তুমি আহি বোৱাই দিয়া গধুৰ কল্পনাৰ অতীত।
কেনেকৈ পাহৰি যাওঁ,তোমাৰ দুচকুৰ মায়া,
কেনেকৈ পাহৰো তোমাৰ ওৰেটো জীৱনৰ বাবে দিয়া
প্ৰতিশ্ৰুতিৰ ছায়া।
বোৱাই দিব পাৰো মই
তোমাৰ নামৰ দীঘলীয়া কবিতা,
গাই দিব পাৰো তোমাক লৈ লিখা সংগীত মালিতা,
কিন্তু....
কোনে শুনিব,কোনে পঢ়িব?
মোৰ মুখৰ শব্দৰ উকা কণিকা।
প্ৰচণ্ড ধুমুহা কি বুজি পোৱা নাছিলোঁ
হয়তো ধুমুহাৰ লগতেই খেলি আছিলোঁ।
প্ৰকৃতিৰ বতৰা নাই অহা
তোমাৰ কবিতা পঢ়িবলৈ,
জীয়া অনুভূতি নাই আজি
সুৰ টানিবলৈ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ