সৌন্দৰ্যৰ ৰূপ ৰেখা - কনমনি নাথ

Aditi Tanti
0
দেখিবলৈ সৌন্দৰ্য্য বা ধুনীয়া কিয় লাগে ? হয় দেখিবলৈ সৌন্দৰ্য্য বা ধুনীয়া হ'ব লাগে বা সকলোৱে বিচাৰোঁ । কিন্তু যদি সেই ধুনীয়াই নুবুজে মানুহৰ প্ৰতি থকা মানৱীয়তা ! তেতিয়া বাৰু সেই সৌন্দৰ্য্য বা ধুনীয়াৰ কিবা অৰ্থ আছে বুলি ক'ব পাৰি নে ? 
ভাবোঁ , নিশ্চয় নোৱাৰি ।
ধুনীয়া বা সৌন্দৰ্য্যই মাত্ৰ দেখিবলৈ বৰ্হিভাগ শুৱনি কৰা দিশত সীমাবদ্ধ থাকি মানুহ বা আন আন দিশৰ প্ৰতি থকা গুণ সমূহৰ পৰা ফালৰি কাতি থকা হয় তেতিয়া সেই সৌন্দৰ্য্যৰ অৰ্থই বা ক'ত !
যদি নবুজে পৰিয়ালৰ সকলোৰ প্ৰতি থকা আপোন ভাৱ ,সহিষ্ণুতা ,দায়িত্ববোধ বা সন্মান ! যদি বৰ্হিভাগ দেখিবলৈ ধুনীয়া বা সৌন্দৰ্য্য নাথাকিলেও সুন্দৰ মন ,চিন্তা ,ভাৱধাৰাৰ জৰিয়তে সকলোৰে মনত গভীৰ ভাৱে সোমাই আকৃষ্ট কৰি জয় কৰিব পাৰে তেতিয়া সৌন্দৰ্য্য বা ধুনীয়াৰ প্ৰয়োজন ক'ত ! গতিকে সৌন্দৰ্য্য বা ধুনীয়াৰ লগত নিজকে কেতিয়াও তুলনা নকৰি নিজৰ দায়িত্ব বা কৰ্তব্যক গুৰু দায়িত্ব মানি পৰিয়ালটো পুংখানুপুংখ ভাৱে চলাই নিয়াৰ ক্ষেত্ৰত অধিক মনোযোগ দি আগুৱাই গ'লে সকলোতকৈ শ্ৰেষ্ঠ সৌন্দৰ্য্য বা ধুনীয়া বুলি প্ৰতিষ্ঠিত কৰিব পাৰি বুলি অনুভৱ কৰোঁ ।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)