বুকু দহা মাতে কলিজা তিয়ায়-অঞ্জুমণি হাজৰিকা

©Admin
0
গভীৰ ৰাতিৰ নিৰ্জনতা কঁপাই
অ', কেতেকী , বুকু নদহিবি ,
দুখৰ আভূষণ পিন্ধি মনে
 বিষাদৰ ছাঁত ৰৈ
তোৰ জীৱন বৃত্তান্ত
অনুসন্ধান কৰে ,
প্ৰণয়ৰ পৃথিৱীত তোৰ
নুফুলিল নেকি মাধৈমালতী ?
ব'হাগৰ সেউজীয়াত  কি বাৰু
অপূৰ্ণ হৈ ৰ'ল তোৰ
 কেঁচা কলিজাত ?
হিয়াভগা বিলাপত কলিজা মোচোকা খাই
নিগৰে ৰক্ত টোপ্ টোপ্ ,

 বতাহত গজি উঠা সান্ত্বনাৰ নিচুকনিয়ে
উভালি পেলাম বেদনাৰ হুল ,
নিশ্চয়কৈ আঁতৰিব দুখৰ ডাৱৰ,
মাখনকুহুমীয়া হাঁহিৰে প্ৰলেপ সানিম
ৰক্ত ৰঞ্জিত কলিজাৰ ঘাঁত ।


        ✍️ অঞ্জুমণি হাজৰিকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)