মই প্ৰেমত পৰিছো- মেহেনাজ সৰকাৰ

©Admin
0
 প্ৰেমত পৰিছো তোমাৰ আধাফুলা হাঁহিৰ
মাগুৰ বৰণীয়া তোমাৰ হাস্যজ্জ্বল মুখনিৰ
যাৰ সজীৱ অনুভুতিত দিনৰ আকাশত দেখো
এটি দুটি এঘাৰটি তৰা। 

মই প্ৰেমত পৰিছো
তোমাৰ যাদুকৰী স্বৰ্গীয় কণ্ঠৰ
লিপিষ্টিক সনা উষ্ণ নিবিড় ওঁঠযুৰিৰ
যাৰ সৌন্দৰ্য্যৰ উপত্যাকাত
মাজনিশাতো উদয় হয় আন এক সূৰ্য। 

মই প্ৰেমত পৰিছো
তোমাৰ লাহী আঙুলিৰ জোনকেইটাৰ
যাৰ স্পৰ্শত বিদ্যুৎ খেলি যায়
কলিজাৰ হাবিতলীয়া সেউজময়তাত। 

মই প্ৰেমত পৰিছো
পছোৱাত আউল বাউল তোমাৰ মেঘালী চুলিটাৰিৰ
যাৰ সুগন্ধি সুৰভিত উৰি আহে
এহেজাৰ এটা কবিতাৰ পাৰ চৰাই। 

মই প্ৰেমত পৰিছো
তোমাৰ নক্ষত্ৰ খঁচিত স্বপ্নীল দুচকুৰ
যাৰ সমুদ্ৰ গভীৰত হেৰাই যাওঁ মই
দূৰ দিগন্তলৈ। 

মই প্ৰেমত পৰিছো তোমাৰ সমগ্ৰ সত্ত্বাৰ
মোৰ ষাঠি বছৰীয়া বৰ্ণিল জীৱনৰ
যি অনন্ত আলোক ৰশ্মি ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)