অসহায় - স্বাগতম বৰা

 সূৰুজমুখী স্বপ্নৰ সমাধি বিচাৰি
বিষণ্ন মৰুত মৰিচিকাৰ কোলাহল,
কেক্টাছৰ দলিচাত সপোন খেদি খেদি
জীৱনৰ সুৰ আন্তগামী হ'ল।


অমানিশাই খোপা খোলে
মায়াৰ নাচোনৰ তালে তালে, 
চৌদিশে চিতা জ্বলে
মই আগুৱাওঁ চিতাৰ পোহৰে।

Post a Comment

Previous Post Next Post