আগৰ সেইদিন নাই
বহুত সলনি হৈ গ'ল,
ৰাস্তাৰ শিলগুটিবোৰ
নোহোৱা হৈ পৰিল!
খোজ কাঢ়িলে উজুটি খোৱা
আঙুলিবোৰ শান্তিত আছে,
খোজকঢ়াৰ অভ্যাস কমি
বেটাৰি চাৰ্জিত ৰিক্সাত উঠি
বজাৰ ভৰি পৰে!
বহুত সলনি হৈ গ'ল,
আগৰ সেই দিন নাই!
পিছে মানসিকতাবোৰ
পৰিৱৰ্তন ঠিকেই হৈছে,
সম্পূৰ্ণ বিপৰীত!
দিনক দিনে
নিকৃষ্ট হৈ গৈ আছে।
পৰিৱৰ্তন মাথোঁ শুনিবলৈ ভাল
নাই তাৰ বাস্তৱিকতা।
মানৱ যন্ত্ৰৰ দিশে ধাৱমান,
বিবেক মাথোঁ প্ৰশ্নবোধক?
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ