আজি এটি সংগীতবিহীন কবিতা লিখিম- সুতীৰ্থ মাধৱ দত্ত

©Admin
0
আজি এটি সংগতিহীন কবিতা লিখিম,      
এই কবিতাত মই মোৰ কিছু বক্তব্য ৰাখিম,
বিষাদেৰে নতুবা ক্ষোভেৰে লিখিম,
কোনো প্ৰেমিকাৰ বিৰহত লিখা হোৱা নাই এই কবিতা..!
কিছু সংগতিহীন চিন্তাক 
শৃংখল কৰি এই কবিতাটি লিখিম ।

এই কবিতাত শীতল কোঠাত সোমাই থকা
বগা শহাকেইটাৰ কথা নকওঁ,
এই কবিতাত ফুলাম গামোচা কান্ধত লোৱা 
নিৰস সিংহটোৰ কথা নকওঁ,
মই ক'ম বন্ধ কোঠাটোৰ 
চালে-বেৰে বগাই থকা....
সকলো কথাতে হয়ভৰ দিয়া জেঠীটোৰ কথা।

বৰমূৰীয়াৰ পদধূলা চেলেকি
লোদোৰ-পোদোৰ হোৱা জিভাখনৰ কথা নকওঁ,
নাক নোহোৱা মানুহৰূপী 
কোনো নেতাৰ কথা নকওঁ,
চাহ বাগিচাৰ সৌন্দৰ্য্যতাত বিভোৰ হৈ.....
চাহ বাগিচাৰ সিপাৰৰ যন্ত্ৰণা পাহৰি 
আজি মই কোনো কথা নকওঁ।

সময়ে গিলি থোৱা
নৈখনৰ গাম্ভীৰ্য্যতাত ডুব গৈ....
দুয়োপাৰ খহি কোঙা হোৱা গাঁওখনৰ কথা নকওঁ,
বালিয়ে সাবটি লোৱা পথাৰখনৰ কথা নকওঁ,
হাতীয়ে গচকি নেফানেফ কৰা 
কলগছজোপাৰ কথা নকওঁ,
মই ক'ম শেৱালিৰ সিপাৰৰ
সেই ৰ'দৰ হাঁহিটিৰ কথা,
য'ত ফাট মেলি পথাৰে চাই বৃষ্টিৰ বতৰা।

মই নকওঁ কুন্দত কটা সেই ৰূপহীৰ কথা,
মই ক'ম সেই দেহাটিক ভোকাতুৰে দিয়া যন্ত্ৰণাৰ কথা।
মই নকওঁ আধাৰশিলাৰ....
শিলৰ বুকুত শেলাই ধৰাৰ কথা,
মই ক'ম আশাবোৰক লৈ খেল খেলাৰ কথা।

মই নকওঁ কোনোকালে এই কবিতাৰ বুকুত
মাজৰাতি যৌৱনে জ্বলোৱা
লেলিহান জুইকুৰাৰ কথা,
মই নকওঁ থিয় হৈ শুই থকা ঘোঁৰাটোৰ কথা,
মই ক'ম সোঁতত যোৱা
পানীৰ তলৰ সেই শিহুটোৰ কথা।

এই কবিতাৰ বুকুত আৱেগে কন্দা নাই,
কন্দা নাই দৰিদ্ৰতাই মোহাৰি নিয়া ঘৰখনে,
কান্দিছে আশাহত অলেখ চকুৱে।

হৃদয় শিলাময় এই কবিতাৰ ছন্দত,
যি হৃদয় নকঁপে 
ডালত ওলমি থকা কৃষকজন দেখি,
যি হৃদয় নকঁপে 
ডাষ্টবিনত পৰি থকা নৱজাতকক দেখি।
এই হৃদয় কঁপে মাথোঁ....
কংক্ৰীটৰ অভিজাত শ্ৰেণীত খোপনি ৰখাব নোৱাৰাৰ দুখত,
এখন বিলাসী মটৰ কিনিব নোৱাৰাৰ শোকত,
এসাঁজ মাছে-মঙহে খাবলৈ নোপোৱাৰ ভোকত।

অন্ধ সকলো চকু থাকিও ,
বন্ধ সকলো সভ্যতাৰ দৌৰ দেখিও।
চকু মেলে তেতিয়া.....
যেতিয়া বেলিটো ডুব যোৱাৰ পথত
ক্ষন্তেক ওলমি ৰং সানে অসুৰহেন টাৱাৰৰ ফাঁকত।

সেই ফেঁচা যেন শেনটোৰ কথা নকওঁ,
মই ক'ম লগৰটোৱে 
গাঁতলৈ টানি লৈ যোৱা কেঁকোৰাটোৰ কথা।
মইও জানো দৰদী হিয়াৰ কথা,
বাটৰ লেৰেলা কুকুৰটোৰ কথা,
পথৰ নৰ্দমাত জীয়াই থকা শ'লটোৰ কথা। ইত্যাদি, ইত্যাদি।।

মই সেইবাবে কওঁ 
এই কবিতাটি সংগতিহীন,
কবিতাটি জীয়াই ৰখাৰ বাবে মই সাহসী,শংকাহীন।

এই কবিতা নামৰ মালিতায়ে
জ্বলাবনে কোনো সভ্য ব্যক্তিৰ চিন্তাৰ শলিতা ?
মই নাজানো...
তথাপিতো মই এটি
সংগতিহীন চিঞৰৰ প্ৰতিধ্বনি শুনো ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)