এই ৰাস্তাৰে উভতি,
যদিওবা আহো কেতিয়াবা
সেইয়া তোমাৰ বাবে নহয়,
কেৱল বকুলৰ সুৱাস ল'বলৈহে।
সংগ দিয়াৰ প্ৰয়োজন
নাই আৰু এতিয়া মোক।
আগতে ভয় লাগিছিল..
যেতিয়া তুমি নিস্তব্ধ হৈ পৰিছিলা,
এতিয়া আৰু ভয় নকৰোঁ মই
তুমি যে মোৰ নোহোৱা।
এতিয়া এনে লাগে মোৰ..
এই ৰাস্তাবোৰ যেন বৰ অহংকাৰী
নিজৰ বিশালতাক লৈ..
হয় সচাঁকৈয়েই..
যিবিলাক হ'ব লগা আছিল
সকলোবোৰেই জৰুৰী আছিল।