এয়াই জীৱন-সবিতা বেগম

পংখী মৰাণ
0
    দৰ্জাখন খুলি ওলাই আহিল এজন ধুনীয়া যুৱক, মই নম্ৰভাৱে সুধিলোঁ --'অ -নি-মা আছে নেকি ? এইটো ঘৰৰ ঠিকনা অনিমাই মোক দিছিল ? যুৱকজনে নম্ৰ ভাৱে ক'লে -- ' আহক', ভিতৰলৈ সোমাই আহক । যুৱকজনে সুন্দৰ আহ্বানেৰে মোক বহিবলৈ দি ভিতৰলৈ সোমাই গ'ল। 
বহুত সময় পাৰ হৈ গ'ল কোনো খবৰ নাই , অনিমাৰ ফোনটো নালাগে , চিন্তাত কিবা এটা ভাল লগা নাই। নানা ভাবনা!! যুৱকজন কোন ? মোক এৰি থৈ ক'ত গ'ল? অনিমাৰ ফোনটো কিয় বন্ধ ???? ল'ৰা জন অনিমাৰ ভালপোৱা ল'ৰা নাইবা স্বামী নহয়তো ??? 
           প্ৰায় দুই বছৰ ধৰি ৰাহুল আৰু অনিমাৰ প্ৰেম। প্ৰথমে অনুষ্ঠান এটাত দেখা হৈছিল । এতিয়া অনলাইনত ভাল চিনাকি , দুয়ো দুয়োকে বহুত পছন্দ কৰে এদিন ৰাহুলে প্ৰেমৰ প্ৰস্তাৱ দিলে অনিমাক , নি:সন্দেহে মানি ল'লে অনিমাইও , ৰাহুলে চৰকাৰী স্কুল এখনত কাম কৰে , দেখাতো ধুনীয়া , স্বভাৱ - চৰিত্ৰও ভাল। লাহে লাহে দুয়োৰে মাজত বহুত ভাল । 
           অনিমাই সৰুতেই গাড়ী দুৰ্ঘটনাত মাক দেউতাকক হেৰুৱায়। অকলশৰীয়া ছোৱালী; বহুত কষ্টৰে ডাঙৰ দীঘল হৈছে অনিমা , এইবাৰ ৰাহুলৰ প্ৰেমত জীয়াই থকাৰ ধুনীয়া ধুনীয়া সপোন দেখিছে অনিমাই, কোনোমতে টিউচন কৰি দিন অতিবাহিত কৰা অনিমা আজি ৰাহুলৰ প্ৰেমত আপোন পাহৰা । দুয়ো লগ ধৰিব পৰহি দিনা । লগ ধৰিয়েই আলোচনা কৰিব বিয়াৰ কথা। সহস্ৰাধিক সপোন দুয়োৰে চকুত। ঘৰৰ ঠিকনা দিলে অনিমাই। ৰাহুলেও সপোনৰ বোজা মূৰত লৈ লগ ধৰিব আহিল অনিমাক। অনিমাও আনন্দত দিশহাৰা , অনিমায়ো ৰাহুলক খুবেই ভাল পায় আৰু বিশ্বাস কৰে। 
         পুৱা গা-পা ধুই ৰাহুলক লগ ধৰিবলৈ আগুৱাই যায় অনিমা , বিধিৰ বিধান!!গাড়ী দুৰ্ঘটনাত বহুত আঘাত প্ৰাপ্ত হৈ অচেতন হৈ যায় অনিমা । ৰাহুলে অনিমাৰ ঠিকনাত আহি অনিমাৰ কথা সোধাত ল'ৰাটোৱে মিচিকিয়া হাঁহি এটা মাৰি কয় অ-নি-মা ...! অনিমা নামৰ ছোৱালীজনীকতো মই চিনি নাপাওঁ । ৰাহুলে অনিমাৰ কেইবাখনো ফটো উলিয়াই দেখুৱালে কিন্তু মানুহজনে চিনি নাপালে।;শেষত ৰাহুলৰ অনুৰোধত মানুহজনে ক'লে আমি সপৰিয়ালে আজি ইয়ালৈ আহিছো। আকাশ ভাঙি পৰিল মূৰত।।বহুতকেইখন ফটো দেখুৱাই সুধিলে কোনেও ক'ব নোৱাৰিলে অনিমাৰ খবৰ , দু:খ বেজাৰত উপায়হীন হৈ ঘৰলৈ উভতি গ'ল ৰাহুল।অপেক্ষাত থাকিল কেইবা মাহ কিন্তু অনিমাৰ কোনো খবৰ নাহিল।শেষত;বাৰুকৈয়ে মিছলীয়া - প্ৰতাৰক বুলি দোষী সাব্যস্ত কৰিলে অনিমাক।
      পাৰ হৈ গ'ল কেইবাটাও বসন্ত , ঘৰৰ পছন্দ অনুসৰি বিয়া পাতিলে ৰাহুলে , ৰাহুল এতিয়া সাংসাৰিক , দুজনী ছোৱালীৰ বাপেক। স-পৰিয়ালে বিদেশত ফুৰিবলৈ ওলাল ৰাহুলহঁত । ভালেই গ'ল কেইবাটাও দিন , এদিন গাড়ী এখন লৈ ফুৰিব ওলাল পাহাৰ চাবলৈ , কাল চক্ৰৰ কৱলত পৰি ব্ৰেকফেইল হৈ দুৰ্ঘটনা ঘটিল গাড়ীখনৰ আৰু লগে লগে সু-উচ্চৰ পৰা বাগৰি পৰিল তললৈ , গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হ'ল আটাইয়ে। ওচৰৰ মানুহ বিলাকে ভৰ্তি কৰালে হাস্পতালত । হাস্পতাল নাপাওঁতেই মৃত্যুৰ কোলাত ঢলি পৰিল ৰাহুলৰ সৰু ছোৱালী কল্যাণী । কেইদিনমান পাছত অলপ সুস্থ হ'ল ৰাহুল আৰু ডাঙৰ ছোৱালী কাঞ্চনা । প্ৰায় দহদিন পাৰ হ'ল..অলপ সুস্থ হ'ল ৰাহুলৰ পত্নী কল্পনা। কল্পনাই সুস্থ হৈয়ে সুধিলে কাঞ্চনা আৰু কল্যাণীৰ কথা , ৰাহুল মৌন!!..... কল্পনাৰ আহ্বানত হুকহুকাই কান্দি-কান্দি, ভঙা-ভঙা মাতেৰে ক'লে আমাৰ কল্যাণী আৰু নাই। কথাষাৰ শুনি কল্পনা অলপ পিছতেই ঢলি পৰিল, হাহাকাৰ লাগি গ'ল জীৱনত। মাত বোল বন্ধ হৈ গ'ল কল্পনাৰ । বেডত তুলি ডাক্তৰক মাতিবলৈ যোৱাত হঠাৎ দেখা পালে অতীতত হেৰুৱা প্ৰেমিকা অনিমাক , একো নকʼলে অনিমাক, অবাক হৈ চাই থাকিল ৰাহুলে , কথা বতৰা নহ'ল দুয়োৰে মাজত , চিকিৎসাধীন হৈ থাকিল দিনৰ পিছত দিন আৰু মাহৰ পিছত মাহ । শেষত ডাক্তৰৰ কথামতে জানিব পৰা গ'ল কল্পনাই আগৰ দৰে আৰু কথা ক'ব নোৱাৰিব , আৰু কোনোদিনে খোজকাঢ়িবও নোৱাৰিব। কথাষাৰ শুনি ৰাহুলৰ দুগালেদি চকুলো বৈ আহিল , ভাঙি পৰিল একেবাৰে । ইফালে হাস্পতালৰ বিল উঠিল বহুত টকা। চিন্তাগ্ৰস্ত হৈ পৰিল ৰাহুল । উপায়হীন হৈ লগ ধৰিব ওলাল হাস্পতালৰ মালিকক । বহুত কষ্ট কৰি মালিকৰ ঠিকনা পাই দেখা পালে মালিকৰ ঠাইত বহি আছে অনিমা । ৰাহুলৰ কষ্টমুৱা মুখনি দেখি অনিমাই ৰাহুলক সুধিলে-- কি হ'ল আপোনাৰ? কিবা ক'ব নেকি??. ৰাহুলে অলপ সকাহ পালে।ৰাহুলে আগ্ৰহেৰে ক'লে -- 'অনিমা মই ৰাহুল , তুমি মোক চিনি পাইছানে?' মই তোমাৰ অতীতৰ প্ৰেমিক ৰাহুল , মই তোমাক লগ ধৰিব গৈছিলো‌ঁ বহুত বিচাৰিছিলোঁ কিন্তু তোমাৰ খবৰ কʼতো পোৱা নাছিলো জানা , 'তোমাক বহুত বিচাৰিছিলোঁ ' কৈ উঠি ৰাহুলে হুকহুকাই কান্দিব ধৰিলে .... সকলো কথা শেষ নোহোৱাতেই অনিমাই ক'লে' ছাৰ , আপুনি ক'ৰবাত ভুল কৰি আছে মই অনিমা নহয় মই মিনাক্ষী।' ... যিয়েই নহওঁক আপোনাৰ আচল কথাটো কওঁক। তেতিয়া ৰাহুলে উচুপি উচুপি কান্দি কান্দি সকলো কথা ক'লে ...কথা খিনি শুনি অনিমা অৰ্থাৎ মিনাক্ষীয়ে ক'লে-- 'টকাৰ ব্যৱস্থা হৈ যাব চিন্তা কৰিব নালাগে , আপুনি আপোনাৰ মিছেছক ঘৰলৈ লৈ যাব পাৰে ' । টকা খিনি মাফ কৰি দিলে , তাৰ পৰা তেওঁ আঁতৰি গ'ল ।  
        ৰাহুলে খবৰ লগালে মিনাক্ষীৰ বিষয়ে জানিবলৈ , এই অনিমা ৰূপৰ মিনাক্ষীজনী কোন ? পাৰ হৈ গ'ল কেইবাদিনো। মিনাক্ষীৰ আশে-পাশে থকা বৃদ্ধ মহিলা এগৰাকীৰ লগত অলপ ধুনীয়া কৈ কথা পাতি বিষয়টোৰ মূল কাহিনী কি জানিব বিচাৰিলে , প্ৰথমে ক'বলৈ ইচ্ছুক নাছিল যদিও বহুত কাকূতি-মিনতি কৰাত বৃদ্ধাগৰাকীয়ে ক'ব ধৰিলে- মই জনামতে তাইৰ নাম মিনাক্ষী , আজিৰ পৰা প্ৰায় আঠবছৰ আগতে ৰাস্তাৰ কাষত গাড়ী দুৰ্ঘটনাত হাস্পতালত ভৰ্তি কৰোৱা হয় , বহুত দিন পিছত চেতনা ঘূৰাই পায় যদিও , নিজৰ নাম ঠিকনা সকলো পাহৰি যায় , নিবলৈ মানুহো নাহিল ঘৰৰপৰা শেষত; উপায়হীন হৈ সন্তানহীনা মহান হাস্পতালৰ মালিকে নিজৰ ছোৱালী হিচাপে লৈ যায় নিজৰ ঘৰত । ভালেকৈয়ে গ'ল কেইবা বছৰ কিন্তু মনত পেলাব নোৱাৰিলে নিজৰ পৰিচয় । আজি প্ৰায় দুই বছৰ হ'ল হাস্পতালৰ মালিকৰ ঘৈনীয়েক মালাৰ হঠাৎ দুদিন প্ৰচণ্ড জ্বৰ , জ্বৰ মূৰত উঠি হঠাৎ ঢলি পৰিল মৃত্যু মূখত ...!!! বাৰুকৈ দুখে বেজাৰে দুৰ্বল আৰু অসহায় হৈ পৰিল মালিক আৰু মিনাক্ষী । কেইবা বছৰ ধৰি মিনাক্ষীক বিয়া দিব বিচাৰে দেউতাক অৰ্থাৎ হাস্পতালৰ মালিকে , মান্তি নোহোৱাতেই হেৰাই গ'ল পালনীয় মাক । আজি প্ৰায় এবছৰ ধৰি উঠি পৰি লাগিছে ছোৱালী মিনাক্ষীক বিয়া দিবলৈ কিন্তু দেউতাকক অকলশৰীয়া কৰি এৰি থৈ বিয়াত বহিবলৈ মান্তি নহ'ল মিনাক্ষী । তথাপি শেষত দেউতাকৰ বুজনিত মান্তি হ'ল মিনাক্ষী , বজাৰ আৰু আয়োজন প্ৰায় শেষ। মেডিকেলৰ ভিতৰৰ কোঠা এটাত কেইজন মান মানুহক ফুচফুচাই কথা পতা দেখা পালে মিনাক্ষীয়ে ,হঠাৎ মিনাক্ষীক দেখা পাই কথা কোৱা বন্ধ কৰি দিলে মানুহবিলাকে । চকু কাণ খোলা ৰাখি চিন্তা কৰিব ধৰিলে মিনাক্ষীয়ে , আকৌ তৃতীয় দিনা বহুত ৰাতি পিছে পিছে খবৰ লগাই শুনিব পাৰিলে যে মিনাক্ষীক বিয়া পাতিব বিচৰা ল'ৰা আৰু ল'ৰাৰ দেউতাক জন বহুত লোভী আৰু স্বাৰ্থপৰ , মিনাক্ষীক বিয়া পতাৰ পাছত সকলো সম্পত্তি সিহঁতৰ নিজৰ নামত কৰি ল'ব। কথা খিনি শুনি মিনাক্ষীয়ে দেউতাকক আহি জনাই দিলেহি, দেউতাকে সিদ্ধান্ত লʼলে সিহঁতৰ ঘৰত ছোৱালীক বিয়া নিদিয়ে বুলি , কিন্তু মান্তি নহ'ল সিহঁত বহুত বিশৃঙ্খল আৰু অশান্তিৰ সৃষ্টি কৰি নিৰুদ্দেশ কৰি পেলালে দেউতাক অৰ্থাৎ হাস্পতালৰ মালিকক , ছয় মাহ পাৰ হৈ গ'ল পুলিচ, চি. আই. ডি. য়েও দিব নোৱাৰিলে কোনো খবৰ , গোটেই হাস্পতালখন ৰৈ আছে মালিকৰ অপেক্ষাত ....। হয়, অপৰাধী আইনৰ হাতত বিচাৰকাৰ্য চলি আছে আজিও। উচিত বিচাৰ পাব বুলি আমি সকলোৱে আশাবাদী আৰু আমাৰ মহান মালিকজনো এদিন উভতি আহিবই আহিব বুলি আমিও অপেক্ষাত ...... ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)