সিদ্ধান্ত-সবিতা দাস

©Admin
0
ক্রিং ,ক্রিং,ক্রিং ...
 
        বহুসময় ধৰি অৰ্ণৱৰ ফোনটো বাজি আছে । অৰ্ণৱ বাথৰুমত থকা বাবে  ফোনটো ময়ে  ৰিচিভ কৰিলোঁ। ফোনৰ সিপাৰে  নাৰীৰ কণ্ঠস্বৰ এটি শুনিব পালোঁ ---------
:অৰ্ণৱ ,তোমাৰ পত্নীক ডিভোৰ্চ দিম বুলি কৈছিলা...কিন্তু কি হ'ল, আজিলৈ ডিভোৰ্চ পেপাৰখনতেই চহীটো কৰাব পৰা নাই নে ? নে তাইক তোমাৰ ভাল লগা হৈছে ? কোৱা অৰ্ণৱ,মই আৰু এনেকৈ থাকিব নোৱাৰোঁ । তোমাৰ যদি তাইক ক'বলৈ সাহস নাই তেন্তে মই ক'ম। মই তাইক ক'ম যে আমাৰ সম্পৰ্ক কলেজত  পঢ়ি থকা দিনৰ পৰাই। বৰ্তমান  তোমাৰ সন্তান মোৰ গৰ্ভত আছে । তাই যেন আমাৰ জীৱনৰ পৰা আঁতৰি যায় ।
       
              উশাহ নোলোৱাকৈ কোৱা নাৰীগৰাকীৰ কথাখিনিয়ে  মোৰ বুকুত শেলে বিন্ধাদি বিন্ধিলে । মোৰ মূৰৰ ওপৰত যেন সৰগখন ভাঙি পৰিল । নাৰীগৰাকীয়ে আৰু কিবা কৈছিল যদিও মই নুশুনিলোঁ । মই নিশ্চুপ হৈ ৰ'লো । মোৰ পৰা সহাৰি নাপায়েই হয়তো তেখেতে অৱশেষত ফোনৰ সংযোগ কাটি দিলে । ফোনতো বিচনাতেই থৈ পাকঘৰলৈ আহিলোঁ । অৰ্ণৱ গা ধুই আহিল । তেওঁক একাপ চাহ দি ভাতৰ যোগাৰত লাগিলোঁ যদিও মনটো বহুৱাব পৰা নাই ‌। তেখেতে মোৰ লগত ইমান ডাঙৰ বিশ্বাসঘাটকতা কিয় কৰিলে? কিয় মোৰ জীৱনটোক অন্ধকাৰৰ ফালে ঠেলি দিলে? মই কি কৰিম এতিয়া? ইত্যাদি প্রশ্নই মোৰ মূৰলৈ  গুজৰি-গুমৰি আহি থাকিল ‌। 

                অৰ্ণৱ অফিচলৈ যোৱাত পিছত ডিভোৰ্চ পেপাৰখন বিচাৰি ড্রয়াৰতে পালোঁ ।এইখনে সেই পেপাৰ য'ত এটা চহী কৰিলেই অৰ্ণৱৰ পৰা মই বিচ্ছেদ হৈ যাম । অগ্নিক সাক্ষী কৰি সাতজনম একেলগে থকা প্রতিশ্রুতিৰে অৰ্ণৱক আপোন কৰি লৈছিলোঁ । অসুখীয়া মাঁ-দেউতাৰ কথামতে  নিজৰ সপোনবোৰ মোহাৰি এখন অচিনাকি ঘৰলৈ বোৱাৰী হৈ আহিলোঁ ।

                    মাক-দেউতাকৰ একমাত্র ল'ৰা অৰ্ণৱ  দেখা-শুনাই এজন ভদ্র, অমায়িক ল'ৰা । তেওঁৰ ভদ্রতাৰ আঁৰত যে এখন অভদ্রতাৰ মুখাই বাস কৰি আছে সেইকথা মই সপোনতো ভবা নাছিলোঁ । শহুৰ-শাহুৱে মোক বোৱাৰী নহয় ছোৱালীৰ দৰে মৰম কৰিছিল  । কিন্তু অৰ্ণৱ...তেখেতে মোক পত্নীৰ মৰ্যদা দিয়া দূৰৰ কথা,   মোৰ ছাঁটোকে সহ্য কৰিব নোৱাৰিছিল । তেওঁৰ  অনাদৰ,অৱহেলাই মোক অতিষ্ঠ কৰি তুলিছিল। কিয় তেওঁ মোৰ লগত তেনে ব্যৱহাৰ কৰে ...বহুত চেষ্টা কৰিও উপযুক্ত উত্তৰ এটি বিচাৰি পোৱা নাছিলোঁ ‌। আজিহে "উৰহী গছৰ ওৰ "ওলাই পৰিল  । এটি মাত্র ফোনকলে দি গ'ল মোৰ সকলো প্রশ্নৰ উত্তৰ ।

                  নিশালৈ মই এটি সিদ্ধান্তত উপনীত হ'লো। অৰ্ণৱক মোৰ সজাত বন্দী কৰি নাৰাখোঁ ,তেওঁক আজি মুক্ত কৰি দিম আকাশত উৰিবলৈ ‌। এবাৰ অৰ্ণৱৰ ফালে চালোঁ, তেওঁ নিদ্রাদেৱীৰ কোলাত বিশ্রাম লৈছে ‌। পেপাৰখনত চহী কৰি তেওঁক মুক্তি দি ঘৰখনৰ পৰা নিৰৱে ওলাই আহিলোঁ । পৃথিৱীখনেও এতিয়া শুইছে ,সাৰে আছোঁ মাথোঁ মই। অমৱস্যাৰ নিশা নিৰ্জন পথেৰে অকলে আগবাঢ়িছোঁ ।নাজানো মোৰ লক্ষ্যস্থান কি, ক'লৈ গৈ আছোঁ । অনিশ্চিত ভৱিষ্যতলৈ মনটো সবল কৰি মাথোঁ আন্ধাৰৰ  মাজে মাজে বাট খেপিয়াই খোজ দিছোঁ ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)