আবেলি-শ্যামল বৰা

লেকেচিয়াই বেলিটো
লেহেমীয়া কৈ, 
থেকেচি পেলাবৰ মন, 
ঠেকেৰা আলিটো
হালধীয়া হৈ
ৰঙাকৈ কহুঁৱা বন। 

তেজ পিয়া পক্ষীটি
হেলনীয়া বাটেৰে
উভতি যাওঁগৈ ব'ল, 
ধূলিয়ৰী সাজেৰে 
নীলিমাৰ সীমনা
বাৰুকৈ ৰাঙলী হ'ল। 

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send