আমাৰ ফালে এপাক আহিবি অ' জীৱন'-হৰ্ষবৰ্দ্ধন

©Admin
0
সময় পালে আবেলি আমাৰ ফালে এপাক আহিবি অ' জীৱন।
বহু অভিমান, বহু প্ৰশ্ন, আৰু বহু কথা আছে তোৰ সতে।
সময় পালে এপাক আহিবি,অভিমানবোৰ ভাঙি যাবিহি, প্ৰশ্ন বোৰৰ উত্তৰ দিবি আৰু কথাবোৰ শুনিবিহি।
আমাৰ ফালে নৰিয়া বৰ বাঢ়িছে অ',হুৰাহুৰে বাঢ়িছে মানুহৰ উশাহৰ দাম।
চিলিণ্ডাৰৰ কৃত্ৰিম উশাহে জীয়াই ৰাখিছে আমাক।
কথাবোৰ বৰ চিধা অ' জীৱন,তই বুজিবলৈ চেষ্টাহে কৰা নাই।
চকুৰ সন্মুখত মানুহে বাৰু আপোনজনৰ মৃত্যু যুদ্ধখন কেনেকৈ চাই!
জীৱ শ্ৰেষ্ঠ আজি বৰ নিঃকিন হৈ পৰিছে অ' জীৱন, সকলোৰে যেন হাতবোৰ বন্ধা।
সময় পালে আবেলি আমাৰ ফালে এপাক আহিবি অ' জীৱন,সৰু ল'ৰাক সাধু কোৱাৰ দৰে কম দে তোক কথাবোৰ।
আজিকালি মানুহে নৰখা হৈছে অ' দিন মাহ বাৰ অথবা বছৰৰ হিচাপ।
চাৰিওফালে মাথোঁ স্থবিৰতা।
সমাজমুখী মানুহ আজি হৈ পৰিছে সমাজ শূন্য ।
তই ইমান নিৰ্দয় ইমান পাষাণ কিয় আৰু কেনেকৈ হলি অ জীৱন।
তইয়ো বাৰু হৈ পৰিছ নেকি দেশৰ মন্ত্ৰী আমোলা বোৰৰ দৰে ঘোচখোৰ।
নিঃকিন ভাইৰাছে তোক দিয়ে কিছু মূল্য,যাৰ বাবে তই হৈ পৰ গোলাম,কাঢ় মানুহৰ প্ৰাণবায়ু।
আবেগ অনুভূতি, মৰম ভাল পোৱাবোৰ অলপ বুজি পাবি অ' জীৱন।
তইটো বৰ শক্তিশালী আছিলি অ' জীৱন,বয়স বঢ়াৰ লগে লগে হৈ পৰিছ নেকি তই নিশকতীয়া,হেৰুৱাইছ নেকি দুবাহুৰ বল,হেৰুৱাইছ নেকি নিজৰ সত্তা।
মানুহবোৰক ইমান বিবশ নকৰিবি অ' জীৱন।
আবেলি এপাক আহিবি,আইয়ে তুলসী তলত বিশ্ব-শান্তি কামনা কৰি জ্বলাব শিখা।
আৰু তোক মই পঢ়াম তই পাহৰি যোৱা
"সৰ্বে শন্তো সুখিনঃ সৰ্বে শন্তো নিৰাময়াঃ।।"

✍️ হৰ্ষবৰ্দ্ধন

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)