গাঁওবোৰ চহৰ হোৱাৰ পৰা-বীৰেন চমুৱা

©Admin
0
গাঁওবোৰ চহৰ হোৱাৰ পৰা
সপোনবোৰ ধূসৰিত হ'ল
আশাবোৰ বাষ্পায়িত হ'ল
গছবোৰ নোহোৱা হোৱাৰ পৰা
পখীৰ মাতত
টোপনিৰ আমেজ নভঙা হ'ল
এতিয়া মাথো চৌদিশে
ধূলিৰ আৱাহন
উশাহ বোৰ গধুৰ , নিথৰ...
নিমজ মজিয়াত 
টাইলছৰ কৃত্ৰিম প্ৰলেপ
তথাপি জীৱন নিৰৱধি
সপোনৰ দিশে গাঁৱৰ সহজ জীৱন 
সময়ৰ হাত ধৰিও
আমিবোৰ অপেক্ষাত সেউজীয়াৰ ।

✍🏻বীৰেন চমুৱা, 
     ঢকুৱাখনা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)