জীৱনৰ অন্য নাম সংগ্ৰাম-খণ্ড(১০)-পূৰ্ণিমা বৰঠাকুৰ বেজবৰা

©Admin
0
এইবাৰ নলিনীয়ে মেট্ৰিকৰ পৰীক্ষা দিব ৷পৰীক্ষালৈ বেছি দিন নাই ৷ মাজত মাত্ৰ দহটা দিন আছে ৷ পদুমনি হাইস্কুলৰ শিক্ষক-শিক্ষয়িত্ৰী সকলৰ উত্তেজনাৰ অন্ত নাই ৷ বৰুৱাৰ ছোৱালী ৰুনুমী ( কংকী ) ৰ দৰেই নলিনীয়েও নিশ্চয় পদুমনি উচ্চ মাধ্যমিক স্কুললৈ  গৌৰৱ কঢ়িয়াই আনিব ৷ তাইৰ পাৰদৰ্শিতা দেখি স্কুলৰ লগতে পদুমনি গাঁৱৰ মানুহখিনিৰো দৃঢ় বিশ্বাস যে ছোৱালীজনীয়ে জীৱনত ভাল কিবা এটা কৰিব। শিক্ষাৰ একেবাৰে শীৰ্ষত উপনীত হৈ এদিন উঠি অহা প্ৰজন্মৰ বাবে চানেকি স্বৰূপ আদৰ্শ হৈ ৰ’ব ৷
     সকলোৰে ভাবৰ বিপৰীতে নলিনীৰ মনৰ মাজত অন্য এখন যুদ্ধহে যে চলি আছে তাৰ উমান কোনেও ল’বলৈ সক্ষম নহ’ল কোনোদিনে ! কোনে কি কৈছে , কি ভাবিছে সেইবোৰলৈ কোনো কাণসাৰ নাই নলিনীৰ... ৷ এমাডিমা  বয়সতে ঈশ্বৰে সিহঁতৰ মাক-দেউতাক দুয়োজনকে আঁতৰাই নি তাইৰ ওপৰত বৰ গধুৰ দায়িত্ব দিছে ৷ নিজৰেই ওঁঠ চেপিলে গাখীৰ ওলোৱা বয়স , তেনেস্থলত তিনিটাকৈ ভায়েক-ভনীয়েকৰ যতন ল’ব লাগিব...৷ তেজ মঙহৰ সম্বন্ধীয় নহ’লেও কোনোবা জনমৰ বহুত ভাল কাম কৰাৰ বাবে ঈশ্বৰে জীৱন বৰুৱা আৰু তেওঁৰ পত্নীক সিহঁতৰ বৰদেউতাক আৰু বৰমাক হিচাপে দিলে ৷ তেওঁলোক নথকা হ’লে হয়তো সিহঁত আজি ক’ত কেনেকৈ থাকিব লগা হ’লহেঁতেন তাৰ কোনো ঠিকনা নাই ! বৰদেউতাক-বৰমাকে বহুত কৰিলে ৷ সেয়ে তাই মনতে এক ডাঙৰ সিদ্ধান্ত কৰি আছে ৷ অৰ্থাৎ তাই মেট্ৰিক পাছ কৰাৰ পাছত আৰু পঢ়াৰ কথা ভবা নাই ৷ তাই ব্যৱসায় কৰিব ৷ এনেকুৱা এটা ব্যৱসায় , যিটো ব্যৱসায় খুব কম খৰচতে ঘৰতে থাকি  কৰিব পাৰিব তাই ৷ ইতিমধ্যে তাই সেই বিষয়ে স্কুলৰ  বিজ্ঞান পঢ়ুওৱা শিক্ষয়িত্ৰী মিনটি বাইদেউৰ লগত কথা-বতৰা পাতিছেই ৷ অৱশ্যে তাই যে এনেকুৱা এটা ব্যৱসায় কৰিব তেনেকুৱা একো কোৱা নাই ৷ এদিন পাঠ্যক্ৰমত প্রটিনযুক্ত খাদ্যৰ বিষয়ে বুজাই থাকোঁতে মাছৰোমৰ কথা ওলাইছিল ৷ মাছৰোম শৰীৰৰ কাৰণে বৰ উপকাৰী আৰু বহুত প্ৰটিনযুক্ত এবিধ খাদ্য ৷ ইয়াক অতি সহজে ঘৰতে উৎপাদন কৰিব পাৰি ৷ অৰ্থ উপাৰ্জনৰো ই এক সবল মাধ্যম হ’ব পাৰে , মাথোঁ এখন বজাৰৰ আৰু মানুহৰ মাজত সজাগতাৰ সৃষ্টি কৰিব পাৰিব লাগিব ৷ সিদিনাখনেই স্কুল ছুটীৰ পিছত মিনটি বাইদেউৰ লগত নলিনীয়ে মাছৰোমৰ বিষয়ে আৰু বহুত কিবাকিবি  আলোচনা কৰিলে 
আৰু কৈছিল বাইদেৱেই দেখোন দুখীয়া ল’ৰা-ছোৱালী কিছুমানক লৈ এই ব্যৱসায়টো চাইদ বিজিনেছ্‌ হিচাপে কৰিব পাৰে... ৷ তাইৰ কথা শুনি বাইদেৱে ধেমালি কৰি কৈছিল “ তুমি পঢ়া শেষ কৰি আহা , আমি দুজনীয়ে লগ হৈ এই বিজিনেছ কৰিম...” ৷ বাইদেউৰ কথাই নলিনীক উৎসাহ দিছিল ৷ তাই সেইটো ধেমালি বুলি নাভাৱিলে বৰঞ্চ সিদিনাই এটা স্থিৰ সিদ্ধান্ত লৈ পেলাইছে মেট্ৰিক পাছ কৰাৰ পিছত তাই আৰু নপঢ়ে ৷ তাই মাছৰোমৰ বিজিনেছ্‌ কৰি অৰ্থ উপাৰ্জন কৰিব আৰু ভায়েক-ভনীয়েকহঁতক পঢ়াই-শুনাই ডাঙৰ মানুহ কৰিব ৷ উৰ্বশী পঢ়া-শুনাত বৰ ভাল ৷ তাইৰ ভাৱ-ভংগীলৈ চাই ভৱিষ্যতে তাই যে এগৰাকী ভাল চিকিৎসক হ’ব পাৰিব ,সেইটো তাইৰ মনটোৱে কয় ৷ ইফালে ভায়েক ডিপুৰ সকলোৱে আৰক্ষী বিষয়া হোৱাৰ লক্ষণ থকা বুলি কৈ থাকে ৷ তাৰ হেনো আদব-কায়দাবোৰ একদম আৰক্ষী বিষয়াৰ নিচিনা...৷ ক্লাছ এইট পাইছেহে ৷ এই কণমানি বয়সতে সময়ে সময়ে বিভিন্ন ক্ষেত্ৰত যথেষ্ট সাহসৰ পৰিচয় দেখুৱাইছে সি ৷ গতিকে ভৱিষ্যতে ডিপুক আই এছ পৰীক্ষা দিয়াই প্ৰশাসনিক বিষয়া ৰূপে প্ৰতিষ্ঠা কৰোৱাৰ ইচ্ছা নলিনীৰ ৷ আনহাতে  একেবাৰে সৰু জিম্‌লি সৰুৰে পৰা ৰাংঢালী ছোৱালী ৷ তাতে তাইৰ নাচ-গানৰ প্ৰতি বহু ৰাপ আছে ৷ বৰদেউতাকহঁতৰ টি ভিত দেখি দেখিয়েই তাই বৰ সুন্দৰকৈ গাব আৰু নাচিব পৰা হৈছে ৷ গতিকে সকলোৱে ভাৱে তাই সুবিধা পালে বৰ ভাল গায়িকা বা নৃত্য বিশাৰদ হ’ব পাৰিব ৷ ...মুঠৰ ওপৰত  “ভায়েক-ভনীয়েকহঁত ডাঙৰ মানুহ হ’ব লাগিব ৷ সিহঁতক সকলোৱে এদিন প্ৰশংসাৰে ওপচাই দিব লাগিব ৷ ক’ৰবাত জীয়াই আছে যদি দেউতাক প্ৰসন্ন শৰ্মাও এদিন সিহঁতৰ ওচৰলৈকে ওভতি আহিব লাগিব আৰু উপলব্ধি কৰিব পাৰিব লাগিব যে তেওঁ হীৰা জন্ম দি দলিয়াই পেলাই দি কিমান ভুল কৰিছিলে  ? সেই হীৰাৰ চমকনিত আজি কেনেকৈ তেওঁ নিজেও জিলিকিব ধৰিছে... " । ইমানবোৰ সপোন তাই মনৰ মাজত সংগোপনে কঢ়িয়াই লৈ ফুৰিছে ৷ ভায়েক ডিপু আৰু উৰ্বশী ,  জিমলীক মাক-দেউতাকৰ অভাৱ অনুভৱ কৰিবলৈ নিদিয়াকৈ আবদাৰত ৰাখিছে  ৷ বৰুৱা বৰুৱানীয়ে টকা-শিকাৰ একো অভাৱ দিয়া নাই যদিও তাই  নিজৰ আৰু ভায়েক-ভনীয়েকহঁতৰ জীৱনবোৰ আনৰ সহানুভূতিৰে আগুৱাব বিচৰা নাই ৷ সৰু হৈ থাকোঁতে বেলেগ কথা আছিল ৷ এতিয়া অলপ ডাঙৰ হৈছে যেতিয়া নিজৰ বাবে অলপ কিবা কৰাৰ হেঁপাহত তাই কেইবাটাও টিউচন গোটাই লৈছে ৷ তাই পঢ়ুওৱা ল’ৰা-ছোৱালীয়ে পঢ়া-শুনাৰ লগতে আচাৰ-আচৰণৰ ক্ষেত্ৰতো ভাল হৈছে গতিকে গাঁওখনৰ  বহুত অভিভাৱকে এতিয়া তেওঁলোকৰ ল’ৰা-ছোৱালীক ঘৰুৱা শিক্ষক হিচাপে 
নলিনীয়ে পঢ়ুওৱাটো বিচাৰে  ৷ নলিনীয়ে নিজৰ পঢ়া-শুনাৰ লগতে টিউচনৰ ল’ৰা-ছোৱালী আৰু ভায়েক ভনীয়েকহঁতৰো পঢ়া-শুনা চাব লাগে ৷ তদুপৰি বৰমাককো দুই এটা কামত সহায় কৰি দিব লাগে ৷ বৰমাকে নকয় যদিও তাইৰ মনটোৱে নামানে ৷ নলিনীৰ কাম-কাজ দেখি ভায়েক ডিপু আৰু ৰুবুলে তাইক “আমাৰ ৰবট বাইদেউ  আহিছে... ঐ সাৱধান দেই সকলো” বুলি সময়ে সময়ে জোকায়... ৷ নলিনীয়ে সিহঁতৰ কথাত আগৰ দৰে আজিকালি খেদি নাযায় ৷ মিছিকিয়াই হাঁহি এটি মাৰি হাঁহিৰ আঁৰৰ বেদনাখিনিৰ উমান কাকো নিদিয়ে...( আগলৈ...)


✍🏻পূৰ্ণিমা বৰঠাকুৰ বেজবৰা
     নগাঁও

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)