যদি আপোনাক সকলোৱে ভাল পায়- হেমেন হাজৰিকা

এগৰাকী মহান শিক্ষাবিদে কৈছিল --- যদি আপোনাক সকলোৱে ভাল পায় তেন্তে জানিব কৰ'বাত নিশ্চয় কিবা এটা ভুল হৈছে | তাৰ বাবে অতি সোনকালে এজন শত্ৰু বাচি উলিৱাওক | কথাষাৰ উলাই কৰিব নোৱাৰি | যদি এজন মানুহক কোনোৱে বেয়া নাপায় এনে কথা বাৰু হ'ব পাৰেনে ? এজন মানুহ , মাত্র এজন , যিয়ে তেওঁক বেয়া পায় | এজন মানুহক কোনে বেয়া পায় ? তেওঁ নিশ্চয় শত্ৰু হ'ব লাগিব | সেই শত্রুজন জ্ঞানী হ'লে ভাল | এজন জ্ঞানী শত্ৰু | কাৰণ মূৰ্খ বন্ধুতকৈ জ্ঞানী শত্রুজনক শ্রেষ্ঠ বুলি মান্যতা দিব পাৰি |

      মোৰ এনে কি গুণ আছে যিয়ে মোক সকলোৰে ওচৰ চপাই নিছে | মোক সকলোৱে ভাল পাবলৈ আৰম্ভ কৰিছে | মোক বেয়া পোৱা মানুহ এজনো নাইনে ? তেতিয়াহ'লে ক'তো একো ভুল হোৱা নাইতো ? তেওঁলোকে মোক নিঃস্বাৰ্থ ভাবে ভাল পাইনে ? নে কিবা স্বাৰ্থত | তাক মই বিচাৰি উলিয়াব লাগিব | অনুসন্ধান কৰিব লাগিব | মই যি কৰি আছোঁ সেইবোৰ বাৰু তেওঁলোকেও কৰি আছে নেকি ? যাৰবাবে তেওঁলোকে মোক ভাল পাইছে | তেওঁলোকে বাৰু মোৰ ভাল গুণবোৰ আলোচনা কৰি থাকে নেকি ? তেওঁলোকে নিশ্চয় হীনমন্যতাত ভোগা নাই নিশ্চয় , নহ'লে মোক ভাল পাব নোৱাৰিলেহেঁতেন | গতিকে এই সকলোবোৰ কথা ভাবি চাব লাগিব | ক'তো একো ভুল হ'বলৈ দিব নোৱাৰি | ভুল হৈ থাকিলে কথাটো বেয়া নহ'ব জানোঁ ?

       যেতিয়াই মই গম পাম যে মোক কোনোবাই বেয়া পাবলৈ আৰম্ভ কৰিছে তেতিয়া মই নিজকে নতুনকৈ আৱিস্কাৰ কৰিব পাৰিম | মই বেছি সাৱধান হ'ব পাৰিম | কিবা এটা কৰাৰ আগতে আকৌ এবাৰ ভাবিবলৈ আৰম্ভ কৰিম তেতিয়া সেই কামটো আৰু অধিক নিয়াৰি হ'ব , ভাল হ'ব | সেই ফলাফলটো চাই মোক বেয়া পোৱা মানুহজনেও সমৰ্থন কৰিব |

     কিন্তু যেতিয়া সকলোৱে মোক ভাল পাই থাকিব তেতিয়া মই আগুৱাব নোৱাৰিম | মই স্থৱিৰ হৈ যাম মোৰ ঠাইত | মোক ভালপোৱা মানুহবোৰে মোক অন্ধভাৱে সমৰ্থন কৰি যাব , তেওঁলোকে ভাবিব মই বেয়া পাম , মই তেওঁলোকক বেয়া পোৱাটো তেওঁলোকে নিবিচাৰে | তেতিয়া বাৰু কি হ'ব ? মোৰ অনিৰুদ্ধ গতি অব্যাহত ৰাখিবলৈ মোক লাগে মাত্র এজন বেয়া মানুহ | যিয়ে মোক ৰাস্তাত পিছল নোখোৱাকৈ সঠিক পথত ৰাখিব | মোক সতৰ্ক হৈ থাকিবলৈ বাধ্য কৰাব | মোক বেয়া পোৱা মানুহজনক মই বেয়া পাব নালাগিব | মই তেওঁক ভাল পাব লাগিব | তেওঁ জানিব নালাগিব যে ময়ো তেওঁক বেয়া নাপাওঁ | কিন্তু দেখুৱাব লাগিব বেয়া পোৱাটো | তেতিয়া তেওঁ কঠোৰ হ'ব মোক সঠিক পথত ৰাখিবলৈ | জীৱন পথত চলাটো সঁচাকৈয়ে কঠিন হৈ পৰিছে | গাৰ নোমদালেই শতৰু সদৃশ হৈ পৰিছে | কোনে কি ভাৱ লৈ আপোনাৰ কাষত মোৰ কাষত ঠিয় হৈ আছে বুজি পাবলৈ কঠিন হৈ পৰিছে | 

      বাঘনখ পিন্ধি ঘুৰি ফুৰিছে মানুহ সোঁৱে - বাঁৱে | কেতিয়া বুকু ফুটাই দিয়ে তাৰো ঠিক নোহোৱা হৈছে | হায় মানৱ আৰু মানৱতা | মানুহেই দেৱ, মানুহেই সেৱ , পাদ্য অৰ্ঘ লৈ এইবোৰ কথা এতিয়া আওৰাবলৈহে সহজ , বাস্তৱত পাবলৈ নাই | তথাপি মানুহে মানুহক ভাল পায় , ভাল পাব লাগিব | কাৰণ মানুহ মানুহৰ বাবে | মানুহ আনৰ বাবে হ'ব নোৱাৰে | ভাল কামত আমি উৎসাহ , প্রেৰণা যোগাব লাগিব , দুগুণ ভাল কাম কৰিবৰ বাবে | নহ'লে আমি আৰু ভাল কাম দেখা নাপাম | তাৰবাবে সতীৰ্থ সকল আপোনাক সমালেচনা কৰা মানুহজনক বিচাৰি উলিয়াওক | যি সমালোচনাই আপোনাক কমাৰশালৰ পৰা তীখা কৰি উলিয়াই আনিব | আপুনি তীখা হৈ উজ্বলি উঠিব | তেতিয়া আপোনাক ভালপোৱা মানুহবোৰে আৰু অধিক ভাল পোৱা হ'ব | তেতিয়াও আপুনি আপোনাক বেয়া পোৱা মানুহজনক আপুনি পাহৰি নাযাব | কাৰণ সেই মানুহজনৰ কাৰণেহে আপুনি জিলিকি উঠিছে |

     ✍️কাব্যশ্রী হেমেন হাজৰিকা মিৰ্জা

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send