- ১২৯০ - চীনত হোৱা প্ৰবল ভূমিকম্পৰ ফলত এক লাখ লোকৰ মৃত্যু হয়।
- ১৭৬০ - মীৰজাফৰক গাদীচ্যুত কৰি মীৰকাচিম বংগৰ নৱাব হয়।
- ১৮২৫ - ইংলেণ্ডৰ ষ্টকটন আৰু ডাৰলিংটন চহৰৰ মাজত ভাপচালিত ইঞ্জিনে টনা পৃথিৱীৰ প্ৰথম যাত্ৰীবাহী আৰু মালবাহী ৰে'লগাড়ীৰ চলাচল আৰম্ভ হয়।
- ১৯৫৮ - ভাৰতৰ মিহিৰ সেনে ইংলিছ চেনেল সাঁতুৰি অতিক্ৰম কৰে। ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা তেৱেই প্ৰথম ভাৰতীয়।
- ১৯৯৬ - তালিবানৰ দ্বাৰা কাবুল দখল হৈছিল।
- ২০০৩ - প্ৰথম বাৰৰ বাবে বিশ্বত বিজ্ঞানীসকলৰ দ্বাৰা নিগনিৰ ক্ল’ন সম্পন্ন হয়।
- আজি বিশ্ব পৰ্যটন দিৱস।
Tags:
আজিৰ দিনটোৰ বিশেষত্ব