নীলা খামৰ চিঠি- সংগীতা ডেকা

©Admin
0

মোৰ আদৰৰ মেম,

                 মোৰ হিয়াৰ নিভৃত কোণৰ পৰা আপোনালৈ নিবেদিছোঁ অলেখ অযুত মৰম আৰু শ্ৰদ্ধা । এই ডিজিটেল যুগত আপোনালৈ চিঠি এখন লিখিলোঁ মৰমেৰে । যান্ত্ৰিকতাই আমুৱাইছে মেম মোক । সেই বাবেই চিঠিৰ আশ্ৰয় ল'লোঁ । চিঠিত যেন মোৰ দেশৰ মাটিৰ সুৱাস বিচাৰি পাওঁ তেনেকুৱা লাগে । আপোনাৰ কথা প্ৰতিদিনেই মনলৈ আহে । মনত নেপেলাওঁ আপোনাক । কিয়নো তাৰ বাবে আপোনাক পাহৰিব লাগিব । কিন্তু সেয়া জানো সম্ভৱ ? নিজৰ জীৱনকালত নিজৰ উশাহবোৰক ত্যাগোঁ নো কেনেকৈ ? আজি শিক্ষক দিৱসৰ দিনা নষ্টালজিক হৈ পৰিছোঁ বিদ্যালয়ৰ প্ৰতিটো মুহূৰ্তৰ স্মৃতিৰে । আপোনাৰ সঁহাৰি, সাহস, মৰম, প্ৰেৰণা, উৎসাহ, সহায়, আপোনাৰ উৎসাহজনক প্ৰতিটো শব্দই আজি দোলা দিছেহি মোৰ মানসপটত । "তুমি জীৱনত কি কৰিবা হা"... সেই শব্দবোৰে আহি আঘাত দিয়া ঘাঁ টুকুৰাত যে আপুনি মৰমেৰে মলম দিছিল নিজৰ মৰম সনা শব্দবোৰেৰে..! আজিও সেমেকি তোলে চকুহাল । ভাবো..! কিমান যে পাৰ্থক্য আছে ন শব্দবোৰৰ মাজত...! কিছুমান অমৃত আৰু আন কিছুমান গৰল । কিন্তু আপোনাৰ অমৃতময় বাক্যবোৰে মোৰ জীৱন গঢ়িলে । আৰু আজি বৈবাহিক জীৱনত ব্যস্ত পলবোৰেও  মোক আপোনাৰ চিন্তনৰ পৰা আঁতৰাই আনিব পৰা নাই । আৱেগিক হৈ পৰা মইজনীয়ে চাগে আপোনাকো আৱেগিক কৰি তুলিলো নহয় নে মেম ? মেম আপোনাৰ মাজত যে মই এগৰাকী মা, শিক্ষয়িত্ৰী, বান্ধৱীক বিচাৰি পাওঁ। সেইবাবে মনৰ বন্ধ কোঠালিবোৰ খুলি দিওঁ । আপুনি চাগে আজি খুব ব্যস্ত। গতিকে চিঠিখন বেছি দীঘলীয়া নকৰোঁ । শেষত শিক্ষক দিৱসৰ শুভেচ্ছাৰে আপোনালৈ সেৱা জনালোঁ দূৰৰ পৰাই, শব্দেৰে আপোনাৰ চৰণ স্পৰ্শ কৰি 🙏...
                                                                         ইতি
                                                                                                                                 আপোনাৰ প্ৰিয় ছাত্ৰী
                                                                                                                                                                                                     কাব্যা
স্থান - ৰঙিয়া
তাৰিখ - ০৫/০৯/২০২১
✍️সংগীতা মাইনা ডেকা (ৰঙিয়া)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)