জ্বলি থকা জুইকুৰা
চৌকাত থুপাই থৈ
ব চুঙাৰে ফুৱাই
আকৌ জ্বলাই তুলিবলৈ
শুকান খৰি নাজাপিবা
ৰʼদত গাটো তিয়াই লৈ
পোহৰৰ প্ৰাৰ্থনাত বহি
বাৰে বাৰে মগ্ন হৈছা
বাঢ়ি অহা নদীৰ সোঁতত
সোণালী ফিছাৰ মাছ পুহিবলৈ
জুইকুৰা নুনুমাই
সাময়িক ভাৱে লেতু সেতু হৈ
সোমাই থাকে
জাপি দিয়া খৰিৰ ছবি আঁকি ।
✍️বাণীকান্ত লহকৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ