মানুহজনে সদায় এটা ৰাস্তাৰে দৈনিক অহা-যোৱা কৰে কৰ্মসূত্ৰে। দৈনিক যাত্ৰাৰ প্ৰতিটো দৃশ্য চকুৰ চশমাৰ আগত পৰে আৰু সেই দৃশ্যবোৰ হৃদয়ৰ মধুৰ এলবামত সজাই ৰাখে।
সেইদিনাও একে সময়ত একে ৰাস্তাৰে ছাতিটো হাতত লৈ নিজ মনে গৈ আছিল। হঠাৎ এখন চাহৰ দোকানৰ পৰা কেইটামান কটু কথা ভাঁহি মানুহজনৰ কাণত পৰিছিল। হয়তো!মানুহজনৰ বিবেকত স্পৰ্শ কৰিছিল,সেয়ে দোকানখন গৈ সোমাওঁতে সৰু ল'ৰাজনে আদৰ কৰি বহিবলৈ ক'লে আৰু কি খাব বুলি সুধিলে তেতিয়া মানুহজনে কলে "ব'লা, আজি মোৰ লগত শিক্ষক দিৱসৰ সভালৈ। আজিৰ মজুৰিটো মই দিম।"অলপ সময়ৰ বাবে মালিক আৰু ল'ৰাজন মৌন হৈ পৰিল। তাৰ পিছত আকৌ ক'লে ,"ব'লা। মোৰ পলম হৈ আছে।" সভা শেষ হ'ল। তেখেতে সম্বৰ্দ্ধনাত পোৱা কলম আৰু বহীকেইখন দি ক'লে," আজিৰপৰা দোকানত নাযাই এইটো মন্দিৰলৈ আহিবা ।মই তোমাক প্ৰতিদিনে তোমাৰ মজুৰি দিম।"
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ