স্বাধীন দেশৰ পৰাধীন নাগৰিক মই - টোলন তছা

Aditi Tanti
0
স্বাধীন দেশৰ পৰাধীন নাগৰিক মই
আছোঁ অঘোষিত কাৰাগাৰৰ দুৰ্ভগীয়া কয়দী হৈ
আহিছিলোঁ এসময়ত স্বদেশ-স্বজাতি এৰি 
পেটৰ তাড়নাত কৰিছিলোঁ বৃটিছৰ গোলামী ।

শুনিছিলোঁ গছৰ পাত ছিঙিলেই টকা পায়
দেহা ক'লা কৰিলোঁ যাতনাৰ বোজা কঢ়িয়াই
বন্দী জীৱনৰ চকৰি যুগে যুগে ঘূৰিয়ে আছে
মোৰ উকা চোতালত এতিয়াও দৰিদ্ৰতাই নাচে ।

এটি কলি দুটি পাতেই মোৰ পৰিচয়
যাৰ বাবে কৰিছোঁ এই জীৱনৰ অপচয়
এবেগেত পেটে বিবেকক দিয়ে শুৱাই
হাত-ভৰিয়েহে জানে কিমান খাটনি সদায় ।

আহৰি আছে যদি এপাক চাই যাব পাৰে 
আঙুলি ফাটে কিদৰে চাহপাত ছিঙি বাৰে বাৰে
অনাক্ষৰী শ্ৰমিক মই আজীৱন পৰিস্থিতিৰ গোলাম
চাহাবক দেখি এতিয়াও মূৰ দোৱাই কৰোঁ চালাম ।

জ্ঞানৰ ভোকতকৈ পেটৰ ভোকৰ শকতি বেছি 
পঢ়াশালিৰ দুৱাৰডলিতে অসফলতাই ধৰে হেঁচি
সেউজীয়াৰ বুকুত সেউজী সপোনে কুঁহি নেমেলা হ'ল
আকাশখন চুই চোৱাৰ হেঁপাহ আধৰুৱা হৈয়ে ৰ'ল ।

পুতলা নাচৰ পুতলা হৈ থকাৰ আৰু অকণো ইচ্ছা নাই
দিন-ৰাতি একাকাৰ কৰি এদিন যামেই মই আগুৱাই 
জগতৰ লগত ফেৰ মাৰিম নিজ প্ৰতিভাৰ চিলা উৰুৱাম
পৰাধীনতাৰ শিকলি ছিঙি স্বাধীনতাৰ জয়গান গাম ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)