বহুত মৰম আৰু আশীৰ্বাদ জনাই তোমালৈ মই এই চিঠিখন লিখিবলৈ লৈছোঁ । আশা কৰো প্ৰভুৰ কৃপাত বোৱাৰী মিচেলৰ সৈতে দুয়ো কুশলে আছা ।
আমাৰ বৰ্তমান ভালেই । বিশ্বজোৰা ক'ৰ'ণা মহামাৰীয়ে আমাক বিশেষকৈ আমাৰ মনবোৰ একেবাৰে কিবা কৰি থৈ গ'ল । ইজনে সিজনক বিপদৰ সময়তো মাত এষাৰ দিবলৈ ভয় , সংকোচ , সন্দেহ আনি দিলে । সামাজিক দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰোঁতে যেন মানসিক দূৰত্বহে বাঢ়িল । চেনিটাইজ কৰা , মাস্ক পিন্ধা কথাবোৰ আছেই । তুমি চীন , আমেৰিকা যুক্তৰাষ্ট্ৰ , ইংলেণ্ড আদিত ক'ৰ'ণা মহামাৰীৰ ভয়াবহ ৰূপ দেখি ভাৰততো সম্ভাব্য বুলি ভাবি আমাক বজাৰৰ পৰা পাউদাৰ গাখীৰ , চেনী , চাউল , আলু , দাইল , আটা , পিয়াজ আদি দৰকাৰী শুকান বস্তু , ঔষধ - পাতি সৰহকৈ কিনি থ'বলৈ কোৱাৰ বাবেই আমি দুমাহমানৰ জোখাৰে কিনি থোৱাৰ বাবেই লকডাউনৰ সময়ত বিশেষ অসুবিধা নহ'ল । প্ৰয়োজন সাপেক্ষে আনকো সহায় কৰিব পাৰিলোঁ। সেই সময়ত বাৰীত বহুত শাক - পাচলি থকাৰ বাবে মই নিজে ছিঙি দেৱাল পাৰ কৰি আমাৰ ঘৰৰ কাষৰ মানুহক দিছিলোঁ । সেই সময়ত বহুত মানুহৰ খাই জীয়াই থাকিবলৈকে বৰ চিন্তা হৈছিল ।কোভিড - ১৯ ৰ ফলত আমাৰ দেশৰ অৰ্থনৈতিক দিশটো একেবাৰে বিধ্বস্ত হৈ পৰিছিল ।
তোমালোকৰ খৱৰ পাবলৈ সেই সময়ত আমি উদ্বাউল হৈ পৰিছিলোঁ । ভাগ্যে ইণ্টাৰনেটে সহায় কৰিছিল । আমাৰ ওচৰৰ দুই এজন আৰু মিতিৰ - কুটুমৰ মানুহে ফোন কৰিলেই তোমালোকৰ খৱৰ সুধিছিল । তোমালোকৰ আমালৈ চিন্তা হোৱাৰ দৰে আমাৰো তোমালোকৰ বাবে বৰ চিন্তা হৈছিল । আমি ঘৰৰ গেট বন্ধ কৰি প্ৰথম কেইদিনমান সোমাই আছিলোঁ । কাম কৰা কোনো মানুহকে আহিবলৈ দিয়া নাছিলোঁ ।
তোমালোকে ব'হাগ বিহু খাব পৰাকৈ ঘৰলৈ আহিবা বুলি ভাবিয়েই তেতিয়া ভায়েৰাৰ বিয়াখন পতাৰ সিদ্ধান্ত লোৱা হৈছিল । প্ৰথমতে ' কা ' আন্দোলন আৰু তাৰ পাছত ক'ৰ'ণা মহামাৰীৰ বাবে তোমালোকৰ ঘৰলৈ অহা নহ'ল । হ'বলগা বিয়াখন নহ'লে বৰ চিন্তা হয় । বিশেষকৈ ছোৱালীৰ ঘৰত । সেয়ে লকডাউন অলপ শিথিল হোৱাত অনুষ্টুপীয়াকৈ হ'লেও চকলং প্ৰথাৰে বিয়াখন পতা হ'ল । অ' পাহৰিছিলোঁৱেই তোমালোকেও যে
অনলাইনত বিয়াখন সম্পূৰ্ণকৈ চালা ।
আন বহুতৰ দৰে ক'ৰ'ণা মহামাৰীত আক্ৰান্ত হৈছিল আমাৰ সকলোৰে শ্ৰদ্ধা আৰু মৰমৰ মানৱ দৰদী সৰ্ব কালৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী মাননীয় শ্ৰীযুত তৰুণ গগৈ । তুমি ইতিমধ্যে গম পাইছা নিশ্চয় যে আৰোগ্য লাভ কৰি ঘৰলৈ অহা তেখেতক পুনৰ চিকিৎসালয়ত ভৰ্তি কৰিব লগা হৈছিল । পিছে হাঁহিৰে সকলোৰে হৃদয় জিনা মানুহজনে সকলোকে কন্দুৱাই যোৱা তেইশ নৱেম্বৰ ( ২০২০ ) তাৰিখে সন্ধিয়া এই সংসাৰৰ মায়া এৰি কোনোবা অচিন ঠাইলৈ গুচি গ'ল । আজি তেখেতৰ পাৰ্থিৱ শৰীৰ অন্ত্যেষ্টিক্ৰিয়াৰ যোগেদি পঞ্চভূতত বিলীন হৈ যাব । তোমাৰো নিশ্চয় বৰ দুখ লাগিছে ।
মই এতিয়া তোমাক চিঠিৰ বিষয়ে অলপমান কথা ক'ব খুজিছোঁ। সাহিত্য একাডেমী বঁটা বিজয়ী , সংগীতাচাৰ্য খগেন মহন্তৰ " কৈ যোৱা ডাকোৱাল খোজ কিয় কোবাল / জুনুক জুনুক কিনো বাজে ।" গীতৰ 'ডাকোৱাল ' হৈছে চিঠি - পত্ৰৰ টোপোলা কঢ়িয়াই অনা মানুহজন । আমি তেওঁক সকলোৱে পিয়ন ( ইংৰাজী শব্দ ) বুলি ক'লেহে সহজে বুজি পাওঁ যিজনৰ চাইকেলৰ টিলিঙাৰ মাত শুনিবলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰোঁ । প্ৰাচীন কালত ডাকৱালা /ডাকোৱালে খোজ কাঢ়িয়েই পিঠিত চিঠিৰ বোজা কঢ়িয়াই নিছিল । গতিকে খোজ খৰ হোৱাটো স্বাভাৱিক ।
ইয়াৰ আগতে পাৰ চৰাই , মেঘ বা বতাহ , পাল্কি , ঘোঁৰা , মৰু অঞ্চলত উটৰ পিঠিত চিঠি বোজাই কৰিছিল । মহাকবি কালিদাসৰ 'মেঘদূত কাব্য ' ইয়াৰ এক সুন্দৰ উদাহৰণ । ৰজাৰ দিনত দূত / কটকী / ভাটৰ যোগেদি বাৰ্তা সৰবৰাহ কৰা হৈছিল । পাৰ চৰাইক শান্তিৰ প্ৰতীক বুলি জ্ঞান কৰা হয় । সেয়ে কেতিয়াবা পাৰ চৰাইক শান্তিৰ কামনাৰে উৰুৱাই দিয়া হয় । খগেন মহন্তৰ "পাৰৰ পাখিত গাঁঠি দিলো ফুলাম চিঠিখনি / জনাওঁ বুলি জগতখনক বিহুৰ ওলগনি । " পাৰকো বাৰ্তাবাহকৰূপে ব্যৱহাৰ কৰা হৈছিল । চিঠিৰ মহিমা অপাৰ । বিয়া - সবাহ , সভা - সমিতি আদিলৈ চিঠিৰে নিমন্ত্ৰণ জনোৱা হয় । চিঠিৰে চাকৰিত মকৰল হোৱাৰ খৱৰ দিয়া বা ইণ্টাৰভিউলৈ মতা হয় । ব্যক্তিগত আৰু ব্যৱসায়িক চিঠিৰ পাৰ্থক্য আছে । অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সাহিত্যিক , শিক্ষাবিদ ড০ লীলা গগৈয়ে ১৯৬৩ চনত লিখিছিল 'নীলা খামৰ চিঠি' আৰু ১৯৭৬ চনত 'বিয়েৰিং চিঠি ' নামৰ দুখন বহু পঠিত প্ৰিয় গ্ৰন্থ ।
চিঠি এখন পাবলৈ সকলোৱে আশা কৰে । তাতে আপোনজনৰ হ'লেতো কথাই নাই । আগতে গাঁও অঞ্চলত পিতৃ - মাতৃয়ে অধীৰ অপেক্ষাৰে ৰয় পিয়নজনলৈ । ঘৰৰ পৰা দূৰত থাকি পঢ়িবলৈ যোৱা সন্তানৰ বা বিয়া দি উলিয়াই দিয়া ছোৱালীৰ বাৰ্তা বহন কৰি অনা একোখন চিঠিলৈ । খাকী পোছাক পিন্ধি চাইকেল চলাই অহা পিয়নজনৰ টিলিঙাৰ মাত শুনিবলৈ কি যে অধীৰ অপেক্ষা ! নিৰক্ষৰজনে পঢ়িব জনা এজনৰ ওচৰলৈ ঢাপলি মেলে । চিঠিখনত কি লিখা আছে জানিবলৈ । একোখন চিঠিয়ে কঢ়িয়াই আনে সুখৰ - দুখৰ , হাঁহি - কান্দোনৰ অনেক বতৰা । আজিকালি এনে দৃশ্য দেখিবলৈ পোৱা নাযায় ।
আমি সৰু হৈ থাকোতে মা - দেউতাই বৰ অপেক্ষা কৰা দেখিছিলোঁ তিনিচুকীয়াৰ চাৰি আলি চাহ বাগিচাত চাকৰি কৰা একমাত্ৰ দদাইদেউ দিলীপ কুমাৰ গগৈৰ চিঠিলৈ । তেখেতে নীলা ৰঙৰ ইনলেণ্ড কাৰ্ডটো ভৰাই লিখিছিল চিঠি । ঘৰৰ কথা লিখোঁতে হাঁহ - কুকুৰা , গৰু - ছাগলীৰ কথাও লিখিছিল । আমাৰ কথাও লিখা থাকে । গতিকে আমি ভাই - ভনীবোৰে হেঁপাহেৰে পঢ়িছিলোঁ । তেখেতে মাজে মাজে ডাকঘৰৰ যোগেদি পাৰ্চেল কৰি চাহপাতো পঠাইছিল । আগতে চিঠি লিখা হৈছিল পোষ্ট কাৰ্ড , ইনলেণ্ড লেটাৰ , এনভেলপত ( লেফাফা ) । ডাকঘৰৰ টিকট নলগোৱাকৈ দিয়া চিঠিক বিয়েৰিং চিঠি বোলা হয় ।
ধুনীয়াকৈ চিঠি এখন লিখিব জনাটো এবিধ কলা । ভাৰতৰ শ্ৰেষ্ঠ সাংসদ , শিক্ষাবিদ , কবি , সাহিত্যিক হেম বৰুৱাৰ হৃদয়স্পৰ্শী কবিতা হ'ল 'মমতাৰ চিঠি ' । অকালতে বিধবা হোৱা মমতাৰ চিঠিয়ে সকলোকে বেদনা উপলব্ধি কৰোৱায় ।
' মমতাৰ চিঠি '
" এয়া মম এডাল জ্বলাই লৈছোঁ
আজি বহু দিনৰ মূৰত তোমালৈ
চিঠি লিখোঁ বুলি ।
বাহিৰৰ উৰুঙা বতাহজাকে মমডাল কঁপাইছেহি ....।" তেখেতৰ আন এটা কবিতা হ'ল ' মমতালৈ চিঠি ' ।
ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী ভাৰতৰত্ন জৱাহৰলাল নেহৰুৱে মৰমৰ জীয়েক ইন্দিৰালৈ কাৰাগাৰৰ পৰা চিঠি লিখিছিল। তেখেতৰ মৃত্যুত শোকাভিভূত হৈ হেম বৰুৱাই চিঠি লিখিছিল প্ৰিয় বন্ধু জ্ঞানপীঠ বঁটা বিজয়ী ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু সাহিত্যিক পদ্ম বৰকটকীলৈ । হেম বৰুৱাদেৱৰ 'আঁচুফুল ' নামৰ গ্ৰন্থত এই চিঠি আছে । অসমীয়া চুটিগল্পৰ দক্ষ খনিকৰ সাহিত্য একাডেমী বঁটা বিজয়ী শীলভদ্ৰৰ 'চিঠি ' নামৰ গল্প আৰু সাহিত্যিক , কথাছবি নিৰ্মাতা , সাহিত্য একাডেমী বঁটা বিজয়ী ড০ ভবেন্দ্ৰনাথ শইকীয়াৰ 'বৃন্দাবন ' নামৰ গ্ৰন্থখনত থকা 'মিনতি' নামৰ গল্পটোতো চিঠিৰ মহিমাৰ কথা লিখিছিল।
গুণীয়েহে গুণীৰ মোল বুজে। কলকাতাত গুণীৰ আদৰ বেছি । সেয়ে হয়তো কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ চিঠিবোৰ তেওঁলোকৰ ওচৰত সুন্দৰভাবে সংৰক্ষিত হৈ আছে ।
আজিৰ পৰা প্ৰায় পঁচিশ বছৰৰ আগতে মই মোৰ এজন প্ৰাক্তন ছাত্ৰলৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ তেওঁৰ আলাস্কাৰ ঠিকনাত এখন চিঠি দিছিলোঁ আন্তঃৰাষ্ট্ৰীয় এখন কাৰ্ডৰ যোগেদি । তেওঁ দিনটোৰ চৌবিশ ঘণ্টাৰ ভিতৰত পোন্ধৰ ষোল্ল ঘণ্টা লেবৰেটৰীত সোমাই থাকিব লগা হোৱাৰ বাবে ডাকযোগে মোলৈ চিঠি দিবলৈ অসুবিধা বুলি মাকলৈ কৰা ফোনৰ যোগেদি মোক জনালে । তেতিয়া আমাৰ ঘৰত টেলিফোনৰ ব্যৱস্থা নাছিল । তেওঁ এতিয়াও মোৰ স্বাস্থ্যৰ খৱৰ লয় । পূজা , বিহু আদিত ফোনযোগে মাত লগায় । নিজৰ ঘৰলৈ আহিলে আমাৰ ঘৰতো এপাক মাৰে । তোমাৰ পৰাও মই চিঠিৰ উত্তৰ পোৱাৰ আশা কৰা নাই । এতিয়া সদায় মোবাইল , হোৱাটছ্এপ , ই মেইল , মেছেঞ্জাৰৰ যোগেদি খৱৰ পাই থাকোঁ বাবে ইমান চিন্তা নকৰোঁ । মাজে মাজে দেখোন 'ভিডিঅ' কল কৰা হয়েই ।
চিঠি একোখনে মানুহৰ মনত কেতিয়াবা সন্দেহৰো সৃষ্টি কৰিব পাৰে , বিভ্ৰান্তিৰো । আজিকালি লাহে লাহে ব্যক্তিগত চিঠি লিখাৰ সংখ্যা কমি আহিছে । আগৰ দৰে চাইকেলৰ টিলিঙা বজাই অহা পিয়নৰ হাতৰ পৰা চিঠিখন ল'বলৈ অপেক্ষা কৰা লোকৰ সংখ্যা কম হৈ পৰিছে । লগে লগে ইয়াৰ মাদকতাও কমি আহিছে দিনে দিনে। সময়ৰ পৰিৱৰ্তনৰ লগে লগে ইয়াৰ ঠাই লৈছে ই মেইল , মেছেঞ্জাৰ , টুইটাৰ , ফেচবুক , হোৱাটছ্এপ আদিয়ে । এতিয়া আধুনিক প্ৰযুক্তি - বিদ্যাৰ দিনত হাতৰ মুঠিতে মোবাইলটো লৈ ততালিকে বিশ্বৰ ইমূৰৰ পৰা সিমূৰলৈ যোগাযোগ কৰিব পাৰি । বহুতো কাম অনলাইনৰ যোগেদি কৰা হয় । এই আপুৰুগীয়া সম্পদ , পৰম্পৰা যেন দিনে দিনে নোহোৱা হৈ পৰিছে।এয়া সময়ৰ আহ্বান, পৰিৱৰ্তন । সেয়ে আমি আগতে চিঠি এখনৰ বাবে অপেক্ষা কৰা দিনবোৰৰ কথা ক'লে নৱ প্ৰজন্মই সাধুকথা বুলি ভাবিব।
চিঠিখন বৰ দীঘল হ'ল । আমনি নাপাবা । সদায় এইবোৰ কথা কোৱা নহয় । সুবিধা পাই ক'লোঁ । তোমালোকৰ মংগল কামনা কৰিলোঁ । খৱৰ জনাই থাকিবা । পুনৰ বুকুভৰা মৰম আৰু আশীৰ্বাদ জনালোঁ ।
ইতি
তোমাৰ মাঁ
ঠিকনা
ড০ নৱদীপ বৰুৱা
জাৰ্মান টাউন , মেৰীলেণ্ড।
আমেৰিকা যুক্তৰাষ্ট্ৰ ।
বিঃদ্ৰঃ এই চিঠিখন ডাকত দিয়া নহ'ল।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ