শৰীৰ চৰ্চাত যোগ, ব্যায়াম, প্ৰাণায়াম অপৰিহাৰ্য -চিন্ময় ডেকা

Rinku Rajowar
0
শৰীৰ চৰ্চাত যোগ, ব্যায়াম আৰু প্ৰণায়াম এক অপৰিহাৰ্য অংগ। ই  মানৱ শৰীৰৰ আভ্যন্তৰীণ ক্ষমতা সমূহক বিকাশ ঘটাব পাৰে।যোগাসন এক আধ্যাত্মিক অনুশাসন। যাৰ দ্বাৰা আত্ম উপলব্ধি অৰ্জন কৰিবলৈ সক্ষম হয়। মানুহৰ স্বাস্থ্যৰ কলা, বিজ্ঞান আৰু জীৱনৰ সকলো দিশৰ উন্নতিৰ বাবে যোগাভ্যাস ভাৰতীয় সংস্কৃতিৰ এক প্ৰাচীনতম পদ্ধতি। এক কথাত কবলৈ হ'লে, যোগ দৈহিক, মানসিক আৰু আধ্যাত্মিক দিশক সাঙুৰি লোৱা ভাৰতীয় পৰম্পৰাগত ৰীতি। যোগ শব্দটো সংস্কৃত শব্দ 'যুজ'ৰ পৰা উৎপত্তি হৈছে। যোগে মন পবিত্ৰ কৰি তোলে, ভগৱানৰ সৈতে আত্মাৰ সম্পৰ্ক স্থাপন কৰি আমাৰ মস্তিষ্ক সন্তুলন কৰে। লগতে যোগাসন বা যৌগিক ব্যায়ামে মানৱ শৰীৰৰ স্নায়ুসমূহ তথা দেহৰ আভ্যন্তৰৰ অংগসমূহ বিশেষভাৱে সুস্থ, সবল আৰু কাৰ্যক্ষম কৰি তুলিব পাৰে। যোগ ব্যায়ামে মানৱ শৰীৰৰ বিভিন্ন প্ৰকাৰে উৎকৰ্ষ সাধন কৰে।উল্লেখ্য ভাৱে আত্ম মনোবল বৃদ্ধি, হতাশাগ্রস্ত হ'লে নিৰাময়, স্নায়ু শক্তি সবল, বিভিন্ন ধৰনৰ বাত বিষৰ পৰা নিৰাময় লাভ কৰিবলৈ সক্ষম হয়। পৌৰাণিক কালত ঋষি মুনি সকলে যোগ কৰা ফলত দীৰ্ঘ জীৱন লাভ কৰাৰ লগতে বিভিন্ন ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হৈছিল। সেই সকলে সম্পূৰ্ণভাৱে আত্মবিশ্বাস, একাগ্ৰতাৰে যোগ অনুশীলন কৰিছিল। নিজকে নিৰোগী আৰু কাৰ্যক্ষম কৰি আনক আসন কৰিবলৈ পৰামৰ্শ দিছিল, সেই আসনেই হ'ল যোগাসন য'ত জীৱনৰ উৎকৰ্ষ সাধনৰ এক প্ৰাচীনতম ব্যৱস্থা ৰূপ নিশ্চিত হৈ পৰিছিল।
যোগাভ্যাস কেইবাটাও ভাগত বিভক্ত। কিছুমান মনোবিজ্ঞান সম্বন্ধীয়, যেনে - যম, নিয়ম আৰু প্ৰাণায়াম। আন কিছুমানৰ মতে মন আৰু আত্মা সম্বন্ধীয়, যেনে - প্ৰত্যাহাৰ, ধাৰণা। কিছুমান আধ্যাত্মিক, যেনে - ধ্যান, সমাধি। কিছুমান সম্পূৰ্ণৰূপে দৈহিক, অঙ্গ সঞ্চলন প্ৰক্ৰিয়াৰ, যেনে - আসন, মুদ্ৰা। 
       প্ৰধানতঃ যোগাসনক দুটা ভাগত বিভক্ত কৰা হৈছে। এটা হ'ল - ৰাজযোগ আৰু আনটো হ'ল - হঠযোগ। ৰাজযোগ আধ্যাত্মিক বিকাশ, পৰমাৰ্থিক লাভৰ প্ৰক্ৰিয়াৰে জড়িত। হঠযোগৰ মাধ্যমেৰে দৈহিক অঙ্গ সঞ্চালন প্ৰক্ৰিয়াত মনোযোগ দিয়া হয় আৰু শৰীৰ সততে সুস্থকৈ ৰখাৰ চিন্তা কৰা হয়।যোগাসনৰ সময়ত নিয়মবোৰ মানি চলিব লাগে। স্বাস্থ্য ৰক্ষাৰ বাবে যোগাসন কৰিলে গৰমৰ দিনত১০-১৫ মিনিট আৰু ঠাণ্ডাৰ দিনত ২০-২৫ মিনিটেই যথেষ্ট। যিয়েই যোগাসন নিয়মিতভাৱে কৰে তেওঁৰ কোনো অসুখ নহয় আৰু শৰীৰ সবল হৈ থকাটো নিশ্চিত।
                অতি সহজ-সৰল যোগাসনৰ বিৱৰণ উল্লেখ কৰিলোঁ। এই আসন সমূহ অভ্যাসত পৰিণত কৰিলে আপোনাৰ, মোৰ, সকলোৰে স্বাস্থ্য সুস্থ হৈ  থকাটো নিশ্চিত হ'ব। 
  বজ্ৰাসন:-  বজ্ৰাসন ব্যায়ামৰ উপকাৰিতা সমূহ হ'ল - কোনো ব্যক্তিৰ মনৰ চঞ্চলতা দূৰ কৰে। বদ হজম, গেছ, কোষ্ঠকাঠিন্য দূৰ কৰে। ইয়াৰ উপৰিও পিঠিৰ বিষ, বাত বিষ নিৰ্মূল কৰাত এই আসনে যথেষ্ট অৰিহণা যোগায়।
   সৰ্বাংগাসন:- সৰ্বাংগাসন যোগ ব্যায়ামে থাইৰয়ড গ্ৰন্থিক অধিক সক্ৰিয় আৰু সুস্থ কৰে। পাচনতন্ত্ৰ, লিভাৰ সক্ৰিয় কৰি তোলে। এই আসনে কোষ্ঠকাঠিন্য, অৰ্শ  আদি ৰোগ নিৰাময় কৰে।
    চক্ৰাসন:- চক্ৰাসন যোগ  ব্যায়ামে ব্যক্তিৰ কঁকালৰ বিষ, শৰীৰৰ ৰক্ত বৃদ্ধি,  মূৰৰ বিষ, কোষ্ঠকাঠিন্য, হাঁপানী আদি ৰোগৰ পৰা উপশম ঘটাই আৰু স্মৃতিশক্তি বৃদ্ধি হোৱাত সহায়তা প্ৰদান কৰে ।
    বীৰ ভদ্ৰাসন:- বীৰ ভদ্ৰাসন যোগ ব্যায়ামে কফৰোগ, বাত-বিষ,  পিত্তৰোগ আদি নিৰাময় কৰে, লগতে নিৰাশ মনোভাৱ দূৰ কৰি মনলৈ উৎসাহ প্ৰেৰণ কৰে, আনন্দ-ফূৰ্তি ভাৱ উদ্বেগ কৰে, মেৰুদণ্ডৰ হাড় মজবুত কৰে, সুন্দৰ সুঠাম তথা দেহ নিৰোগী কৰি ৰাখে।
                  যোগাসন, প্ৰাণায়াম আৰু ধ্যান এই তিনিওটা প্ৰক্ৰিয়াৰ সমাহাৰে আমি প্ৰায় সকলো ধৰণৰ মানসিক আৰু শাৰীৰিক ভাৱে ৰোগমুক্ত কৰিব পাৰোঁ। আধুনিক চিকিৎসা বিজ্ঞানৰ দ্বাৰা সফল নোহোৱা কেতবোৰ বেমাৰো এই আসনৰ জৰিয়তে  নিৰাময় লাভ কৰিব পাৰোঁ। এই পৃথিৱীত আমাৰ জীৱন খন্তেকীয়া! জীয়াই থকা দিনকেইটা আমি পৰিপূৰ্ণ, সুস্থ-সৱল, সুখেৰে অতিবাহিত কৰাটোৱেই শ্ৰেয়। সেয়ে আঁহক, সকলোৱে যোগাসন কৰোঁ আৰু আমি আমাৰ নিৰোগী জীৱনৰ পূৰ্ণতা প্ৰাপ্তিৰ বাবে অংশীদাৰিত্ব গ্ৰহণ কৰোঁ।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)