৭ আহিন , শুক্ৰবাৰ,ইং ২৪ চেপ্তেম্বৰ,
২০২১।
সূৰ্য্যোদয় ঘ:৫/১৬/৫,সূৰ্য্যাস্ত ঘ:৫/১৬/৫
*ৰাশি:-* মেষ ৰাশি।
*তিথি :-* কৃষ্ণ তৃতীয়া।ঘ:- ৭/১৩/২২ লৈ।
*নক্ষত্ৰ :-* অশ্চিনী। ঘ:- ৮/৫৩/৪৪ লৈ।
*শুভ সংখ্যা:-* ২/৬
*শুভ ৰং :-* বগা/ চিত্ৰ বিচিত্ৰ ৰং ।
*আদ্যঋতু হলে :-* দু:শীলা যোগ।
*যাত্ৰা:-* অগ্নি কোনত নাই ।ঘ:- ৭/১৩/২২ যোৱাত নৈঋত কোনত নাই।
*যোগিনী :-* অগ্নি কোনত ।ঘ:- ৭/১৩/২২ যোৱাত নৈঋত কোনত।
*মৰণত দোষ:-* নাই।
*ভক্ষাভক্ষ্য:-* পটল খোৱা নিষেধ । ঘ: - ৭/১৩/২২ যোৱাত মূলা খোৱা নিষেধ ।
১. *মেষ ৰাশি* (অ,ল) : - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বন্ধু লাভ হব, যদিও আজি দিনটোত সজাগ নহলে আপুনি আনৰ দ্বাৰা ক্ষতি হব পাৰে লগতে কৰ্মত সজাগ নহলে আনৰ পৰা নিন্দনীয় হোৱাৰ যোগ দেখা যায়।
২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত শান্তি বাঢ়িব, লগতে আজি আপোনাৰ গৃহ সুখ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৩. *মিথুন ৰাশি* ( ক,ছ) : - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত পিতৃ মাতৃৰ মৰম লাভ হব, কৰ্মত আজি আপুনি ধৰ্য্য ধৰাতো ভাল হব, যদিও আজি আপুনি সজাগ নহলে প্ৰাপ্য ধন হানি হোৱাৰ যোগ দেখা য়ায।
৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বন্ধু লাভ হব, প্ৰেমৰ ক্ষেত্ৰত সফল হব , লগতে আজি আপোনাৰ সুখ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, ৰাজ সন্মান লাভ হব, লগতে মনৰ আশা পুৰণ হোৱাৰ যোগ দেখা যায়।
৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত নতুনকৈ যোগাযোগ হব, দ্ৰব্য লাভ হব, যদিও আজি আপুনি কৰ্মত সজাগ নহলে সামান্য ভুল বুজাবুজি হোৱাৰ যোগ দেখা যায়।
৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত মনৰ আশা পুনৰ হব, সামাজিক সন্মান লাভ হব, যদিও আপুনি সজাগ নহলে সামান্য মানসিক ক্লেষ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ক্ৰীড়াৰ ক্ষেত্ৰত শুভ হব, লগতে সুখ বৃদ্ধি হব, যদিও আজি আপুনি সজাগ নহলে সামান্য মনৰ আশা ভংগ হোৱাৰ যোগা দেখা যায়।
৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ মনত দিনটোত কৰ্মক্ষেত্ৰত সফল হব, যদিও আজি আপুনি সজাগ নহলে মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে লগতে সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়।
১০. *মকৰ ৰাশি* (খ,জ): - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত দ্ৰব্য লাভ হব, কৰ্মত সফল হব যদিও আজি আপুনি সজাগ নহলে সামান্য কৰ্ম পৰিৱৰ্তন হোৱাৰ যোগ দেখা যায়।
১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত ভ্ৰমণত শুভ হব, কৰ্মক্ষেত্ৰত উন্নতি হব, যদিও আজি আপুনি সজাগ নহলে সামান্য মিচা অপৱাদ পোৱাৰ যোগ দেখা যায়।
১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত শুভ সংবাদ লাভ হব যদিও আজি আপুনি কৰ্মক্ষেত্ৰত সজাগ নহলে মনত সামান্য অশান্তিৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "
আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
_*শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা_*
-: নৱগ্ৰহ জ্যোতিষালয় :- জালুকবাৰী , গুৱাহাটী -১৪
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ