পিতৃ-মাতৃয়ে সন্তান জন্ম দি তেওঁলোকক পৃথিৱীৰ প্ৰথম পোহৰ দেখুৱায় । তাৰ পাছত শিক্ষাগুৰুৱে জ্ঞানৰ পোহৰ দেখুৱাই তেওঁলোকক জীৱন বাটত অগ্ৰসৰ হ'বলৈ শিকায় ।
পুৰণি কালত গুৰু-শিষ্যৰ সম্পৰ্ক পিতা-পুত্ৰৰ সমান আছিল । গুৰু-গৃহত থাকি শিষ্যই শিক্ষা আহৰণ কৰিবলগা হৈছিল । আজিকালিৰ দৰে বিদ্যালয়-মহাবিদ্যালয়ত শিক্ষা গ্ৰহণৰ ব্যৱস্থা নাছিল । ভাৰতীয় ঐতিহ্যত গুৰুক শ্ৰদ্ধা জনোৱাটো এক গৌৰৱময় পৰম্পৰা । গুৰুক শ্ৰদ্ধা জনোৱা , গুৰুৱে আশিস জনাই ছাত্ৰক মৰম কৰা...অতি শুভ আৰু পৱিত্ৰ কৰ্ম ।
ছাত্ৰ-ছাত্ৰীৰ লগত সততে বিভিন্ন ধৰণে জড়িত থকা শিক্ষকেহে অনুভৱ কৰিব পাৰিব তেওঁলোকৰ সান্নিধ্যৰ পৰা আঁতৰি থকাটো কিমান কষ্টকৰ ! মোৰ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰা পাঁচ বছৰ পাৰ হ'ল যদিও মনটো সদায় ছাত্ৰ-ছাত্ৰীৰ লগতে আছে ।
২০১৫ চনৰ ২৫ আগষ্ট তাৰিখে শিক্ষক দিৱস উপলক্ষে ছাত্ৰ-ছাত্ৰীসকলে গাব পৰাকৈ মই এটি গীত লিখিছিলোঁ । সেই গীতৰ সুৰ কৰিছিলোঁ যদিও বিদ্যালয়ৰ ভগ্নীসদৃশ সহকৰ্মী দেৱজ্যোতি কছাৰী আৰু জোনমণি হাজৰিকাই তেওঁলোকৰ শুৱলা মাতেৰে /সুৰীয়া কণ্ঠেৰে অধিক আকৰ্ষণীয় কৰি তুলিছিল । তেওঁলোকলৈ অশেষ ধন্যবাদ ।
ছাত্ৰ-ছাত্ৰীসকলে ৫/৯/২০১৫ তাৰিখে বিদ্যালয়ৰ শিক্ষক দিৱসৰ সভা আৰু ধেমাজি ৰাজহুৱা ভৱনত ( public hall ) কেন্দ্ৰীয়ভাৱে পতা শিক্ষক দিৱসৰ সভাত সুন্দৰভাৱে এই গীত গাই সকলোকে আনন্দিত কৰিছিল আৰু প্ৰশংসা লাভ কৰিছিল । এই বছৰ শিক্ষক দিৱসৰ দিন চমু চাপি অহাৰ লগে লগে মোৰ সেই পুৰণি দিনবোৰলৈ বৰকৈ মনত পৰিছে । যিবোৰ দিনত আমিও ছাত্ৰ-ছাত্ৰী আছিলোঁ । সভক্তিৰে শিক্ষাগুৰুসকলক শ্ৰদ্ধা কৰিছিলোঁ আৰু আমাক আশীৰ্বাদ দিছিল । শিক্ষক দিৱসৰ বেজ পিন্ধি উৎফুল্লিত হৈ পৰিছিলোঁ । এতিয়াও মই মোৰ সেই মাননীয় শিক্ষাগুৰুসকলক শ্ৰদ্ধাৰে স্মৰণ কৰোঁ । জীৱিত শিক্ষাগুৰুসকলক ( সংখ্যাত তাকৰ ) মোবাইল যোগে মাত এষাৰ লগাওঁ ।
শিক্ষক দিৱসৰ কথা মনলৈ অহাত পুৰণি গীতটিৰ জৰিয়তে সৰ্ব স্তৰৰ শিক্ষকসকললৈ সশ্ৰদ্ধ প্ৰণাম জনালোঁ ।
( গুৰু বন্দনা )
হে গুৰু মহান গুৰু
জনাওঁ নমস্কাৰ
বিশ্বজোৰা খ্যাতিৰে তুমি
হ'লা জাতিষ্কাৰ ।
জ্ঞান সাগৰৰ ৰূপ সাগৰৰ
মাণিক মুকুতা বুটলি
উজ্জ্বলাই তোলা আমাৰ
জীৱন জ্যোতি ।
তোমাৰ মহামন্ত্ৰেৰে দীক্ষিত
নতুন পূজাৰী আমি
আকাশে - বতাহে বিয়পাই দিওঁ
তোমাৰ অমোঘ বাণী ।
তুমি মমৰ দৰে
গলি গলি
স্ব - মহিমাৰে মণ্ডিত
সূৰ্য - শিখা তুমি ।
তোমাৰ আশিসেৰে
নৱ প্ৰেৰণাৰে
প্ৰগতিৰ সোপান ৰচি
আগবাঢ়ি যাওঁ তুমি
বিলোৱা পোহৰ
সিঁচি সিঁচি ॥
............. ............
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ