স্থান, কাল পাত্ৰ ভেদে আমি সকলোৱে সাজ পোছাক পৰিধান কৰাটো উচিত - চিন্ময় ডেকা

Aditi Tanti
0
জীৱন মাথোঁ দুদিনীয়া, এই দুদিনীয়া জীৱন পৰিক্ৰমাত মানৱ জাতি সুন্দৰৰ পূজাৰী। সকলোৱে নিজস্বতাৰে নিজক আটকধুনীয়া কৰি ৰাখিব বিচাৰে, এই ক্ষেত্ৰত সাজ-পোছাকৰ অৱদান অতুলনীয়। য'ত সুন্দৰৰ সাধনাত ব্ৰতী হৈ মানুহে নিজকে বিভিন্ন ৰূপত সজাবলৈ প্ৰয়াস কৰে। প্ৰকৃততে সুন্দৰ সাজ-পোছাকে মানুহৰ মনলৈ এক নতুনত্বৰ সঞ্চাৰৰ দিশে ধাৱমান কৰে। পুৰুষ,মহিলা, ডেকা,গাভৰু উভয়ৰে মনত অনাকাংক্ষিত আনন্দৰ জোৱাৰ আনি দিব পাৰে, ইয়াক কাহানিও নুই কৰিব নোৱাৰি। 
              সাম্প্রতিক সময়ত আধুনিকতাৰ পৰশ পোৱাৰ লগে-লগেই মানুহৰ ৰুচিবোধৰো পৰিৱৰ্তন হৈছে।এই পৰিৱৰ্তনে সাজ-পোছাকৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাইছে। এই ক্ষেত্ৰত পুৰুষ সকলতকৈ নাৰী সকল বেছি প্ৰভাৱান্বিত হোৱা যেন, মোৰ অনুভৱ হয়। বিশেষকৈ পশ্চিমীয়া সংস্কৃতিৰ প্ৰতি অগাধ আনুগত্য প্ৰকাশ কৰা পৰিলক্ষিত হয়। মহিলা,তিৰোতা,ছোৱালীৰ সাজ-পোছাকৰ পুৰুষ সকলৰ ক্ষেত্ৰত ৰিজাই চালে বৰ্তমান সময়ত একোৱেই পাৰ্থক্য নাই? পুৰুষ সকলে পৰিধান কৰা সাজ-পোছাক সমূহ মহিলাই পিন্ধা আৰম্ভ কৰিছে।কাৰণ, অত্যাধুনিক আধুনিকতাই বলীয়া কৰি পেলাইছে য'ত মহিলা সকলে অসমীয়া চাদৰ-মেখেলাৰ পৰিৱৰ্তে জিনচ্,টি-ছাৰ্ট,হাফপেন্ট, 
পায়জামা ইত্যাদি ধৰণৰ পোছাক পিন্ধিবলৈ লোৱা দেখা পোৱা যায়। ফলশ্রুতিত অসমীয়া সংস্কৃতি ক্ৰমে লোপ পাবলৈ লৈছে। অতীজৰে পৰা প্ৰচলিত অসমীয়া সাজ পোছাক ৰিহা,মেখেলা, ধুতি, চাদৰ, পাগুৰী, চোলা, চেলেং, খনীয়া, গামোছা আদিয়েই হ'ল অসমৰ পৰম্পৰাগত সাজ-পাৰ। কিন্তু সময়ৰ সন্ধিক্ষণত আধুনিকতাৰ জন-জীৱনত ইয়াৰ ঐতিহ্য এদিন নহয় এদিন নৱপ্ৰজন্মৰ পৰা বিলুপ্তিৰ দিশলৈ অগ্রসৰ হ'ব, কোনো অৱকাশ নাই?
বৰ্তমান সময়ত মহিলা সকলৰ প্ৰিয় পোছাক হ’ল চুৰিদাৰ। নিজস্ব ব্যক্তিগত সুবিধাৰ বাবে ব্যস্ত চহৰ-নগৰত চুৰিদাৰৰ ব্যৱহাৰৰ প্ৰয়োজনীয়তাক নুই কৰিব নোৱাৰি। ই যথেষ্ট ইতিবাচক অৱদান আগবঢ়ায়। এক দৃষ্টিকোণৰ পৰা বিচাৰ কৰিলে, আগৰ দিনত বেছি ভাগ মহিলাৰ ঘৰ-সংসাৰক লৈ একোটা সীমাৰ ভিতৰতে আৱদ্ধ হৈ আছিল। তেওঁলোকে প্ৰয়োজন সাপেক্ষেহে কেতিয়াবা বাহিৰলৈ ওলাইছিল। কিন্তু বৰ্তমান সময়ত মহিলাৰ জন-জীৱন প্ৰণালীত বহুত ন-পৰিৱৰ্তন আহিছে। এই পৰিৱৰ্তন মানিব লগীয়াই। কিয়নো, উন্নতি পথত আগুৱাবলৈ হ’লে সময়ৰ পৰিৱৰ্তনৰ লগে-লগে জীৱন প্ৰণালীতো পৰিৱৰ্তন অহাটো অনবদ্য। অৱশ্যে নিজস্বতাক বাদ দি ইয়াক মানি লোৱাটোৱে শ্ৰেয় বুলি ক’ব নোৱাৰি। তথাপি নিজস্ব বিচাৰ-বিবেকেৰে সাজপাৰ পৰিধান কৰাটো অতিকৈ প্ৰয়োজনীয়।
      যুগৰ পৰিৱৰ্তনৰ লগে লগে মনুহৰ ৰুচিবোধ সলনি হোৱাটো স্বাভাৱিক। কিন্তু নিজস্বতাক বাদ দি আধুনিকতাৰ পৰশত জাহ গৈ নিজক বিদেশী বণিকৰ হাতত অৰ্পণ কৰিটো কোনোপধ্যেই গ্রহণযোগ্য নহয়? জীৱনত সদায় সংস্কাৰী প্ৰমূল্যবোধৰ প্ৰতি আকৃষ্ট হ'ব লাগে। সংস্কাৰবোৰ নিজে নিজে নাহে; একমাত্ৰ পিতৃ-মাতৃ, লগতে ঘৰুৱা পৰিয়ালবৰ্গৰ পৰা সন্তানলৈ আহে। ক্ৰমশঃ ই এক নুবুজাৰ সাঁথৰ হৈ পৰিছে। উল্লেখ্য ভাৱে আচলতে আমি সকলোৱে স্থান, কাল, পাত্ৰ ভেদে, বিচাৰ-বিবেকেৰে সাজপাৰ পৰিধান কৰিব লাগে। সুস্থ সমাজ জীৱনত আমি সকলোৱে জ্ঞাত। তেনেস্থলত আধুনিকতাৰ দৃষ্টিভংগীৰে আধ্যাত্মিক প্ৰমূল্যবোধৰ হেয় পতিপন্ন কৰি অতীজৰে পৰা প্ৰচলিত ৰীতি-নীতিৰ বিৰুদ্ধে যোৱাটো, কোনোপধ্যেই যুক্তিসংগত নহয়। যেতিয়া মানুহৰ চিন্তা ধাৰণাবোৰ নগ্ন হয়, তেতিয়া সমাজত কাপোৰ পৰিধান কৰাটো প্ৰয়োজনীয়তাই বা ক'ত? আপোনাৰ দৰে মোৰ মনটো প্ৰশ্ন হয়?
কি অদ্ভুত, আধুনিকতাই বলীয়া কৰি পেলাইছে, সকলোকে। 
য'ত লাজ,ভয়,শংকা ক্ৰমে বিলুপ্তিৰ দিশত। সমাজত যিমানেই আধুনিকতাৰ পৰশ-নপৰক কিয়,আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়,সৰ্বজনবিদিত। তদুপৰি অসমীয়া জাতীয় সংস্কৃতি ৰক্ষা কৰি স্থান কাল,পাত্ৰ,ভেদে সাজ-পোছাক পৰিধান কৰাটো প্ৰতি গৰাকী নৱপ্ৰজন্মৰ পুৰুষ,মহিলাৰ প্ৰধানতঃ দায়িত্ব আৰু কৰ্তব্য।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)