এটা উৱলি যোৱা কবিতা - বিটুমনি কোঁছ

Aditi Tanti
0
ৰক্তাক্ত হৃদয়ৰ কঁহুৱা কোমল
অনুভৱৰ উমেৰে গিজগিজাই
থকা সেউজীয়া চোলা পিন্ধা 
মোৰ প্ৰেমৰ কবিতাটোৰ মৃত্যু হ'ল ।
ৰঙা কলিজা বুকু ফালি তীব্ৰ 
নিষ্ঠুৰ দাম্ভিকতাৰ বিষাক্ত
বিষাদৰ খণ্ড যুদ্ধত ওলাই আহিল
এটা কজলা বৰণীয়া পঙ্গু কবিতা ।
প্ৰচণ্ড হীনমন্যতাত ভোগী ক্লেদাক্ত
মনটোৱে কিছুমান অৰ্থহীন চিন্তাত
ডুব গৈ কঢ়িয়াবলৈ ল'লে এটা উৱলি 
যোৱা ছাইবৰণীয়া কবিতা ।
বুকুৰ মাজত প্ৰলয় নদীত ভাহি আহিল ,
ঠিকনা বিহীন অন্ধ-কূপ পাতালপুৰীৰ
ৰাজ-দৰবাৰৰ এখন অস্পষ্ট ছবি ।
মকৰা জালৰ মাজত পোত খাই থকা
কিছুমান উলংগ নাৰীৰ বিভৎস দৃশ্য
আৰু গাৰ নোম শিহৰিত হোৱা তেজ ।
পূবেৰুণ হৃদয়তা আৰু মানবীয়তাৰ
মুক্তিত আন্ধাৰ আঁউসীত জোনাক
বিচৰা প্ৰয়াস কৰি জৰাজীৰ্ণ এটা
কবিতা উলমি ৰ'ল বুকুৰ মাজত ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)