বিধৱা-ঋত্বিক পৰাশৰ

©Admin
0
এযোৰ বগা কাপোৰ,        
চিৰস্থায়ীভাৱে মৰহি যোৱা     
ৰঙা বেলিটি।
মুক্ত আকাশৰ গৰাকীয়ে কান্দে    
আৱেগ অনুভূতিত তিক্ত হৈ!
সমাজৰ অন্ধবিশ্বাসত 
বৰ্জন কৰিব লাগে
আ-অলংকাৰ, ৰঙীন বস্ত্ৰ।               
চুই চাব নোৱাৰে পুৱাৰ
 ৰঙা বেলিটি!
ঠিক সেইদৰে দিন গৈ ৰাতিৰ আন্ধাৰৰ          
মায়াজালত মৰহি যোৱা                               
এটি ৰঙা ফুল।                          
সেই আন্ধাৰ কোঠালিতেই  মৰহিব                
ধৰে,                                                      
বগা সাজৰ গৰাকী।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)