ বোৱাৰী।আজিৰ পৰা নাহোঁ তোমালোকৰ ঘৰলৈ।
এইবাৰ লাহেকৈ তগৰলৈ চাই ক'লে,-
তুমি ৰক্তহীনতাত ভুগিছা
তুমি শক্তিহীন হৈছা
পুষ্টিকৰ আহাৰ খাবা।
তেহে শক্তি পাবা। তাৰ কবিতা শেষ হ'বলৈ নাপালেই বৰমাকে মাত লগালে।কি কবিতা গাইছ।

নহয় অ'বৰমা বৌ ৰক্তহীনতাত ভুগিছে।দেখিছানে, বৌৰ চকু ,ভৰি নখ,হাতৰ নখ শেঁতা পৰি গৈছে।বৌক শক্তিদায়ক বস্তু খাবলৈ দিয়ক।

বৰমাক দাঙ খাই আহিল।ৰক্তহীনতা ,শক্তিহীনতা এইবোৰ বেমাৰ মই বুজি নেপাওঁ।এইবোৰ বেমাৰ মাকৰ ঘৰৰ পৰা আনিছে।আমাৰ বংশত নাই।

নহয় অ'বৰমা বৌ দুৰ্বল হৈছে।ভাল ফল-মূল, সেউজীয়া শাক - পাচলি গাখীৰ আদি খাবলৈ দিব।

ৰণৰ কথাত বৰমাকে মুখপাতি ধৰিলে, বৌৰ দিনতেই সকলো কথা শিকি থ' পাছত কামত আহিব।

সেই বুলিহে বৰমা।শিকি থৈছোঁ।আৰুনো কিমান দিন বাকী।

শাহুৱেকক ধেকধেকাই হঁহা দেখি, তগৰেও হাঁহিলে।

ৰণে কেঁৰাহীকৈ তগৰলৈ চালে। কেনে হ'ব পাৰে এই হাঁহিৰ ৰং । মৰা হাঁহিৰ ৰং ও ইমান উজ্বল হ'ব পাৰেনে?
খুৱাবা বৰমা মাকে খালেহে ল'ৰাই পাব।ৰণ গ'লগৈ।

শাহুৱেকে তগৰলৈ চাই ক'লে,-ডেকা ল'ৰা আহিলে ক'ব নোৱাৰা হৈ যাৱ, হাতৰ নখ, ভৰি নখ দেখুৱাব পৰা হ'লি।মোৰ বোৱাৰীক আনে চকু দিব পৰা হ'ল।

তগৰৰ ভৰি কঁপিছে ।এখোজ দুখোজকৈ তাই ভিতৰলৈ খোজ দিলে।দুৰ্বল দেহাটো তাই বিচনাখনত এৰি দিলে।চিঞৰি চিঞৰি কান্দিবলৈ মন গ'ল, যদিও নাকান্দিলে।শাহুৱেকৰ গালি শুনিলেও অলপ সময় ৰণৰ সান্নিধ্যত তাই মনটো অনামী সুখত নাচি উঠে।তাৰ অকণমান হেঁপাহত ঔ তাই জীয়াই থকাৰ প্ৰেৰণা পায়।

ৰামভাই বাৰীৰ পৰা পকা মধুৰী দুটামান তগৰলৈ বুলি বিচাৰি আনিছিল।বাৰে বাৰে বোৱাৰী বোৱাৰী বুলি মতাৰ পাছতো তগৰে নামাতিলে।
শাহৱেকৰ অদ্ভুত ব্যৱহাৰত তাইৰ মনটো দুখ লাগি আছে।

ৰামভাই মধুৰী কেইটা তাই ৰুমৰ দৰৰ্জাখনৰ ওচৰতে থৈ মাতষাৰ লগাই ,আঁতৰি আহিল।তগৰে কাপোৰ মেলা ৰচীডালত ৰামভাইৰ চকু গ'ল।উৱলি যোৱা পেটিকোট, য'তে-ততে ফিচিকি যোৱা পেন্টি।পুখুৰীৰ পাৰত বহি ৰামভাই আঠুদুটাৰ মাজত মূৰটো ভৰাই হুকহুকাই কান্দিবলৈ ধৰিলে।আকাশলৈ চাই ভগৱানক প্ৰাৰ্থনা কৰি ক'লে, হে ঈশ্বৰ এই নিঠৰুৱা ছোৱালীজনীক ৰাস্তা দেখুওৱা ।সকলোৰে মাজত থাকিও তাই বৰ অকলশৰীয়া প্ৰভু।চকু দুটা মোহাৰি ৰামভাই ম'হৰ খুটিত থাকি লোৱা তগৰৰ শহুৱেকৰ ওচৰলৈ ঢাপলি মেলিলে।

আগলৈ,,,,,,,,।

✍️বিটুমনি ভূঞা কোছ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)