ফুলশয্যাৰ নিশা-খণ্ড ১৫-তীৰ্থ পিন্টু বৰা

©Admin
0
...........ভবা মতে কামবোৰ হৈ উঠা নাই, নূপুৰ আৰু ঋত্বিকৰ মাজৰ সম্পৰ্কটো এতিয়াও বন্ধুত্ব সুলভ হৈয়ে আছে, কেনেকৈ খেলখন জয় হ'ব পৰা যাব...., আগফালৰ ফুলনিখনতে বহি ভোৰভোৰাই আছিল নীহাই....... কি হ'ল মাজনী...! কি ভোৰভোৰাই আছ....! পাছফালৰ পৰা মাত লগালে মৃণালিনীয়ে..
: ক'তা ..! মই দেখোন একো কোৱাই নাই মা.., জানো তুমি কি শুনিলা...
: বাৰু সেইবোৰ বাদ, ৰক্তিম ঘৰলৈ আহিছে নে  নাই সেই খবৰটো লব লাগিছিল..!
: তুমি চিন্তাই নকৰিবা....., নূপুৰলৈ ফোন কৰিলেই সকলো খবৰ পাই যাম...
: তেন্তে পলম কিয় কৰিছ.., ফোন কৰ নূপুৰলৈ...
: ok,

             নীহাই তৎক্ষনাত ফোন কৰিলে নূপুৰলৈ...
: হেল্ল ..! নূপুৰ..., মই নীহাই ক'লো,
: কি খবৰ বা...!
: মোৰ ভালেই, তোমালোকৰ....!
: সকলো ভালেই আছে.., 
: বিহুৰ বজাৰ কৰিলা নে নাই..., 
: কৰিলোঁ বা....., তুমি...?
: আমাৰ নো আৰু কি বিহু..., মায়ে যি দিয়ে সেয়াই হ'ব, তোমাৰহে ভাল, বিহুত দাদা আহিব , একমাত্ৰ ভনীজনীক মন পছন্দৰ উপহাৰ দিব....
: আহিব নহয়.., দাদা আজি ৰাতিপুৱা পালেহি...
: অ..! হয় নেকি..! 
: বিহু খাবলৈ আহিবা, বিয়াতটো নাহিলাই, গতিকে বিহু বুলিয়ে এপাক মাৰিবা।
 : নিশ্চয়.. ! নিশ্চয় যাম নূপুৰ....! ঘৰখনৰ সকলোলৈকে মোৰ তৰফৰ পৰা আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
: ধন্যবাদ বা, খুড়ী আৰু তোমাকো বিহুৰ ওলগ যাছিলোঁ, 
: ঠিক আছে নূপুৰ..., এতিয়া ৰাখিছোঁ..., 

               দেখিলা মা বলেৰে নোৱৰা কাম বুদ্ধিৰে কিদৰে কৰিলোঁ...., চিধাচিধিকৈ সুধিলে নূপুৰে সন্দেহ কৰিবও পাৰে...., সেয়ে আওপকীয়াকৈ কথাটো সুধিলোঁ..., আৰু কি জানা ! নূপুৰে মোক বিহু খাবলৈ মাতিছে..... নীহাই কলে..
: বাৰু হ'ব দে..., ইমানকৈ স্ফূৰ্তি কৰিবলৈ ৰণত জয় হোৱা নাই, ৰণখন এতিয়া আৰম্ভ হ'ব হে ..., গতিকে নিজকে যোদ্ধা হিচাপে প্ৰস্তুত কৰ...,
: মই যোদ্ধা হিচাপে সাজু হৈয়ে আছো, কিন্তু তুমিও সেনাপতিৰ দৰে মোক মাজে মাজে সু দিহা পৰামৰ্শ আগবঢ়াই থাকিবা...
: সেনাপতিৰ দৰে নহয়, যোদ্ধাৰ দৰেই ময়ো যুজঁ কৰিম....., অৱশ্যে মোৰ যুদ্ধত ৰথৰ সাৰথি তই আৰু তোৰ যুদ্ধত ৰথৰ সাৰথি ঋত্বিক আৰু নূপুৰ..., প্ৰতিশোধ ...! ঘোৰ প্ৰতিশোধ.... হা:...., হা:..., ব্যঙ্গ হাঁহি মাৰি মৃণালিনী ঘৰৰ ভিতৰলৈ সোমাই গল..... গৰু বিহু দিনাই মই ৰক্তিমৰ ঘৰলৈ যাম..., আৰু সকলোৱে সমুখত মোৰ ৰিপৰ্টটো দেখুৱাই দিম.., তেতিয়া ৰক্তিম আৰু মনাৰ মাজত এখন শীতল যুদ্ধ আৰম্ভ হ'ব..., সম্পৰ্কত আউল লাগিব..., আইডিয়াটো অৱশ্যে বৰ বেয়া নহ'ব..., ঋত্বিকক লগত লৈ গলে খেলখন আৰু জমিব নেকি....! নাই ঋত্বিকক নিব নোৱাৰি..., তাক লগত নিলে সকলো প্লেন বৰবাদ হৈ যাব... মনে মনে নীহাই কথাবোৰ ভাবিলে.... ৰক্তিম আৰু নীহাৰ মাজত কেনেকৈ সংঘাত সৃষ্টি কৰিব পাৰি সেই চিন্তাই নীহাক খুলি খুলি খাবলৈ ধৰিলে...., বহুবাৰ চিন্তা কৰাৰ পাছত নীহাই ৰক্তিমলৈ ফোন কৰাৰ সিদ্ধান্ত ল'লে... আৰু ৰক্তিমলৈ ফোন লগালে...., দুবাৰমান ফোনটো বাজি বাজি কাট খাই গৈছিল..., নীহাই হাৰমনা ছোৱালী নহয়... তাই আকৌ ফোন লগালে...., তিনি চাৰি দিন একেৰাহে ৰে'লত অহাৰ বাবে ৰক্তিমৰ খুব ভাগৰ লাগিছিল... সেয়ে তাৰ গভীৰ টোপনি আহিল..., বাৰে বাৰে ফোনটো বাজি থকা শুনি মনালিছাই ফোনটো ৰিচিভ কৰিলে.... হেল্ল...., মই নীহাই কৈছোঁ...
: কোন নীহা...! কাক বিচাৰিছে...
: এইটো ৰক্তিম দুৱৰাৰ নাম্বাৰ নহয় জানো...!
: হয়..., ৰক্তিম দুৱৰাৰ নাম্বাৰ , মই ৰক্তিমৰ পৰিবাৰ মনালিছা...., 
: অ...! মনালিছা..., বৰ সুন্দৰ নাম, 
: ধন্যবাদ, কিন্তু আপুনি কিয় ফোন কৰিছিল ৰক্তিমলৈ..., 
: সি মোৰ ভাল  বন্ধু..., মাজে মাজে মই তাৰ ভাল বেয়া খবৰ লওঁ.., 
: বন্ধু ....! নে অন্য কিবা সম্পৰ্ক আছে..., আপুনি জানেনে ৰক্তিম দুৱৰা বিবাহিত পুৰুষ...
: জানো..., সেয়ে ফোন কৰোঁ... 
: চি:... বৰ নিৰ্লজ্জ মহিলা আপুনি, বিবাহিত বুলি জানিও ৰক্তিমৰ লগত কথা পাতে... !, মই আপোনাক প্ৰথম আৰু শেষ বাৰ কৈছোঁ.. , এনেকৈ ফোন কৰি ৰক্তিমৰ মূৰ গৰম কৰিবলৈ চেষ্টা নকৰিব..., 
: মই ৰক্তিমলৈ ফোন কৰিয়ে থাকিম... , কি কৰিব আপুনি..., মোক মাৰি পেলাব...., প্লীজ ....!  মোক নামাৰিব...., জীয়াই থাকিবলৈ দিয়ক....! ব্যঙ্গাত্মক ভাবে হাঁহিলে নীহাই ..
: মই ইচ্ছা কৰিলে আপোনাক জেললৈও পঠাব পাৰোঁ..., আপুনি কি কি কথা কৈছে মই সকলো ৰেকৰ্ড কৰি থৈচো..., আৰু আপুনি যে ৰক্তিমৰ বন্ধু নহয় , এলাগী মদাৰ সেই কথা মই ভালকৈয়ে জানো... ৰক্তিমে অতীতৰ সকলো কথা মোক কলে.....
: ৰক্তিমে চাগৈ আৰু এটা কথা নিশ্চয় লুকুৱাই ৰখা নাই....,
: কি কথা, ৰক্তিমে সকলো কথা মোক খোলাখুলিকৈ কয়..
: তেন্তে শুনা.. , আৰু কিছুদিনৰ পাছত ৰক্তিম দেউতাক হব মোৰ সন্তানৰ....
: সেয়া যে ৰক্তিমৰেই সন্তান তাৰ কি প্ৰমাণ আছে ...
: প্ৰমাণ লাগে ...! ৰক্তিমৰ সৈতে হোটেলৰ কোঠাত কটোৱা মাতাল নিশাৰ ফটো লাগে নেকি .....! তাতকৈ আৰু উপযুক্ত প্ৰমাণ কি হ'ব পাৰে.... ফোনটো কাটি হুকহুকাই কান্দিলে মনাই.... হে ভগৱান এইবোৰ মই কি শুনিলোঁ আজি...., এইবোৰ শুনাৰ আগত মই মৰি যোৱাই ভাল আছিল, কেনেবাকৈ কথাবোৰ ঘৰত গম পালে বৰ ডাঙৰ কথা হ'ব..., মনাৰ কান্দোন শুনি ৰক্তিম টোপনিৰ পৰা সাৰ পাই গৈছিল..... কি হ'ল মনা..! কিয় কান্দিছা...! দেউতাৰ কিবা হ'ল নেকি...!
: ঠগ....! প্ৰবঞ্চক.....! নিলাজ....! নামাতিবা মোক মনা বুলি....... কান্দি কান্দি মনাই কথাবোৰ ক'লে..
: মুখ চম্ভালি কথা কবা....
: নিচিঞৰিবা...., চিঞৰিলে ঘৰতেই তুমি মুখ উলিয়াব নোৱাৰা হ'বা... ঘোৰ টোপনিত থকা জনক জগাবলৈ সহজ কিন্তু টোপনিৰ ভাও ধৰাজনক জগোৱাটো অসম্ভৱ...
: তুমি কথাবোৰ খুলি কোৱা মনা, মই একো বুজি পোৱা নাই....,
: নীহাই ফোন কৰিছিল, তুমি কৈছিলা বিয়াৰ আগতেই নীহাৰ লগত তোমাৰ সম্পৰ্ক শেষ..., সম্পৰ্ক শেষ হোৱাৰ পিছত তোমাক কিয় বাৰে বাৰে ফোন কৰে....! আৰু কি জানা ...! দুই এদিনতে তুমি নীহাৰ সন্তানৰ দেউতাক হ'বা....
: মিছাকথা.... এই সকলোবোৰ মিছা কথা , নীহাই মোৰ সুখ দেখি জ্বলিছে, সেয়ে সুখৰ সংসাৰখন ভাঙিবলৈ এইবোৰ চক্ৰান্ত কৰিছে....
: কোন সঁচা, কোন মিছা এতিয়াই প্ৰমাণ ওলাব, তুমি নীহালৈ ফোন লগোৱা.... আৰু স্পীকাৰ অন কৰা...

         মনাৰ কথাবোৰ শুনি ৰক্তিমৰ খং উঠিছিল সেয়ে নিজকে নিৰ্দোষী প্ৰমাণ কৰিবলৈ নীহালৈ ফোন লগালে....
: হেল্ল...! ৰক্তিম কোৱা...., টোপনি পূৰ হ'ল নে.. 
: তুমি মনাক কিয় মিছা কথাবোৰ কৈ আমাৰ সংসাৰত জুই লগাব বিছাৰিছা?
: মিছা মই কোৱা নাই ৰক্তিম.. যিটো সত্য সেইটোৱেই মই কৈছোঁ, তুমি কিয় মানি ল'বলৈ টান পাইছা মোৰ গৰ্ভত থকা সন্তানটি তোমাৰ বুলি....
: সেই সন্তানটো যে মোৰ তাৰ কি প্ৰমাণ আছে তোমাৰ...
: প্ৰমাণ লাগে...! তুমি কিয় পাহৰি গ'লা ৰক্তিম, সুৰাৰ ৰাগীত মতলীয়া হৈ ড'না হোটেলত মোৰ সৈতে কটোৱা সেই ভয়ংকৰ নিশাটোৰ কথা...., সুৰাৰ ৰাগীত তুমি মতলীয়া হৈ হিংস্ৰ জন্তুৰ দৰে মোৰ ওপৰত জপিয়াই পৰিছিলা..., ভোমোৰাই ফুলৰ মৌ শোহাৰ দৰে মোৰ দেহৰ সোৱাদ লৈ তুমি আঁতৰহৈ গ'লা, সেই বিশেষ মুহূৰ্তৰ কিছুমান ফটো মোৰ লগত আছে, ইচ্ছা কৰিলে মই তোমাক ফটোবোৰ চাবলৈ দিব পাৰোঁ.... বুলি কৈ নীহাই ফোনটো কাটি দিছিল 

        কথাবোৰ শুনাৰ পিছত মনা আৰু ৰৈ থাকিব নোৱাৰিলে..., দুচকুৰে তপ্ত চকুলো নিগৰি আহিল..., তুমি মোক কিয় মিছা কথা ক'লা..., যাক মই দেৱতাৰ দৰে পূজা কৰিছিলোঁ, আজি সেইজন দেৱতা মোৰ দৃষ্টিত কক্ষ্যছ্যুত ধূমকেতুৰ দৰে খহি পৰিছে... , দেউতাই যেতিয়া কথাবোৰ গম পাব , মনৰ দুখতে দেউতাৰ মৃত্যু হ'ব, তুমি মোক কিয় এনেকুৱা কৰিলা ৰক্তিম...., ।
: মনা..., এই সকলোবোৰ মিছা.., তুমি মোক বুজিবলৈ চেষ্টা কৰা..., 
: এতিয়া আৰু বুজিবলৈ একো নাই....., সকলো স্পষ্ট হৈ আছে, চোৰে চুৰ কৰি কেতিয়াও চুৰ কৰিছোঁ বুলি নকয়...,
: নিৰ্দোষী প্ৰমাণ কৰিব নোৱৰালৈকে মই তোমাৰ লগত কোনো ধৰণৰ শাৰীৰিক সম্পৰ্ক স্থাপন নকৰোঁ.., মই আজি কথা দিছোঁ তোমাক...., যোৱা মুখ হাত কেইটা ধুই ৰেডী হোৱা বজাৰলৈ যাম...
: জানা ৰক্তিম, বিশ্বাস বোলা বস্তুটো এখিলা বগা কাগজৰ দৰে  , বগা কাগজখনত এবাৰ দাগ লাগিলে যিদৰে দাগ আঁতৰাব নোৱাৰি ঠিক তেনেকৈ এবাৰ বিশ্বাস হেৰাই গ'লে তাক কেতিয়াও ঘূৰাই পোৱা নাযায়..., মই বজাৰলৈ নাযাওঁ, তুমিয়ে যোৱা... মোৰ গাটো ভাল লগা নাই, 
: যোৱা মনা.. , সেইবোৰ বাহানা নকৰিবা, মই অকলে ওলাই গ'লে দেউতাই সন্দেহ কৰিব...., ।
: সঁচাকৈ মোৰ গা বেয়া লাগিছে ।
: হ'ব দিয়া, ময়ো নাযাওঁ, বিহুৰ দিনা জলপান বুলি ভাতেই খাম....
: কিন্তু বিহুৰ দিনা মই ভাত ৰান্ধিব নোৱাৰোঁ, কি কৰা নিজে নিজেই কৰি ল'বা...
: মোৰ একো আপত্তি নাই, কিন্তু দেউতালৈ বেয়া লাগিছে,  বিহু বুলি ঘৰখনত জলপান এটা নাই...
: হ'ব... ওলোৱাগৈ যোৱা.... দেউতাৰ অন্তৰত আঘাত দিয়া কাম মই কেতিয়াও কৰিব নোৱাৰোঁ। তোমাৰ দেউতা মানেই মোৰ দেউতা, আৰু এটা কথা , কথাবোৰ দেউতা আৰু ভন্টীক জানিবলৈ নিদিবা। .. 
..

     ( ক্ৰমশঃ )


✍️তীৰ্থ পিন্টু

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)