আন্ধাৰ ভাল পাওঁ- ডিম্পী বৰা

©Admin
0
 মোৰ খুবেই প্ৰিয়;   
সেইবাবে চাগে আন্ধাৰ ভাল পাওঁ।                        
ক'লা ডাৱৰে চানি ধৰা অভিমানী মেঘ টুকুৰাও মোৰ খুবেই প্ৰিয়;                     
সেইবাবে চাগে আন্ধাৰ ভাল পাওঁ।                         যান্ত্ৰিকৰ যন্ত্ৰণাত চিনাকি চিনাকি যেন লগা চক্ৰান্তৰ অস্ত্ৰপাতো  মোৰ খুবেই প্ৰিয়;
সেইবাবে চাগে আন্ধাৰ ভাল পাওঁ।
সন্ধিয়াৰ সেই চিনাকি চিনাকি যেন লগা
বলিয়া বতাহচাটিও মোৰ খুবেই প্ৰিয়;
সেইবাবে চাগে আন্ধাৰ ভাল পাওঁ।
বিষাদৰ ধূৱলি-কুৱঁলিৰে পাৰ নেদেখা 
ৰঙীণ চৰিত্ৰটি মোৰ খুবেই প্ৰিয়, 
সেইবাবে চাগে আন্ধাৰ ভাল পাওঁ।
নিশাৰ মৌনতাত উজাগৰী উশাহবোৰো মোৰ খুবেই প্ৰিয়;
ইয়াৰ শেষেই যে 
পোহৰৰ আৰম্ভ...
সেইবাবে চাগে আন্ধাৰ ভাল পাওঁ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)