বহু কথা , বহু ঘটনাই গতি পায়...
আমি নিজৰ মনটো আৰু 'মই'ক
সঁচা অৰ্থত নিজেই বুজিব নোৱাৰোঁ ,
তেনেস্থলত আনে কেনেকৈ...
অনুভৱৰ আওঁতাত ধৰি লোৱা
কথাবোৰ সঁচা নহ'বওতো পাৰে...
গতিকে মন্তব্য কৰাটো বেয়া
জীৱন পথত আগুৱা বৰ জটিল ।
তাতোকৈও জটিল মানুহৰ
মনৰ সোঁতৰ গতিত গতি কৰা ।
মনৰ ভাববোৰ সকলোৰে বাবে
একেই ৰং-ৰহণ সনা হোৱা হ’লে
পাৰ্থক্যবোৰ নাথাকিলেহেঁতেন...
মনৰ বিন্দুৱে বিন্দুৱে...
ভাবনাৰে মাতাল জ্বলা জুই ,
পাৰ্থক্য মাথোঁ - মই ক্ষমা কৰি দিছোঁ
তেওঁ প্ৰতিশোধ লৈছে আৰু...
তুমি সহনশীলতাৰে নিজক আদৰিছা
জীৱনৰ মধুৰতাত সেয়ে ভিন্নতা
মনৰ কোঁহে কোঁহে
ভাবনাৰ আঁৰে আঁৰে...
জীৱন , এইয়েতো জীৱন...
সহনশীলতা আৰু ক্ষমা
সকলো লোকৰ বাবে সম্ভৱ নহয়
জীৱনৰ মাধুৰ্য্যও বহুলোকে
উপভোগ কৰিব নোৱাৰে
মূঢ়তাত কিম্বা আতিশয্যতাত
কণা , খোৰা , কুঁজা কিম্বা নিঃস্ব...
মাধুৰ্য্য কিন্তু সকলোৰে থাকে
জীৱন ! এইয়েতো জীৱন
'তুমি' , 'মই' আৰু আপোনাৰ জীৱন
এইয়েতো জীৱন।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ