শব্দমালা -ৰশ্মিৰেখা ফুকন কাকতি

Aditi Tanti
0
চিটিকি পৰা নিৰ্ব্বোধ শব্দবোৰ বুটলি আনি
আলফুলে ক্ৰমশঃ সজাই পেলাইছিলো !
সৃষ্টি হৈছিল এক ভাৱাব্যহুল নীলকাব্যৰ !!
য'ত কেৱল ৰং বোৱাইছিল নীলা অনুভূতিৰ !!!
তাতেই সৃষ্টি হ'ব ধৰিছিল ন-ৰূপী আকাংক্ষাৰে
ঘন মেঘৰ নীলিমাৰ মিঠা সপোনবোৰৰ !!!
সেই শব্দৰে গাঁঠি গৈছিলো অনুভৱৰ প্ৰতিটো শৃংখল!
টনা আজোৰাৰ অজুহাতত কেতিয়াবা হয়তো
বিশৃংখল হয় সেই নীলা বহুল শব্দমালা !!
মনৰ মাজতে সৃষ্টি হয় অবোধ কোলাহলৰ !!
তথাপি গাঁঠি যাওঁ আঁ‌ত আঁ‌তৰাই আঁ‌তৰাই,
প্ৰতিটো চিটিকা শব্দৰ বহুৰূপী মালা !!!
         

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)