আজি ভাত ৰান্ধি থকা সময়ত মোলৈ এটি ফোনকল আহিল । ফোনকলৰ গৰাকীয়ে মোক ক'লে ,"তুমি পৰহি হাতত দুখ পোৱা বুলি কৈছিলা আৰু আজি ভাত ৰান্ধিব পৰা হ'লা...।" কথাষাৰ তেখেতে সন্দেহৰ ভাবেৰে সুধিছিল , কিজানি মই সিদিনা মিছাকৈ কৈছিলোঁ । মোৰ হাতত কোনো উত্তৰ নাছিল । সেয়ে ক'লো ,"ভাল পালোঁ , এতিয়া ৰাখিছোঁ দেই"। তেওঁক কোনো কথা কোৱাৰ সুযোগ নিদি ফোনটো কাটি দিলো ।
২৮ আগষ্ট অৰ্থাৎ পৰহি পুৱা ঘৰ মচিবলৈ অনা পানীৰ টিং আৰু ষ্ট্ৰিকডাল হাতত থকা অৱস্থাতে পিছল খাই মই পৰি গৈছিলোঁ । বাঁওহাতখন মাটিত খুব বেয়াকৈ থেকেচা খালে । পিছল ঠাইৰ পৰা মই লাহে লাহে উঠি পকীখিনিতেই বহি পৰিলোঁ । লগে লগে খাৰুমুঠিৰ নাৰ্ভডাল ফুলি উঠিল । অসহ্য বিষত মই ছটফটাবলৈ ধৰিলোঁ । মা-দেউতাই ক'লে "শিৰ টনকিল চাগে" ।
সেই সময়ছোৱাত মই হাতখন লৰাব পৰা নাছিলোঁ , অসহ্য বিষত দুনয়নেৰে বাধাহীনভাৱে চকুলো বৈ আহিছিল । কিছু সময়ৰ পাছত দাদাই হাস্পতাললৈ লৈ গ'ল । চিকিৎসকে হাতখন চাই ভঙা নাই বুলি ক'লে তথাপি এক্সৰে (x-Ray)কৰিব লাগিব বুলি কৈ ঔষধ পাতি লিখি দিলে । এক্সৰে (x-Ray)কৰি উঠাৰ পিছত ল'ৰাজনে ক'লে "মুঠিটোত বহুত প্রেছাৰ পৰিছে । বিষটো কেইদিনমান থাকিব , ৰিপোৰ্ট সোমবাৰে লৈ যাবা ।"
হাস্পতালৰ পৰা ওলাই আহি চিকিৎসকে দিয়া বিষৰ ইনজেকচনটো লৈ দাদাৰ সৈতে ঘৰলৈ উভতি আহিলোঁ । কিন্তু তেতিয়ালৈ মই অসহ্য বিষ অনুভৱ কৰি আছিলোঁ । সেইদিনাৰ দিনটো তেনেকৈ বিষত ছটফটাই পাৰ কৰিলোঁ ।
পিছদিনা সাৰ পাওঁতে হাতখন লৰচৰ কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু মই পাৰিছিলোঁ । কিন্তু বিষটো আছিল , মাত্র আগদিনাতকৈ অলপ কম । তথাপি কাম কৰিবলৈ উঠি আহিলোঁ ।দমকল মৰাৰ বাদে বাকী দৈনন্দিন কামখিনি বাঁওহাতখনত প্রেছাৰ পৰিবলৈ নিদিয়াকৈ লাহে লাহে কৰিলোঁ ।
সিদিনাও মই জিৰণি লোৱাৰ প্রয়োজন আছিল । ইচ্ছা কৰিলে আগদিনাৰ দৰে শুই থাকিব পাৰিলোঁহেঁতেন কিন্তু মোৰ মনে শুবলৈ নিদিলে । বাৰে বাৰে মোৰ মনে ক'লে , "নিজকে ইমান দুৰ্বল কৰি নিদিবা , বিষটো অলপ সহ্য কৰা আৰু তোমাৰ কামখিনি তুমি নিজেই কৰা ।" কাকো জানিবলৈ নিদিয়াকৈ বিষটো সহ্য কৰি মোৰ কামখিনি নিয়াৰিকৈ কৰিলোঁ । যদিও মা-দেউতা , দাদাই বাধা দিছিল তথাপি নিজৰ কৰণীয়খিনি কৰিলোঁ ।
তৃতীয়দিনা অৰ্থাৎ আজি পুৱা শুই উঠোঁতে বিষ অলপ কমা যেন পালোঁ । বিছনাতে সিদ্ধান্ত ল'লো "আজি যিহেতু জন্মাষ্টমী ঘৰ-বাৰাণ্ডাবোৰ মচিম । দেউতাৰো যিহেতু বাঁওহাতৰ আঙুলি এটিত ঘাঁহ কাটোতে কাটিছিল ,আজি দমকলটো মাৰিবলৈ চেষ্টা কৰিম , নোৱাৰিলে দাদাক ক'ম ।" ভবামতে কামত লাগি গ'লো । লাহে লাহে সোঁহাতেৰে দমকল মাৰিলোঁ । কামবোৰ নিয়াৰিকৈয়ে কৰিলো । চাহ খাই থকাৰ সময়ত হাতখনৰ খুব বিষ উঠিল । সেয়ে বিষৰ টেবলেট এটি খাই হাতখনত মলম লগাই বিছনালৈ আহিলোঁ । অলপ জিৰণি লৈ আকৌ পাকঘৰলৈ গ'লো । লাহে লাহে বাকী কামখিনিও কৰিলো ।
কিন্তু এই দৈনন্দিন কাম-কাজখিনি কৰিবলৈ ঘৰৰ মানুহখিনিয়ে কোৱা নাছিল মোৰ মনৰ ইচ্ছা শক্তিয়েহে কৈছিল । প্রবল ইচ্ছাশক্তিৰ বাবে মই বিষটো সহ্য কৰিব পাৰিছিলোঁ , ধৈৰ্য্য ধৰি কামখিনি সমাপন কৰিব পাৰিছিলোঁ । বৰ্তমান লিখি থকা সময়ছোৱাতো বিষ অনুভৱ কৰি আছোঁ , তথাপি কিন্তু মই লিখি আছোঁ ।
পোষ্টটি পঢ়াৰ পিছত জিণ্টীৰ মুখেৰে স্বতঃস্ফুৰ্তভাৱে ওলাই আহিল এটি বাক্য - "এৰা , মনৰ ইচ্ছাশক্তি প্রবল শক্তি । ইচ্ছাশক্তিয়ে শিকাই ধৈৰ্য্যশীল হৈ সহ্য কৰিবলৈ , ইচ্ছাশক্তিয়ে শাৰীৰিকভাৱে অসুস্থ ব্যক্তিকো কৰি তোলে শক্তিশালী ।"
তাইৰ মনাকাশত পূৰ্ণিমাৰ জোনাকে হাঁহিবলৈ ধৰিলে । জোনাকখিনিক হৃদয়তে সামৰি তাই ম'বাইলটো টেবুলতে থৈ চাহ একাপ নিজে বনাই খাওঁ বুলি পাকঘৰলৈ গ'ল।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ