ব্যৰ্থ প্ৰেম-সবিতা দাস

অসমীয়া সাহিত্যৰ চানেকি
0
ৰিয়াৰ ল'ৰাৰ ওপৰত একেবাৰেই বিশ্বাস নাছিল , ল'ৰাক বহুত ঘৃণা কৰিছিল আৰু ল'ৰাবোৰক 'ধ্বংসৰ অস্ত্ৰ' বুলি নামাকৰণ কৰিছিল ৰিয়াই। ল'ৰাৰ কথা শুনিলে খঙত মানসিক ৰোগীৰ দৰে হৈ উঠিছিল , কেতিয়াবা আমাক বৰকৈ গালি পাৰিছিল ল'ৰাৰ লগত কথা বতৰা পতা দেখিলে। 
      প্ৰায় দুই বছৰ হ'ল ৰিয়াৰ প্ৰেম ৰাজেশৰ লগত , ৰাজেশ বহুত ভাল ল'ৰা বিশিষ্ট অধিবক্তা ,  দেখাত ধুনীয়া আৰু বহুত নম্ৰ,ভদ্ৰ স্বভাৱৰ, সামাজিক বহুতো কামৰ লগত জড়িত, সকলোৱে সন্মান আৰু শ্ৰদ্ধা কৰে , ঘৰতো অতি মৰমৰ অতি আদৰৰ। 
      ৰাজেশে প্ৰথমে ৰিয়াৰ ফেচবুকত দুই - এটা public post পায় পঢ়ি ভাল লগাত like comment কৰে আৰু  শেষত friend Request পঠায় , বহু দিন পিছত ৰিয়াই এদিন Accept কৰাত ৰাজেশ বাৰুকৈ আনন্দিত হৈ পৰে। ৰিয়াই মাজে মাজে দুই এটা গল্প , কবিতা , স্তৱক আদি লিখে। ৰাজেশেও ভাল লিখে। লাহে লাহে Like, comment ৰ পৰা দুয়ো ভাল সতীৰ্থ হৈ পৰে । ৰাজেশে Messenger ত কেতিয়াবা Hi , Hello দিয়ে, কিন্তু ৰিয়াই Reply নিদিয়ে বৰং ৰাজেশৰ Message পালে কেতিয়াবা বিৰক্তিত Data বন্ধ কৰি দিয়ে , এনেকৈ কেইবা মাহ পাৰ হৈ গ'ল , ৰাজেশে ৰিয়াক Hi, Hello ৰ লগতে খা-খবৰ ল'বলৈ বঢ়াই দিলে ,  ৰিয়াই  ৰাজেশৰ ব্যক্তিত্ব আৰু মনুষ্যত্বৰ মহানুভৱৰ চিকাৰ হৈ স্বীকাৰ কৰি ল'লে বন্ধুত্ব , লাহে লাহে দুয়োৰে মাজত ভাল বন্ধুত্ব হৈ পৰিল। এদিন ৰাজেশে ৰিয়াক প্ৰেমৰ প্ৰস্তাৱ দিলে , ৰিয়া অলপো মান্তি নহ'ল। সিদিনা গোটেই ৰাতি ৰিয়াই কান্দি কান্দি টোপনি যাব পৰা নাই। পিছ দিনা ৰাজেশক ভালকৈ বুজালে তাই ভাল পাব নোৱাৰে কিন্তু ৰাজেশে ৰিয়াক নানা ভৰষাৰ সতে সুন্দৰকৈ বুজালে যদিও ৰিয়া মান্তি নহ'ল , ৰিয়াই বন্ধুত্বতে সীমিত থাকিবলৈ ক'লে শেষত ৰাজেশ তাতেই  মান্তি হ'ল। প্ৰায় সাত মাহ পাৰ হৈ গ'ল দুয়োৰে ভাল বন্ধুত্ব , ৰাজেশৰ যত্ন আৰু আচৰণত ৰিয়া বাৰুকৈ মোহিত হ'ল আৰু ৰাজেশৰ অনুৰোধ মৰ্মে ফোন নম্বৰ দিবলৈ বাধ্য হ'ল। দুয়োৰে মাজত ভাল আন্তৰিকতা এদিন - দুদিনকৈ কথা বতৰা বহুত বাঢ়ি গ'ল। সকলো কথা বুজা - মেলা কৰে দুয়োজনে , এজনে আনজনক এৰি থাকিব নোৱাৰা হৈ গ'ল , কোৰ্টত গ'লেও ৰাজেশে সময় দিয়ে ৰিয়াক । কেতিয়াবা গোটেই ৰাতি কথা পাতি পাৰ কৰি দিয়ে ৰিয়া আৰু ৰাজেশে ।
       এদিন জাৰৰ দুপৰীয়া , ৰিয়া তেতিয়া সাহিত্যৰ কামত টাউনত। ৰাজেশৰ বন্ধু অমিতে Messenger ত Hi দিয়ে আৰু ৰাজেশৰ বিষয়ে ভাল ভাল Comment কৰিলে , ৰিয়াই ৰাজেশৰ নামত ভাল ভাল কথা শুনি খুবেই ভাল পালে। সিদিনাৰ পৰা অমিতৰ লগতো ভাল বন্ধুত্ব। এদিন ৰাজেশ ঘৰুৱা চিন্তাত অলপ আৱেগিক হোৱাত অলপ সময় কথা বন্ধ কৰাত ৰিয়াৰ কান্দি-কাটি অৱস্থা নোহোৱা হৈ গ'ল। শেষত উপায় নাপাই ৰাজেশৰ বন্ধু অমিতে বহু দিন আগতেই ফোন নম্বৰ দি থৈ দিছিল , কথাষাৰ মনত পৰিল আৰু তাৰ পৰা নম্বৰটো লৈ অমিতক ফোন কৰিলে যদিও অমিতে তোলা নাছিল , শেষত তুলিলে যদিও ৰাজেশে "এটা অনুষ্ঠানত আছেোঁ অলপ পিছত ফোন কৰি আছোঁ" বুলি কৈ ফোনটো কাটি দিলে , ছটফটাই থাকোঁতেই অমিতে ফোন কৰিলে আৰু ৰাজেশৰ ঘৰৰ অসুবিধাৰ সকলো কথা  ভাঙি পাতি ক'লে আৰু অমিতে ৰাজেশক ফোন কৰি বুজাব আৰু ৰিয়াক ফোন কৰিবলৈ ক'ব বুলি ৰিয়াক সান্তনা দিলে। ... সিদিনাৰ পৰা ৰাজেশৰ বন্ধু অমিতৰ লগত ভাল সম্পৰ্ক , ৰিয়াই অমিতক দাদা বুলি মাতে , অমিতে ৰিয়াক ভন্টি বুলি মাতে। এদিন অমিতে ৰিয়াক কৈ উঠিল-- " ৰাজেশে তোমাক বহুত বহুত ভাল পায় , তুমি ৰাজেশক মানি লোৱা , ৰাজেশ বহুত ভাল ল'ৰা।" .... ৰিয়া দেখাত ধুনীয়া নহয় , দুখীয়া ঘৰৰ ছোৱালী লিখা - পঢ়াও ভাল নহয়। 
       ৰাজেশে আকৌ ৰিয়াক প্ৰেমৰ প্ৰস্তাৱ দিয়ে তেতিয়া ৰিয়াই কান্দি - কান্দি অতীতৰ এটা ডাঙৰ ঘটনা আছে বুলি ক'লে , ৰাজেশৰ অনুৰোধত ৰিয়াই ক'বলৈ ধৰিলে - " মোৰ সম্পৰ্কীয় এজন দাদাৰ চিনাকি ল'ৰা এজনৰ সৈতে মোৰ বিয়াৰ কথা আলোচনা হয় , ল'ৰাজনৰ নাম ৰাহুল, দেখা - শুনাত ভাল,চৰকাৰী  চাকৰি এটাও কৰে , ল'ৰাটো মোৰ ফেচবুক বন্ধু , ল'ৰা জনে মোক Messenger ত Hi , Hello দিয়ে , দাদাই ল'ৰাজনৰ লগত অলপ কথা পাতি জানিবলৈ ক'লে , আমাৰ মাজত ভাল বন্ধুত্ব এটা গঢ়ি উঠিল। ঘৰুৱা সমস্যাৰ কাৰণে বিয়াৰ আলোচনা অলপ পলম হ'ল যদিও মনে মনে এদিন টাউনত লগ কৰিব গ'লোঁ যদিও, তেওঁ তেওঁৰ গোটেই পৰিয়াল লগত লৈ আহিল , সিদিনাৰ পৰা আন্তৰিকতা আৰু বৰ্ধিত হ'ল , ভন্টিৰ লগত চিনাকি কৰাই দিলে , মাজে মাজে ফোন SMS ৰ জৰিয়তে বহুত ভাল এটা সম্পৰ্ক গঢ়ি উঠিল সকলোৰে লগত , এনেকৈ চলি আছিল কেইবা মাহ।শেষত বানপানীৰ কাৰণে অলপ পলম হ'ল বিয়াৰ আলোচনা , দুয়োৰে মাজত বহুত ঘনিষ্ঠ সম্পৰ্ক হৈ পৰিল। পানী কমিল, দুয়োৰে সপোন বোৰ লহপহকৈ বাঢ়িবলৈ ধৰিলে ,  বিধিৰ বিধান... বেলেগ ঠাইৰ আভিজাত্য পৰিয়াল এটাৰ পৰা  ভাল সম্পৰ্ক আহিল। ঘৰৰ মানুহে দিবলৈ মান্তি হ'ল আৰু পিছদিনা আঙুঠি পিন্ধাব বুলি সিহঁতে ক'লে কিন্তু মই অলপো মান্তি ন'হলোঁ , মিছাতে ৰাজেশৰ প্ৰশংসা বঢ়াই বঢ়াই বহুত কথা কলোঁ , দুয়োৰে মাজত ভাল পোৱা হৈ গৈছে বুলি ঘৰত জনাই দিলোঁ,অৱশেষত ঘৰৰ আধা মানুহে মানি লʼলে যদিও ঘৰত কাজিয়া লাগি গ'ল। মাথোঁ এজন দাদা আৰু নবৌয়ে মোৰ সিদ্ধান্তত সন্মান জনাই সিহঁতক ঘৰলৈ আহিব দিলে। খুবেই আনন্দিত আমি দুয়ো আৰু আমাৰ সুখৰ খবৰ পাই ঘৰখনো অলপ শান্তি পালে , বহুত আয়োজন কিন্তু সময়ৰ নিৰ্মম সিদ্ধান্ত , সিহঁতে একেবাৰেই আচৰণ ভাল নকৰিলে, নানা অজুহাত দেখুৱাই বিয়া ঠিক নকৰি সন্মানক কবৰ দি গুচি গ'ল আমাৰ ঘৰৰপৰা। আৰু বহুত কিবা কিবি হৈ গ'ল। ঘৰখন লজ্জিত হ'ল, ইফালে সিখন বিয়াও ভাঙি গ'ল , সিহঁতে খবৰ পাই বহুত কথা শুনালে , দাদাহঁত লাজে - অপমানে ভাঙি পৰিলে। .... 
দেউতাই অপমান সহ্য কৰিব নোৱাৰি বিছনাত পৰি গ'ল ....।" কথাখিনি কৈ ৰিয়া হুকহুকাই কান্দিব ধৰিলে , কথাখিনি শুনি ৰাজেশ মৌন হৈ গ'ল , সকলো কথা শুনাৰ পিছত , ৰাজেশে ৰিয়াক সকলো দুখ পাহৰাই নতুন জীৱন দিয়াৰ প্ৰতিশ্ৰুতি দিলে , ভাঙি যোৱা সকলো আশা - আকাংক্ষা,বিশ্বাস হেৰুৱাই মানসিক ৰোগীৰ দৰে হৈ যোৱা ৰিয়াক পোহৰাই তোলাৰ ভৰষা দিলে ৰাজেশে । ৰাজেশে দিয়া প্ৰতিশ্ৰুতিত ৰিয়াই কষ্ট লগা সকলো অতীত পাহৰিবলৈ ধৰিলে।আৰু ৰাজেশৰ প্ৰতি দুৰ্বল হ'ব ধৰিলে।
      ৰিয়াৰ প্ৰতিটো শ্বাসত ৰাজেশ , দুয়োৰে মাজত গভীৰ প্ৰেম। ৰাজেশে ৰিয়াক প্ৰস্তাৱ দিলে বিয়াৰ। সময়ৰ তাগিদাত সেয়া হৈ নুঠিল ।  সময়ৰ কাল চক্ৰই পৃথিৱীৰ পৰা  কাঢ়ি নিলে ৰিয়াৰ দেউতাকক , বাৰুকৈ অকলশৰীয়া হৈ গ'ল ৰিয়া । মাক একেবাৰেই অসুস্থ। 
    পাৰ হৈ গ'ল কেইবা মাহ ৰিয়াৰ দাদা তিনিজনেই বিয়া পাতিছে, সিহঁতৰ সংসাৰ লৈ সিহঁত খুবেই ব্যস্ত। তাৰ মাজত ডাঙৰ চিন্তা ৰিয়াৰ বিয়াক লৈ । ঘৰত দাদাহঁতে চপাই আনে দুই - এটা সম্পৰ্ক, কিন্তু ৰিয়াৰ ক'তো পছন্দ নহয়। শেষত এইবাৰ ৰিয়াৰ অবাধ্যতেই আয়োজন কৰিব লʼলে বিয়া , খোৱা-লোৱা বন্ধ হৈ গ'ল ৰিয়া ৰাজেশৰ ,  ঠিক হোৱাৰ অলপ আগতেই ৰিয়াই বৌয়েকক জনাই দিলে তেওঁৰ আকৌ প্ৰেম হ'ল , এইবাৰ আৰু আগৰ দৰে নহয়, বহুত ভাল ল'ৰা শেষত দাদাক কৈ বিয়া ভাঙি দিলে আৰু জনাই দিলে বিশেষ কামৰ বাবে ৰাজেশ আহিব পৰা নাই অতি সোনকালেই আহিব আৰু সকলোৰে লগত কথা পাতিব। গালি পাৰিলে যদিও ৰিয়াৰ সুখৰ কথা চিন্তা কৰি দাদাহঁতে মানি ল'লে । আনন্দত আত্মহাৰা হৈ ৰিয়াই জনাই দিলে ৰাজেশক। 
       সম্পত্তিৰ প্ৰসংগত এদিন কাজিয়া লাগিল ৰিয়াৰ দাদাহঁতৰ মাজত , দিনেক-দিনে সৃষ্টি হ'ল অশান্তিৰ, দায়িত্ব আৰু কৰ্তব্য হেৰুৱাই আছে ৰিয়াৰ পৰা , ৰিয়াৰ মাকৰ গাটো বেছিভাগ সময় অসুস্থ থাকে। ঘৰতে  সৰু-সুৰা কাজিয়া লাগিয়েই, ৰিয়া কাৰো পক্ষে নমতাৰ পিছতো শুনিব লগা হয় নানা কথা। শুনিব লাগে নানা ইতিকিং। কন্টকময় হৈ উঠিল জীৱন। কেতিয়াবা খাই কেতিয়াবা নাখাই দিন পাৰ কৰে ৰিয়াই তথাপি শেষ ভৰষা এমুঠি লৈ অপেক্ষাত ৰৈ আছে আশাৰ চোতালত ৰাজেশৰ বাবে। ৰিয়াৰ চৰম বিশ্বাস , পৃথিৱী ধ্বংস হৈ যাব পাৰে ৰাজেশ আহিবই.... আহিবই ৰাজেশ.... । কিয়নো ৰাজেশৰ ঘৰৰপৰা ৰাজেশৰ বিয়া ঠিক কৰিছিলেই প্ৰায় ৰাজেশ খোৱা-লোৱা এৰি , প্ৰতিবাদ কৰি ভাঙি দিলে বিয়া , সেয়ে ৰিয়া আৰু বিশ্বাসী , ৰাজেশ আহিবই আহিব । ৰাজেশ জীয়াই থকা মানে ৰাজেশ আহিবই। ৰিয়াৰ জীৱনৰ শেষ সিদ্ধান্ত ৰাজেশ । আৰু ৰাজেশ অবিহনে মৃত্যু। এতিয়া ৰিয়াৰ ঘৰখনো ৰাজেশৰ প্ৰতীক্ষাত।
     ৰাজেশৰ বন্ধু অমিতে কেতিয়াবা দুই এটা খা-খবৰ লয় , কেতিয়াবা ফোন কৰে আৰু ৰাজেশৰ কথা গুণ গান কৰে আৰু ৰিয়াও ৰাজেশৰ কথা কৈ খুবেই ভাল পায় বহুত গৰ্ব বোধ কৰে ৰিয়াই ৰাজেশক পাই । ৰাজেশক এৰি ভাবিব নোৱাৰে কোনো কথা , প্ৰায়ে ৰিয়াই কবিতা লিখে ৰাজেশক লৈ। এদিন ৰাজেশৰ বন্ধু অমিতৰ পৰা জানিব পাৰিলে যে ' ৰিয়াক বিয়া কৰোৱাৰ নামত বদনামী নাইবা কলংকিত কৰিব নিবিচাৰে , কিয়নো যদি দুয়োপক্ষৰ ঘৰৰ মানুহে মানি নলয়। কিয়নো ৰিয়াৰ ঘৰ বহুত দূৰ অহা-যোৱা কষ্টকৰ হ'ব লগতে বহুত টকা খৰচো হ'ব।সেয়েহে অলপ আঁতৰি আঁতৰি থাকিব বিচাৰে কিন্তু নানা কাৰণত ৰিয়াই ফোন কৰে আৰু ৰাজেশৰো কৰিব লগা হয়। ৰাজেশৰ ধাৰণা যদি ৰিয়া আহিবলৈ জোৰ কৰে তেতিয়া ৰাজেশ ৰিয়াৰ ঘৰত আহিব ...। 
      ৰিয়াই সকলো কথা জানিব পাৰি একেবাৰেই মৌন , নিৰ্বাক, বাৰুকৈ ক্লান্ত আৰু দুৰ্বল  আহত এটি প্ৰানীৰ দৰে হৈ পৰিল ... । হয়তো  জীয়াই আছে আজিও , এতিয়াও .....।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)