আতা-আবুৰ দিনৰ কথা-চিন্ময় ডেকা

Rinku Rajowar
0
সৰু থাকোঁতেই ,
মস্ত ভাল লাগিছিল
হাতত বাঁহৰ মাৰি , বাটলুগুটি
কান্ধত দীঘল জোলোঙা এটা ওলমাই লৈ
গাছৰ তলে বাঁহৰ তলে
হাবি-জংঘল ভাঙি , চিৰাচিৰ কৰি
চৰাই চিকাৰ কৰ'বা গৈছিলোঁ যে ,
লোকৰ বাৰীত সোমাই ;
আম ,জাম ,কঁঠাল ,ভীমকল  চুৰ কৰি খাইছিলো
সেই দিনৰ কথা গিলাক ;
মনত পল্লি বেজ্জাই ভাল লাগেই জানা ।
আতা-আবুৰ লাং-লাং থেং-থাং খোজৰ
বাঁহৰ চিকণি বাৰীৰ লগত মাৰিবলৈ খেদা
আমি যে ,ভয়ত লৰ মাৰা
জংঘলত লুকাই থাকি ,গাছৰ খোলোংত বাহৰ পাতা
হায় ! কি যেন দিন আছিলেই ;
মাহেকে-পষেকে নদীত গা ধুবলৈ যোৱা ,
অত আনন্দৰ বতৰা
তাহানি দিনৰ আমেজ ভৰা আন্তৰিকতা
ইতা জানচ্ছা পাবাই টান হৈছি ,
যিহে দিন পৰছি ;
গাঁৱলীয়া সমাজতো আজিৰ দিনৰ চলি গিলাকে ,
বৰশী কি ? জুলুকি কি ? হেক্টাবাৰী কি ? ক'বাই নৰে'ই ,
জানা ,আধুনিকতাই ;
আজি দেশ ,ৰাজ্য তথা আমাৰ সমাজ খান গেলি পেলাইছি
আগতেই সেই আয়ে দিয়া ,
ঝকৰা ,পঁইতা ভাত খাই একুৰি বছৰ হোৱা মই লিকিৰা ।
দাংকোপ মাৰি ক'বা পাৰোঁ ,
সেই সৰু কালিৰ স্মৃতিবোৰৰ মধুৰ আলিংগনতা
আমি যে ,তাহানিত আছিলোঁ দৰঙৰ মস্ত পাবত গজা এটা অজলা ।


দৰঙীয়া উপভাষাৰ অন্তৰালত ৰচিত
শব্দৰ অৰ্থ:-
আতা-আবু - ককা-আইতা
বেজ্জাই - উগুল থুগুল
লাং লাং-থেং থাং - ঠৰক বৰক শৰীৰৰ (খোজ)
হেক্টাবাৰী - ওখত থকা বস্তু তললৈ নমাই অনা সঁজুলি 

✍️চিন্ময় ডেকা, টংলা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)