প্ৰজ্ঞাকস্তুৰী প্ৰকাশনৰ চতুৰ্থ বৰ্ষপূৰ্তি অনুষ্ঠানত সাহিত্য - সংস্কৃতিৰ লগত জড়িত ব্যক্তি সকললৈ সন্মান

Rinku Rajowar
0
প্ৰজ্ঞাকস্তুৰী প্ৰকাশনৰ চতুৰ্থ  বৰ্ষপূৰ্তি অনুষ্ঠানত সাহিত্য - সংস্কৃতিৰ লগত জড়িত ব্যক্তি সকললৈ সন্মান জনোৱাৰ লগতে কবি, বিশিষ্ট লেখিকা, সমাজ সেৱিকা কুইন বৰাক মনোনীত কৰা হয় "প্ৰজ্ঞাকস্তুৰী ২০২১ বঁটা" । ৩ অক্টোবৰ দেওবাৰে ৰাধাকান্ত সন্দিকৈ ভৱন, (মূখ্য কাৰ্যালয় অসম সাহিত্য সভা) ত অনুষ্ঠিত হ'ব লগীয়া বিশেষ সভাখনিত  এই বঁটা আগবঢ়োৱাৰ কথা ঘোষণা কৰা হয়।
*বিশ্বনাথ জিলাৰ কৃতী শিক্ষক প্ৰেম বৈষ্ণৱলৈ "প্ৰজ্ঞাকস্তুৰী সাহিত্য সন্মান"*  

বিশ্বনাথ জিলাৰ, বিহালী শিক্ষাখণ্ডৰ অন্তৰ্গত ৰৌমাৰী বাপুজী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰেম বৈষ্ণৱক ২০২১ বৰ্ষৰ ৬০তম ৰাষ্টীয় শিক্ষক দিৱসৰ কাৰ্য্যসূচীত "কৃতী শিক্ষক" ৰ সন্মানেৰে সন্মানিত কৰি _ গামোচা আৰু সম্বৰ্ধনা পত্ৰৰ জৰিয়তে সম্বৰ্ধনা জনোৱা হয় ।
প্ৰেম বৈষ্ণৱ এগৰাকী সক্ৰিয় তথা নিষ্ঠাবান শিক্ষক । যোৱা ছমাহ ধৰি ক'ৰোণাৰ মহামাৰীৰ বাবে বিদ্যালয় সমূহ বন্ধ থকাৰ সময়ছোৱাত ,  ছাত্ৰ ছাত্ৰী সকলৰ শৈক্ষিক বিকাশৰ ক্ষেত্ৰত ক'ৰোণা মহামাৰী যাতে হেঙাৰ হ'ব নোৱাৰে তাৰ  বাবে  প্ৰতি সপ্তাহত  তিনিদিন /চাৰিদিনকৈ , সম্পূর্ণ covid বিধি পালন কৰি, বিদ্যালয়ৰ কণকণ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক  সকলৰ লগত এটি সুন্দৰ সম্পৰ্ক গঢ়ি তুলিবলৈ সক্ষম হৈছিল । সমগ্ৰ বিশ্বতে সন্ত্ৰাসৰ সৃষ্টি কৰা  Covid 19 ৰ পৰা সংক্ৰমণ নোহোৱাকৈ কেনেকৈ থাকিব পাৰি তাৰ সজাগতা সৃষ্টি কৰি এক বিৰল নিদৰ্শন দাঙি ধৰিছিল ।  আজৰি পৰত সাহিত্য চৰ্চা কৰি ভাল পোৱা , প্ৰেম বৈষ্ণৱ এগৰাকী জনপ্ৰিয় সামাজিক ব্যক্তি । অহা ইংৰাজী ০৩ অক্টোবৰ তাৰিখে,  যোৰহাটৰ, "অসম সাহিত্য সভা" ভৱনত,  দিনযোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া, প্ৰজ্ঞাপ্ৰস্তুতী প্ৰকাশনৰ চতুৰ্থ বৰ্ষপুতি অনুষ্ঠানটিত অসমৰ কেউগৰাকী নবীন প্ৰবীণ লেখক লেখিকাৰ গ্ৰন্থ উন্মোচন কৰা হ'ব   । উক্ত অনুষ্ঠানটিতে কৃতী শিক্ষক হিচাপে স্বীকৃতি পোৱা  বিশ্বনাথ জিলাৰ, বিহালী শিক্ষাখণ্ডৰ অন্তৰ্গত ৰৌমাৰী বাপুজী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক  শ্ৰী প্ৰেম বৈষ্ণৱ ৰ প্ৰথম কাব্যসংকলন  "মোৰ সপোনৰ দস্তাবেজ" শীৰ্ষক কাব্যসংকলনটি শুভ উন্মোচন কৰা হ'ব  আৰু একেখন অনুষ্ঠানতে "প্ৰজ্ঞাকস্তুৰী সাহিত্য সন্মান ২০২১" সন্মানেৰে সন্মানিত কৰা হ'ব  ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)