নাৰী তোমাক প্ৰণাম(খণ্ড-০৯)-হিমাংশু বৰা

অসমীয়া সাহিত্যৰ চানেকি
0
"ছিঃ কেনেকৈ এজন মানুহ ইমান নিচ, ইমান বদমাছ, আৰু ইমান তললৈ যাব পাৰে? নিজে মোক ৰাতি মাৰি পেলাবলৈ ধৰি এতিয়া আকৌ সকলোবোৰ দোষ মোৰ ওপৰতে জাপি দিছে। বাঃ ৰক্তিম বাঃ। তোমাক কিন্তু মানি গ'লো দেই। সকলোবোৰ দোষ মোকেই দি তুমি ইমান সহজতে আৰু ধুনীয়াকৈ সাৰি গ'লা। ধিক্কাৰ তোমাৰ পুৰুষত্ত্বক। আৰু কিমান দিনলৈ মোক এনেদৰে জীয়াই জীয়াই মাৰিবা। আৰু এই ভগৱানো কম নহয়, মোক এনে কি ৰং চাবলৈ পৃথিৱীত ৰাখিছে, এনে কি মই নোপোৱা সুখ পাবলৈ পৃথিৱীত ৰাখিছে যাৰ বাবে মোক মৃত্যুৰ দুৱাৰদলিৰ পৰাও উভতাই পঠিয়ালে। সকলো শেষ কৰি দিব মন গৈছে মোৰ! সকলো থাকিওনো মই কি কৰিম? এতিয়াটো সমাজৰ আগত মইয়ে সহানুভূতিৰ পাত্ৰ হ'ম। এটা নকৰা দোষ সমাজে মোৰ ওপৰত জাপি দিব  সেইটো হ'ল "আত্মহত্যাৰ দোষ"‌। সমাজৰ আগতটো মোৰ।সকলো আছে । স্বামী, শাহু-শহৰেৰে ভৰা এখন ঘৰ, মা-দেউতা, দাদা সকলো আছে, কিন্তু মইহে জানো প্ৰকৃততে মোৰ কি আছে? এগালমান যন্ত্ৰণা আৰু এসাগৰ চকুপানীৰ বাহিৰে মোৰ জীৱন ৰথৰ সাৰথি আৰু কোনো নাই। আজি বহুত দিনৰ মূৰত মোৰ কান্দিবলৈ মন গৈছে, চকুপানী মুচি দিবলৈও মা-দেউতা মোৰ কাষতে আছে। নাজানো নিজৰ জীয়ৰীৰ দুখৰ সমভাগী হ'বলৈ আহিছিনে নে তেওঁলোকৰ বিজয়ৰ ধ্বজা উৰুৱাবলৈ আহিল। কিন্তু তেওঁলোক যে মোৰ কাষত আছে সেয়ে মোৰ বাবে বহুত। কিন্তু মই আজি কান্দিবও নোৱাৰো, কাৰণ মই কান্দিলে মা আৰু দেউতা ভাগি পৰিব, দুৰ্বল হৈ পৰিব তেওঁলোক। নাই নাই মই কান্দিলে নহ'ব।" কেনেবাকৈ নিজকে বুজাই-বঢ়াই চম্ভালি ল'লে মানসীয়ে। 

: দাদা অহা নাই?

: নাই। তোৰ এই অৱস্থাৰ কথা সি একো গম নাপায়। সি আজি স্কুলৰ কামৰ বাবে গুৱাহাটীলৈ গৈছে............
:
:
: কি হ'ল মাজনী? তই এতিয়াও আমাক ক্ষমা কৰি দিব পৰা নাই নেকি?

: নহয় মা। তেনেকুৱা কথা নহয়........
:
: মই তোমালোকক ইমান দুখ দিয়াৰ পিছতো মোৰ অৱস্থাৰ কথা গম পাই তোমালোক মোৰ কাষলৈ আহিলা। ইয়াতকৈ আৰু ডাঙৰ কথা মোৰ বাবে কি হ'ব পাৰে? আজি মই বহুত সুখী। আৰু সন্তানে মাক-বাপেকক ক্ষমা নকৰে নহয়, মাক-বাপেকেহে সন্তানক ক্ষমা কৰে। 

: নহয় অ' আই। আমি তোৰ প্ৰেমক বুজিয়েই নাপালো তাৰবাবে তই আমাক ক্ষমা কৰিবি আৰু...........
:

: "আৰু"! আৰু কি মা?

: আৰু পাৰ' যদি ব'ল তোৰ অতীতৰ ঘৰখনলৈ। তাতে দুদিনমান থাকি আহিবি। ককায়েৰেও ভাল পাব।

: আৰু তোমালোকে?

: আমিও ভাল পাম সোণ।

: কিন্তু মা, মই দেখোন তোমালোকৰ বাবে মৰি গৈছিলোঁ, তেন্তে এতিয়া.................

: মাজনী, আমি ধৰি ল'ম আজি আমাৰ নতুন এজনী ছোৱালীৰ জন্ম হ'ল। আৰু তাইক আমি মৰমৰত "মাজনী" বুলি নহয় "মুনু" বুলি মাতিম। 

: দেউতা...................!

: অ' মুনু, ক' যাবিনে আমাৰ লগত?

               এটা অভাৱনীয় প্ৰস্তাৱে দুহাত মেলি তাইক মাতি আছে।  "না" শব্দটো যেন সেই ক্ষণত তাইৰ মুখৰপৰা ওলোৱাটো অসম্ভৱ।

: যাম দেউতা। কিয় নাযাম?

              মানসীৰ চকুৰে নিগৰি হস্পিতালৰ বেডত পৰিলগৈ দুটোপাল আনন্দৰ আৰু দুটোপাল হেৰুৱা পিতৃ-মাতৃক পুনৰ প্ৰাপ্তিৰ তপত চকুলো। এনেতে ডাঃ বৰুৱা সিহঁতৰ কোঠাটোলৈ সোমাই আহিল। ডাঃ বৰুৱা মানে ডাঃ নিবিড় বৰুৱা, তেওঁ আৰু মানসীৰ দেউতাকে নগাঁও কলেজত একেলগে পঢ়িছিল বাবে দুয়ো খুউব ভাল বন্ধু।

: বৰাদেউ, আপোনাৰ ছোৱালীক এতিয়া আপোনালোকে ঘৰলৈ লৈ যাব পাৰে। খালি মই লিখি দিয়া ঔষধ আৰু টৰনিকখিনি খুৱাই থাকিব। সদায় দুবাৰকৈ হাতখন পৰিষ্কাৰকৈ ধুৱাই স্পে কৰি মলম লগাব আৰু সতেজ শাক-পাচলি, ফল-মূল, গাখীৰ, মাছ-মাংস এইবোৰ খুৱাই থাকিব, গালৈ শক্তি আহিব। বেছি নিমখজাতীয় বস্তু নুখুৱাব আৰু যিমান পাৰি তাইক বুজাব যাতে দ্বিতীয় বাৰ আৰু এনেকুৱা কাম নকৰে যাতে। ময়ো বাৰু তাইক এতিয়া অলপ বুজাই থৈ যাম। আৰু তাইক যিমান পাৰি সিমান আপোনালোকে হাঁহি-ফূৰ্তিৰ মাজত ৰাখিব। 

                তেওঁৰ কথা শুনি মানসীৰ হাঁহিহে উঠিল। "হাঁহি-ফূৰ্তিৰ মাজত ৰাখিব তাইক" কাৰ বাবে হাঁহিব তাই?আৰু হাঁহিবলৈতো তাই কেতিয়াবাই পাহৰি গ'ল। "হাঁহি-ফূৰ্তি"শব্দটোয়ে যেন তাইৰ হৃদয়ত বৰকৈ খোচ মাৰিলে। বিয়াৰ পিছত প্ৰথমবাৰৰ বাবে শুনিছে তাই এই শব্দটো। শেষবাৰ কেতিয়ানো মন খুলি হাঁহিছিল তাইৰ দেখোন মনতে নপৰে। কি মানসী আজি কি হৈ গ'ল? সময়ে মানুহক বৰ সুখ আৰু বৰ দুখ দিয়ে। কিন্তু মানসীৰ জীৱনত সুখৰ সূৰ্যটোৰ অস্ত সেইদিনাই পৰিছিল, যিদিনাখন তাই ৰক্তিমৰ হ'বলৈ আৰু ৰক্তিমক নিজৰ কৰিবলৈ চিৰদিনৰ বাবে গুছি আহিছিল নিজৰ মাক-বাপেকক এৰি। 

" দুভাগ ৰাতিৰ নিয়ৰৰ কনা
     হাঁহিবলৈ শিকাবানে মোক আহি এবাৰ।।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)