অপৰাধ-অংশুমান ভূঞা

অসমীয়া সাহিত্যৰ চানেকি
0
 "নাই বাইদেউ,মোক নেখেদিব। ঘৰখন লঘোনে মৰিব। মোৰ ভুল হৈছিল। ক্ষমা কৰি দিয়ক।" কামকৰা ছোৱালী তৰাৰ কাতৰ আহ্বানতো জাহ্নৱী কাকতিৰ অন্তৰ গলা নাছিল।
      ভুল ছোৱালীজনীৰ নাছিল। ভুল আছিল সমাজসেৱিকা জাহ্নৱী কাকতিৰ শিক্ষা আৰু জ্ঞানৰ। দেৱালত ওলমি থকা সম্বৰ্দ্ধনা পত্ৰ, মেডেলবোৰ যেন উপহাস।
      জাহ্নৱী কাকতিয়ে ভাত খাবলৈ মতাত কিছুসময়ৰ বাবে নিজৰ অস্তিত্ব পাহৰি তৰায়ো কাকতিৰ ছোৱালীজনীৰ সৈতে একেলগে ভাতৰ পাতত বহাটোৱে আছিল গুৰুতৰ অপৰাধ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)