মোৰ প্ৰাণৰ গাঁও-দ্বীপশিখা ৰাজকোঁৱৰ

অসমীয়া সাহিত্যৰ চানেকি
0
মোৰ মৰমৰ গাঁওখনি
বৰ শুৱনি
মোৰ প্ৰাণৰ গাঁওখনি
মোৰ বৰ চেনেহৰ।
ওচৰত থকা দিহিং খনি 
সদায় মই আবেলি
প্ৰাণভৰি চাওঁ
দিহিঙৰ বুকুত নাৱৰীয়াই 
ৰিণিকি ৰিণিকি গীত জুৰি
নাও বাই যায়। 
এইখনেই মোৰ প্ৰাণৰ গাঁওখনি।
উষাৰ কিৰণে ধৰণী পোহৰাই
ৰাতিৰ আকাশত জোন তৰাও ওলায়
নীলা আকাশৰ বুকুত
মুক্ত হৈ পক্ষীজাক উৰে
আমাৰ পথাৰত বৰষা নামে।
পুৱা নিয়ৰৰ টোপালবোৰ
মুকুতা হৈ জিলিকে
গছৰ পাতে পাতে পৰি
বৰ শুৱনি কৰি তোলে।
গধূলি পৰত আমাৰ নামঘৰত
ডবা ,শংখ বাজে
সবে মিলি আমি
গুৰুজনাৰ নাম লওঁ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)