একাঁজলী বিৰহ- (খণ্ড নং-১১)- বিটুমনি ভূঞা কোছ

©Admin
0
লাহে লাহে বাহিৰলৈ ওলাই আহ।চুলিকোচা ফণিয়াই দিওঁ।
শাহুয়েকৰ এয়া নতুনকৈ শুনি পোৱা মাতষাৰ ,তগৰে নিজৰ কাণকেই বিশ্বাস কৰিব পৰা নাই।

কি হ'ল বোৱাৰী, ৰৈ আছ কিয়?

 তাই  বাঘৰ মুখত পৰা হৰিণীৰ এযোৰ ভয়াৰ্ত চকুৰেহে যেন শাহুয়েকলৈ চালে।ক'ব নোৱাৰাকৈয়েই  তাই সজাগ হ'ল।ভয়ত বিব্ৰত তগৰৰ কঁপনি উঠিল।নিৰুপায় হৈ তগৰে এখোজ দুখোজকৈ শাহুয়েকৰ কাষলৈ আগবাঢ়িল।শাহুয়েকৰ আচৰণত তাই আজি অবাক হৈছে।

শাহুয়েকে লাহে লাহে তাই চুলি খিনি আচুৰি দিছে।তগৰৰ মনটো তিনি বছৰৰ আগলৈ ঘূৰি গ'ল। ন বোৱাৰী  হৈ এইখন ঘৰলৈ আহি খোপা বান্ধিব নজনা তগৰক শাহুয়েকে কোৱা কথাষাৰলৈ মনত পৰিল।খোপা বান্ধিব নজনা তগৰে আই মোৰ খোপাটো বান্ধি দিয়কচোন বুলি ক'বলৈ পালেহে, শাহুয়েকে ৰঙা চকু দেখুৱাই কৈছিল, তোৰ দেখিছোঁ বৰ সাহ।যা নিজে নিজেই বান্ধিব শিক।মাৰে খোপাটো বান্ধিবলৈ শিকাই পঠিয়াব নোৱাৰিলে।কথাই কথাই মতাৰ মূৰ চোবোৱা ফেটি সাপৰ লগত তুলনা কৰা তগৰক আজি ইমান স্নেহ। তগৰৰ নিজকে শাহুয়েকে কোৱাৰ দৰে সাপ যেন লাগিল।শাহুয়েকে যেন তাইক সুহুৰিয়াই সুহুৰিয়াই গাখীৰ খাবলৈ মাতিছে।তাৰ পিছত চন্দুকত ভৰাই থব।

তোৰ চুলিখিনি বৰ দীঘল অ'।তই লখিমী হব লাগিছিল।কিবা এষাৰ কবলৈ লৈ ৰৈ যোৱা শাহুয়েকে কি কব লৈছিল, তগৰৰ জনা আছে।সাপৰ দৰে বিষাক্ত তাইৰ শাহুয়েক।মৰমৰ আঁৰত কি ৰহস্য লুকাই আছে?সেই দিনা শাহুয়েকে তাইক এযোৰ বগা ৰঙৰ ফুল নথকা কাপোৰ বাকচৰ পৰা উলিয়াই  পিন্ধিবলৈ দিলে। বগা ৰং ভাল নোপোৱা তগৰৰ কপালত বগা ৰঙৰ কাপোৰ পিন্ধিবলৈহে ভগৱানে লিখিছিল।তাই মনটোৱে হাঁহাকাৰ কৰি উঠিল, এযোৰ ৰঙীন কাপোৰ পিন্ধি চোৱাৰ হেপাঁহত।তাই বাকচত থৈ দিয়া ৰঙীণ বুটা বচা কাপোৰ কেইযোৰ চুই চালে।ৰঙীন কাপোৰ এযোৰ পিন্ধি উকা কপালখনত যদি এটা ৰঙা সেন্দুৰৰ ফোঁট লব পৰা হ'লে।হঠাৎ মানুহজনৰ মৃত্যুত তাইৰ  কপালৰ ৰঙা ফোঁটটো গাওঁৰে কেইগৰাকীমান আদহীয়া মহিলাই মোহাৰি দি বিধৱা মহিলাই সমাজত কেনেকৈ থাকিব লাগে  সেই সংস্কাৰৰ পাঠ পঢ়াই থৈ গৈছিল।সেই তেতিয়াৰে পৰা তাই মূৰত থকা বগা মাৰ্বল যেন সেন্দুৰ লোৱা ঠাই ডোখৰৰ ওপৰেদি নিৰন্তৰে সমাজৰ সংস্কাৰবোৰে অহা যোৱা কৰি আছে।বাকচৰ ৰঙীন কাপোৰ বোৰেও যেন তাইক ভেঙুচালি কৰি হাঁহিবলৈ ধৰিলে।বাকচটো তাই বন্ধ কৰি দিলে।বাকচৰ ওপৰত সৰি পৰা তাইৰ চকুপানী টোপাল চাদৰৰ আচলেৰে মোহাৰি তাই আঁতৰি আহিল।

শাহুয়েকক ভগৱানে সুমতি দিছে।তগৰৰ খোৱা-বোৱাৰ যত্নই তাইক সুস্থ কৰি তুলিলে।তাই নেদেখা জনক মনে প্ৰানে প্ৰাৰ্থনা কৰিলে শাহুয়েক যেন সদায় এনেকুৱাই হৈ থাকে।সময়ে সময়ে ওজন বৃদ্ধি হৈছে নাই চাবলৈ অহা আশাকৰ্মী জনীয়ে তগৰৰ ওজন বৃদ্ধি হ'লেহে পেটত কেঁচুৱাৰ ওজন বাঢ়িব বুলি শাহুয়েকক ক'লে।এই সময়ছোৱাত কোনোপধ্যেই গৰ্ভৱতীগৰাকী লঘোনে থাকিব নালাগে।আইৰণ টেবলেট কেইটা তগৰৰ হাতত দি শাহুয়েকলৈ চাই কোৱা কথাবোৰ শাহুয়েকে মন দি শুনে।ঘৰখনলৈ নাতি আহিব, কথাষাৰ ভাবি শাহুয়েকৰ মন ভৰি পৰিল।

অংগনৱাদী কৰ্মী গৰাকীয়ে চৰকাৰে গৰ্ভৱতী লৈ আগবঢ়োৱা খাদ্য বস্তু কেন্দ্ৰৰ পৰা আনিবলৈ শাহুয়েকক মাতিবলৈ আহিল।

                  তগৰৰ শাহুয়েকে ৰণচণ্ডী ৰূপ ধাৰণ কৰি ক'লে, গাওঁৰ সকলো বোৱাৰীক ৫০০০/ কৈ টকা ভৰাই দিব পাৰ।মোৰ বোৱাৰীজনীকহে নোৱাৰ।অ'মোৰ বোৱাৰীৰ মতা নাই সেইবাবেই,,,,,,।
অংগনৱাদী কৰ্মী গৰাকীয়ে তগৰ আৰু শাহুয়েকক সকলো বুজাই দিলে, যে হয় ,চৰকাৰে আগবঢ়োৱা প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাৰ আঁচনিৰ জৰিয়তে গৰ্ভৱতী মহিলাক সু- স্বাদু খাদ্য খাবলৈ ৫০০০/হাজাৰ টকা দিছে।কিন্তু এই আঁচনিত অন্তৰ্ভুক্ত হবলৈ ,মহিলা গৰাকীৰ ১৮ বছৰ হব লাগিব।তেওঁৰ ভোটাৰ কাৰ্ড পাছবুকৰ নম্বৰ আৰু স্বাস্থ্য বিভাগে আগবঢ়োৱা টিকাকৰণৰ কাৰ্ড খন লাগিব।খুৰী আপোনাৰ বোৱাৰীৰ বয়স ১৮ বছৰ হ'লেহে ভোটাৰ তালিকাত নাম উঠাব পাৰিব।এইবোৰ কাৰণতেই তগৰ এই আঁচনিৰ পৰা বাদ পৰিল।

তগৰৰ শাহুয়েকে কথাবোৰ মানি ল'বলৈ টান পাই ভোৰভোৰাই ভিতৰলৈ সোমাই গ'ল।আগলৈ,,,,,।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)