জীৱনৰ অন্য নাম সংগ্ৰাম(খণ্ড-০৯)-পূৰ্ণিমা বৰঠাকুৰ বেজবৰা

অসমীয়া সাহিত্যৰ চানেকি
0
বৰুৱাই ভবাৰ নিচিনাকৈ বৰুৱানীয়ে কোনো ধৰণৰ আপত্তি নেদেখুৱালে কিয়নো বৰুৱানীয়ে নিজৰ জীৱনৰ অভিজ্ঞতাৰ পৰা এটা কথা নিশ্চিত হৈছিল যে ল’ৰা --- ছোৱালীক পঢ়াশুনাৰ লগতে ঘৰুৱা কামকাজৰ সুশিক্ষা সৰুৰে পৰা ভালকৈ দিব লাগে আৰু উপযুক্ত পাত্ৰ পালে উপযুক্ত বয়সত ছোৱালী বিয়া দিব লাগে ৷ ভাগ্যৰ চকৰি সদায় সোঁহাতে নুঘূৰে গতিকে এবাৰ হাতলৈ অহা সুবৰ্ণ সুযোগ দ্বিতীয়বাৰ যে আহিব তাত কোনো নিশ্চয়তা নাই ৷ চৌধুৰীয়ে যিহেতু কংকীৰ পঢ়াশুনাৰ ক্ষেত্ৰত কংকীৰ ইচ্ছামতেই সকলো হ’ব বুলি কথা দিছে গতিকে বিয়াৰ প্ৰস্তাৱত আপত্তিৰ কোনো কাৰণ আছে বুলি তেওঁ নাভাবিলে ৷ আৰু হায়াৰ চেকেণ্ডাৰী পৰীক্ষা দিয়া ছোৱালীজনী একেবাৰে সৰু হৈয়ো থকা নাই ৷ গতিকে  চৌধুৰীৰ প্ৰস্তাৱটো বৰ আগ্ৰহেৰে গ্ৰহণ কৰি যিমান পাৰি সিমান সোনকালে বিয়াখন হৈ যোৱাত হে গুৰুত্ব দিলে যাতে কংকীৰ হায়াৰ চেকেণ্ডাৰীৰ ৰিজাল্টৰ আগতেই সকলো কাম সুকলমে হৈ যায় ৷ 
    কথামতেই  কাম ৷ বৰুৱানীৰ কথাত চৌধুৰীৰ ঘৰৰ পৰিয়ালে বিশেষকৈ চৌধুৰীয়ে বৰ ভাল পালে ৷ তেওঁ কল্পনাই কৰিব পৰা নাছিল যে মুম্বাইত কৰ্মৰত পুতেকৰ বাবে ঘৰৰ ওচৰতে ইমান ভাল ছোৱালী এজনী পাব ! চৌধুৰীয়নীৰতো সদায় মষ্ট ভয় এটাই হৃদয়খন খুলি খুলি খাই আছিল কিজানিবা পুতেকে বাহিৰৰ আপতুদেট্‌  ছোৱালী বিয়া কৰাই বাহিৰতে থাকি যায় ....৷ সেয়ে ইমান ভাল সম্পৰ্ক এটা দেখা পাই বৰুৱানীৰ কথাতে হয়ভৰ দি খুউৱ ততাতৈয়াকৈ পুতেক বসন্তকো পোন্ধৰদিনমান কামৰ পৰা ছুটি লৈ অসমলৈ আহিবলৈ ক’লে ৷ 
    বসন্তৰো সৰুৰে পৰাই এক দৃঢ় মন আছিল যে তেওঁ যদি জীৱনত কেতিয়াবা বিয়া কৰায় তেন্তে নিজৰ দেশৰ মাটি পানীৰে ডাঙৰ-দীঘল হোৱা ছোৱালীহে বিয়া কৰাব , মাত্ৰ তেওঁ শিক্ষাদীক্ষাৰ লগতে সংস্কাৰী হ’ব লাগিব ! আজি কিছুদিনৰ পৰা তেওঁৰ দ্বাৰা পৰিচালিত চেণ্টিনেল কাকতৰ পাব্লিকৰ শিতানত যেতিয়া ৰুণীমা বৰুৱা ওৰফে কংকী বৰুৱাৰ ইংৰাজীতে লিখা নাৰী সজাগতা শীৰ্ষক প্ৰবন্ধ কেইটা প্ৰকাশৰ পিছত কাকতখনৰ পঢ়ুৱৈৰ মাজৰে বিভিন্নজনৰ পৰা প্ৰশংসাসূচক মেছেজ ,  ফ’নকল আৰু চিঠি আহিবলৈ ধৰিলে তেতিয়া তেওঁ কংকীক নিয়মীয়াকৈ লিখিবৰ বাবে অনুৰোধ কৰি পত্ৰ প্ৰেৰণ কৰিছিলে ৷ আৰু এতিয়া সেইগৰাকী ছোৱালীৰ লগতে মাকদেউতাকে বিয়া ঠিক কৰাত তেওঁ তেওঁৰ বিশেষ আপত্তি দৰ্শোৱাৰ কাৰণ বিচাৰি নাপালে  মাথো সিদ্ধান্ত লোৱাৰ আগতে তেওঁ কংকীক এবাৰ সমুখাসমুখিকৈ লগ পাব বিচাৰিলে ৷ তেওঁ যিহেতু দায়িত্বৰ পৰা  ছুটি লোৱা সম্ভৱ নহয় গতিকে প্ৰযুক্তিবিদ্যাৰ সহায় লৈ তেওঁলোকে কম্পিউটাৰ স্কিনত দুয়ো দুয়োকো দেখা কৰি মনৰ কথাবোৰ দুয়ো দুয়োকে খুলাকৈ কৈ এজনে আনজনক বুজিবলৈ চেষ্টা কৰাৰ অন্তত দুয়ো মাক দেউতাকৰ সিদ্ধান্তত সন্মতি জনালে ৷ বৰুৱা আৰু চৌধুৰীৰ পৰিয়ালে ল’ৰাছোৱালীৰ মতামত পোৱাৰ পিছত আৰু ৰৈ নাথাকিলে ৷ ততাতৈয়াকৈ সকলো যা যোগাৰ কৰি নিজৰ পৰিয়ালৰ মানুহখিনিৰ উপস্থিতিত কৰ্ট মেৰেজ কৰি বিয়াখন এইমাহৰ বাইশ তাৰিখে সম্পন্ন কৰি স্বস্তিৰ নিস্বাস পেলালে ৷ হওঁতে বৰুৱাৰ একমাত্ৰ ছোৱালী কংকীৰ বিয়াখন এনেকৈ পাতিবলৈ অকনো ইচ্ছা নাছিল কিন্তু  বসন্তই যিহেতু দীঘলীয়া ছুটি লৈ ঘৰলৈ আহিব নোৱাৰে গতিকে উপায় নোহোৱাতহে এনেকৈয়ৈ বিয়াখন সম্পূৰ্ণ কৰিবলৈ বাধ্য হ’ল  ৷ অৱশ্যে ওচৰঘৰীয়া মানুহক সোনকালেই এটা পাৰ্টি দিবলৈ আহিব বুলি বসন্ত বৰুৱাই দুইখন ঘৰৰ মানুহক আশ্বস্ত কৰি দুদিনৰ মূৰত মুম্বাইলৈ ঢাপলি মেলিলে ....( আগলৈ )

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)