ধ্যান ভাগিল যেতিয়া, তুমি লাহে লাহে ক'লা ব'লা বাহিৰত একেলগে বৰষুণত তিতোঁ,অলপ দূৰৰলৈকে একেলগে যাওঁ।যাবানে? মই তোমাক নাযাওঁ বুলি নকওঁ সেয়া তুমিও জানা। এই বৰষুণ বতৰে যে বেমাৰ কৰি যাব মোক। আমি লগত আছিলোঁ, কিন্তু মৌন আছিলোঁ। কিমান যে কৈ গৈয়ে আছিলো এজনে আনজনৰ চকুত মনৰ কথাবোৰ। এক যুগলক মই সেইদিনা শুধিব বিচাৰিছিলোঁ এই মৌনতাৰ শব্দ কেনেকৈ অনুশীলন কৰে,শিকায় দিয়া চোন মোক। কিন্তু মই তেওঁক শুধিবলৈ লোৱাৰ আগতে মনে মনে থাকিল।
মই বিচাৰিছিলোঁ যে এই ৰাস্তা, এই যাত্ৰা আৰু এই বৰষুণজাক কেতিয়াও শেষ হৈ নাযায়। কিয়নো লগত অতিবাহিত কৰা এই সময়খিনি সকলোতকৈ ধুনীয়া অনুভূতি হয় আৰু লগত গৈ থাকোঁতে তোমাৰ হাত মোৰ হাতৰ সৈতে স্পৰ্শ এয়া এক মোৰ জীৱনৰ অমূল্য পুঁজিৰ দৰে। কিন্তু ৰাস্তাই কত শুনে মোৰ কথা। তেতিয়া তেওঁ ওভতি আহিল,তুমি ওভতিবলগীয়া ঠাইৰ পৰা। আকৌ অনুভৱ হল এই সকলো সুখী কত সাঁচি থম মই? আজিও আগৰ দৰে বৰষুণজাক দিছে আৰু ৰাতি চোতালত মোৰ দৃষ্টি পৰিছে। ভিতৰি ভিতৰি মোৰ মনটোও তিতি আছে। তোমাৰ স্মৃতিত এই দৰে আপেক্ষাৰত মই, আকৌ আহি তুমি মোৰ হাতত ধৰি কবাহি বলা একেলগে বৰষুণজাকত তিতোঁ গৈ বুলি।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ