জীৱনৰ অন্য নাম সংগ্ৰাম - খণ্ড (১৩) - পূৰ্ণিমা বৰঠাকুৰ বেজবৰা

Aditi Tanti
0
দেউতাকৰ কাম সকাম সকলো সুকলমে শেষ হ’ল ৷ কংকীৰ স্বামী বসন্ত চৌধুৰীৰ ছুটীও প্ৰায় শেষ হ’বৰ হ’লহি ৷ অৰুন্ধতী বৰুৱা ৰ কোনো পৰিৱৰ্তন নাই ৷ ডাক্তৰে কৈছে তেওঁৰ স্মৃতিশক্তি প্ৰায় শেষ হৈ গৈছে ৷ কোনোবা এডাল সিৰা মাত্ৰ সষ্টম হৈ থকা বাবে নলিনীৰ কথা তেওঁৰ মনত আছে ৷ নলিনীৰ বাহিৰে কাৰো কথাই মনত নাই অৰুন্ধতী বৰুৱাৰ ৷ আনকি আজি ইমান দিনে নিজৰ জীয়ৰী কংকী ,যিজনী ছোৱালীৰ বাবে ইমান আকুল ব্যাকুল হৈ আছিল আজি সেইজনী ছোৱালীকে চিনি নোপোৱা হ’ল ৷ কংকীয়ে কিমান যে চেষ্টা কৰিলে... নাই কোনোপধ্যেই মাকৰ মনলৈ তাইৰ আৰু ভায়েক কংকুৰ কথা আনিব নোৱাৰিলে ৷ উপায়ন্তৰ হৈ কংকীয়ে কিছুদিন পাছত মাকক চিকিৎসাৰ বাবে মুম্বাইলৈ লৈ যাবহি বুলি ভৰসা দি এতিয়া সদ্যহতে নলিনীৰ হাততে মাকৰ ,ভায়েকৰ সমস্ত দায়িত্ব দি কংকী মুম্বাইলৈ যাবলৈ ওলাল ৷ এইসময়ত তাই মাকক কোনো কাৰণতে নিব নোৱাৰে ৷ তাই কিবা কৰি নিব বিচাৰিলেও তাইৰ স্বামী বসন্ত আৰু তেওঁৰ পিতৃ-মাতৃয়ে কোনো কাৰণতে এই সময়ত মাকক এই অৱস্থাৰে লৈ যোৱাৰ অনুমতি নিদিয়ে কিয়নো কংকীৰ গৰ্ভত এতিয়া তেওঁলোকৰ ভৱিষ্যত প্ৰজন্মৰ পাঁচ মাহ চলি আছে ৷ এনে অৱস্থাত মাকক পৰিচৰ্যা কৰি থাকিলে পেটৰ সন্তানটোৰ গাত কিবা প্ৰভাৱ পৰিবও পাৰে ! গতিকে কংকীৰ কোনো উপায় নাছিল ৷ 
         হওঁতে একপক্ষীয় দৃষ্টিৰে কথাটো হয় যদিও নলিনীৰ সৰু মনটোৱে বুজি পাবলৈ অলপ জটিল হ’ল । নিজৰ মাকক চোৱা-চিতা কৰিলে কাৰোবাৰ কিবা লোকচান হ’ব পাৰে জানো ! নলিনীৰ মতে ইয়াৰ প্ৰভাৱ হয়তো ভালহে হ’লহেঁতেন ,ভৱিষ্যতে কংকীৰ সন্তানে তাৰ মাক-দেউতাক অৰ্থাৎ কংকী আৰু বসন্ত চৌধুৰীক সহৃদয়তাৰে শুশ্ৰূষা কৰিলেহেঁতেন ! আজি বাৰু কংকী বাৰ মাক বুলিহে সকলোৱে কথাটো এনেকৈ ভাৱিছে কিন্তু কংকী বাৰ মাকৰ ঠাইত যদি বসন্ত ভিনদেউৰ মাক বা দেউতাকৰ এনে কৰুণ অৱস্থা হ’লহেঁতেন তেতিয়াও কি এনেকুৱাই কৰিলেহেঁতেন !  নহয় , কেতিয়াও ( No ,  never ) এনে নকৰিলেহেঁতেন  ! নলিনী এশ শতাংশ নিশ্চিত যে তেতিয়া কংকী বায়ে তেনেকুৱা কিবা এটা কোৱা হ’লে ওলোটাই কংকী বায়েকক কথাহে শুনালেহেঁতেন ! কংকী বায়েকেও মাকক নিব নোৱাৰা কথাবোৰত হয়ভৰ দি এনে অৱস্থাত এৰি থৈ যাব ওলোৱা দেখি নলিনী আচৰিত হৈছিল আৰু তাইৰ মনে ঢুকি পোৱা ভাৱ বোৰৰ কথা কংকীক কৈ দিবৰ মন গৈছিল নলিনীৰ কিন্তু কংকী বায়েকৰ সংসাৰখনৰ সুখ-শান্তিৰ কথা ভাৱিয়েই নলিনী মনে মনে থাকিল ৷ মাকক নিনিলেই যদি বায়েক সুখত থাকিব পাৰে থাকক ৷ ইয়াত মাকৰ ওচৰত নলিনী আৰু ভায়েক-ভনীয়েকহঁত তো আছেই...
       নলিনীয়ে ভাৱিলে "মই আছোঁ যেতিয়া কোনো চিন্তা নাই , কোনেও নাচালেও বৰমাক মই কেতিয়াও মৰিবলৈ এৰি নিদিওঁ ৷ মই বৰমাক ইয়াতে চিকিৎসা কৰাম ৷ অলপ কষ্ট হ’ব কোনো কথা নাই ৷ ঈশ্বৰে ইমানখিনি সহায় কৰিছে যেতিয়া বাকী খিনিও সুকলমেই কৰি যোৱাৰ শক্তি নিশ্চয় দিব... ” । কথাবোৰ মনতে পাগুলি পাগুলি কংকী বায়েকক পদূলিলৈকে আগবঢ়াই দি নলিনী লৰালৰিকৈ বৰমাকৰ ওচৰলৈ  বুলি ভিতৰলৈ সোমাই গ’ল গৈ...( আগলৈ )




Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)