জীৱনৰ অন্য নাম সংগ্ৰাম-খণ্ড চৈধ্য ( ১৪ )পূৰ্ণিমা বৰঠাকুৰ বেজবৰা

©Admin
0
নলিনীৰ আৰু এড্‌মিছন লোৱা  নহ’ল ৷ দেউতাকে অনলাইন এড্‌মিছনৰ সকলো যোগাযোগ কৰি থৈছিল যদিও ঘৰখনৰ পৰিৱেশে তাইক এড্‌মিছন ল’বলৈ নিদিলে ৷ মাক অৰুন্ধতী বৰুৱাৰ চেতনা এতিয়াও ঘূৰি অহা নাই ৷ কি কৰিব লাগে কি কৰিব নালাগে তেওঁ একো নাজানে ৷ বহা ঠাইতে বহি থাকে ৷ কেঁচুৱা ল’ৰা -ছোৱালীৰ দৰে নলিনীয়ে খুউৱা ধুউৱা সকলো কৰি দিব লাগে ৷ ৷ ইফালে বজাৰ সমাৰৰ পৰা ঘৰচোতাল অঁতাই পাকঘৰৰ ভাতপানী ৰন্ধালৈকে সকলো কামৰ তদাৰক তাইৰ মূৰৰ ওপৰত ৷ বৰমাকৰ  হাতত থকা টকা কেইটা বৰদেউতাকৰ সকাম নিকাম কৰোঁতেই গ’ল ৷ তাইৰ টিউচনৰ টকা কেইটা বৰমাকে তাইৰ একাউণ্টত ভৰাই থৈছিল বাবেহে অলপো টেনচন নোহোৱাকৈ ঘৰখন চলাই নিয়াত সুবিধা হৈছে  ৷ আজি ছমাহেই হ’বৰ হ’ল ৷ বৰুৱানীৰ চেতনা নথকাৰ বাবে বৰুৱাৰ একাউণ্টৰ টকা উলিয়াব পৰাকৈ বেংকৰ কৰণীয় কামবোৰ হৈ উঠা নাই ৷ ভাগ্য ভাল যে বৰুৱাই নলিনীৰ মাচৰুমৰ ফাৰ্মখনৰ সকলো যা -যোগাৰ ঠিকঠাক কৰি টকা শিকা দি  তাইক সহায় কৰিবৰ বাবে দুটা ল’ৰা ঠিক কৰি থৈ গৈছিল ৷ তেওঁ নলিনীয়ে নজনাকৈ জৈৱিক উপায়েৰে মাচৰুম তৈয়াৰ কৰিব পৰাকৈ প্ৰয়োজনীয় বীজ , ডাঙৰ পলিথিন  আৰু ধানখেৰকে আদি সকলোবোৰেই   যোগাৰ কৰি ৰাখিছিল ৷ তেওঁৰ এনেকুৱা কিবা এটা হ’ব বুলিতো কেতিয়াও কল্পনা কৰিব পৰা নাছিল ৷ গতিকে ব্যৱসায়টো সম্পৰ্কে তেওঁ তাইক বিশেষ জ্ঞান হে দি যাব নোৱাৰিলে ৷ তথাপিও তেওঁ যিখিনি কৰি থৈ গ’ল তাৰ পিছত আৰু নলিনীৰ বিশেষ কোনো অসুবিধা নোহোৱাকৈ ফাৰ্মৰ কাম আগবাঢ়ি আহিল ৷ দিগন্ত আৰু প্ৰশান্ত নথকা হ'লে যে তাই কি কৰিলেহেঁতেন ভাৱিবলৈকে ভয় লাগে নলিনীৰ .....

     মাক দেউতাকবোৰ সঁচাকৈ বৰ অভিজ্ঞ ৷ তেওঁলোকে সন্তানৰ দূৰ ভৱিষ্যতলৈকে ভাবি কামবোৰ কৰিব পৰা ক্ষমতা থাকে ....৷ তাইৰ বৰদেউতাক জীৱন বৰুৱাও অশেষভাৱে দূৰদৰ্শী আছিল  ৷ তেওঁ আনকি তাইৰ বজাৰখনো আৰম্ভ কৰি থৈ গৈছে ৷ লগৰ কেইবাজনো বন্ধুক নলিনীৰ  মাচৰুম খেতিৰ বিষয়ে অৱগত কৰি শৰীৰৰ বাবে মাচৰুম কিমান উপকাৰী সেই বিষয়েও বহুখিনি তথ্য দি থৈ গৈছে ৷ গতিকে নলিনীৰ মাচৰুমৰ বজাৰ আৰম্ভণিৰ পৰাই ভালকৈ চলিবলৈ আৰম্ভ কৰাত ঘৰখন চলাবলৈ আৰু ভায়েক ভনীয়েকহঁতৰ পঢ়াৰ খৰচ আদিৰো কোনো অসুবিধা নোহোৱাকৈ চলাই নিয়াত সুবিধা হৈছে ৷ নহ'লে যে তাই অকলে কি কৰিলেহেঁতেন ঠিকনা নাথাকিলে হেঁতেন ! সঁচাকৈ মানুহে ঠিক কথাই কয় বিয়া দিলে ছোৱালীবোৰৰ বহুতে জন্ম দিয়া মাকৰ ঘৰখন পাহৰি যায়  .....তাই এই প্ৰমাণ হাতে হাতে পাইছে ৷ কংকীয়ে যোৱাৰ পৰা ভালকৈ মাকৰ খবৰ এটাও কৰা নাই ৷ দেউতাকৰ মৃত্যুৰ পিছত ঘৰখন কেনেকৈ চলিছে তাই এবাৰো নলিনীক সোধা নাই ৷ আনকি নিজৰ ভায়েকৰ বিষয়েও ভালকৈ একো এটা  সোধা নাই ৷ গতিকে নলিনীয়েও উপযাচি একো কোৱা নাই ৷ যি কি নহওক তাই এইবোৰ কথা ভাবি নিজকে কেতিয়াও দুৰ্বল নকৰে ৷ আনে নিজৰ দায়িত্ব পালন কৰক নকৰক সেইবোৰ তাইৰ দৰ্কাৰ নাই , তাই নিজে নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি যাব পৰাটোহে লাগে ...।

     আজি নলিনীৰ ম’বাইলত কংকীৰ ফ’টো মেছেজ আহিছে ৷ কংকীয়ে ল’ৰা সন্তান  এটি জন্ম দিলে ৷ আজি এসপ্তাহ হ’ল ৷ ফ’টো পঠাইছে ম’বাইলত ৷ বৰ সুন্দৰ বেবি ৷ নলিনীয়ে মাক অৰুন্ধতী বৰুৱাক ফ’টোখন দেখুৱাই কৈছে “ এইয়া আপোনাৰ নাতি ল’ৰা , মুম্বাইত থাকে ৷ ” অৰুন্ধতী বৰুৱাই ৰ’ লাগি বহু সময় চাই থাকিল ৷ প্ৰতিক্ৰিয়া একো নেদেখুৱালে  ৷ নলিনীৰ দুধাৰি চকুলো বৈ গ’ল ৷ সঁচাকৈ মানুহৰ জীৱনৰ কোনো ভৰসা নাই ৷ সৌ সিদিনালৈকে দপদপাই বাহিৰে ভিতৰে কাম কৰি ছ’টাকৈ ল’ৰা -ছোৱালীৰ ততৰ মাৰি নিজক চম্ভালি থকা গাভৰু মানুহজনী আজি কোনো কামৰ মানুহ নোহোৱা হৈ গ’ল ....৷ ঈশ্বৰে চাগে বহুত অংকৰ যোগ বিয়োগ পূৰণ হৰণ কৰি সিহঁতক বৰুৱাৰ ঘৰলৈ  আনিলে , আজি সিহঁত কেইটা নথকা হ’লে বৰুৱানী আৰু বৰুৱাৰ ল’ৰা  ৰুবুলৰ কি গতি হ’ল হেঁতেন ! আৰু নলিনীয়ে  ব্যৱসায় কৰাৰ কথাটোৱেইবা ইমান সৰুতে ভাৱিলে কিয় !  তাইৰ কণমানি মগজুটোৱে এনে এখন ঘৰ চম্ভালিব পৰাকৈ সাহস শক্তি আৰু সমৰ্থ হ’ল কেনেকৈ  ? এই সকলোতে নিশ্চয় ঈশ্বৰৰ প্ৰবল ইচ্ছা শক্তি আৰু আশীৰ্বাদ থাকে  , নহ’লে এইয়া কেতিয়াও সম্ভৱ নহয় ! যি কি নহওক ঘৰখন আৰু ভায়েক ভনীয়েকহঁতৰ পঢ়াশুনাবোৰ সুন্দৰকৈ পৰিচালনা কৰি যে তাই আগুৱাই নিব পাৰিছে সেইটোৱেই বহুত ডাঙৰ কথা ৷ এইবাৰ হাতলৈ অলপ টকা - শিকা আহিলেই বৰমাকক ডাক্তৰৰ ওচৰলৈ নিব লাগিব  ৷ তাই ইতিমধ্যে ডাক্তৰ নীল কমল শৰ্মা চাৰৰ লগত কথা পাতিছেই ৷ চাৰে কৈছে ইতিমধ্যে ছমাহ হৈ গ'লেই আৰু বেছি দেৰি কৰিব নালাগে  , টকা পইছা হৈ থাকিব ! চিকিৎসাটো আৰম্ভ কৰি লওঁক ৷ তেওঁ যিমান পাৰে নলিনীক সহায় কৰিব .... ৷ ডাক্তৰ নীলকমল চাৰৰ কথাত নলিনীয়ে যথেষ্ট সাহস পাইছে গতিকে সোনকালেই বৰমাকৰ চিকিৎসা আৰম্ভ কৰিবলৈ তাই মনটো দৃঢ় কৰিলে .... ( আগলৈ )

✍️পূৰ্ণিমা বৰঠাকুৰ বেজবৰা
     নগাঁও।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)