কিতাপ পঢ়াৰ মজা"বাহঁ ফুলৰ গোন্ধ"- দিগন্ত বৈশ্য

©Admin
2
 গ্ৰন্থৰ নাম:"বাঁহ ফুলৰ গোন্ধ"।
          লেখক: য়েছে দৰজে ঠংচি।
              গ্ৰন্থৰ প্ৰকাৰ: গল্প পুথি।
                প্ৰথম প্ৰকাশ: ডিচেম্বৰ,২০০৫ চন।
                       মূল্য::৬০.০০ টকা।
                  
                                                
বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিৰ যিসমূহ গল্প পুথি আছে, তাৰ ভিতৰত "বাঁহ ফুলৰ গোন্ধ" অন্যতম। পোন্ধৰটা গল্প সন্নিৱিষ্ট হোৱা  এই গল্প পুথিৰ প্ৰথম গল্প ' বাঁহ ফুলৰ গোন্ধ' এক অন্যতম গল্প। ইয়াত দেখুওৱা হৈছে যে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ এই যুগতো মানুহ অন্ধবিশ্বাসৰ চিকাৰ হয়। সেয়ে, বাঁহ ফুল  ফুলিলে এন্দুৰৰ বংশ বৃদ্ধি হয়, মানুহৰ জীৱনলৈ বিভীষিকা নামে, শস্য-খেতিপথাৰ নষ্ট হয়--এনে ভাবনাৰ বাবে   মাতুং বুঢ়াই নাতিনী মেদাকৰ জ্বৰ-কাঁহ হোৱা দেখি তাইৰ এন্দুৰ জ্বৰ হোৱা বুলি সন্দেহ কৰিছে। এই জ্বৰ হলে জীয়াই জীয়াই পুৰি মাৰিব লাগিব-এই দুখত মেদাক আৰু মাটুং বুঢ়াই কান্দিবলৈ ধৰিলে।
                                                                        শেষত উপায়হীন হৈ মাতুং বুঢ়াই তাৰাক আৰু মেদাকৰ সকলো বয়-বস্তু উলিয়াই দি ঘৰৰ ভিতৰত জুই দি আত্মহত্যা কৰিলে। যিদৰে তেওঁ এন্দুৰ জ্বৰৰ ভয়ত নিজৰ মাক-দেউতাক, ভায়েক-ভনীয়েকক জীয়াই জীয়াই পুৰি মাৰি পেলাইছিল।
                                                                                           বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ এই যুগত থাকি আমি অন্ধবিশ্বাসৰ চিকাৰ হোৱা যে অনুচিত , তাক গল্পকাৰে গল্পটিত দাঙি ধৰিছে।
                                                                                                                       "ৰঙা তৰাৰ আহ্বান"গল্পটি যুগধৰ্ম পৰিস্থিতিৰ ওপৰত আধাৰিত গল্প। কাহিনীমতে , অভিযন্তা মিকেন ৰিবা অৰুণাচলী ধৰ্মৰ দ'নি প'লৰ নীতি-নিয়মত চলা পিতৃ টোমি ৰিবা আৰু মাতৃ য়াতেৰৰ সন্তান। তেওঁলোক হাড়ে- হিমজুৱে দ'নি প'লৰ সন্তান। এদিন মিকেনে গীৰ্জালৈ যোৱা শুনি মাক-দেউতাকে তাক ভৱিষ্যতে গীৰ্জালৈ নাযাবলৈ আৰু কোনো কাৰণতে খ্ৰীষ্টান ধৰ্ম নল'বলৈ উপদেশ দিছিল। কিয়নো, তেনে কাম কৰিলে সি মাক-দেউতাকৰ মৰা মুখ দেখিব। ইয়াৰ আগতে তাৰ বায়েকে   খ্ৰীষ্টিয়ান ল'ৰাৰ লগত বিয়া হৈ যোৱাৰ বাবে সিহঁতে তাৰ বায়েকক ক্ষমা কৰিব নোৱাৰিলে।
                                                                                                                    
                                                                                                                                                   কিন্তু সময়-পৰিস্থিতিৰ ওপৰতহে মানুহ বৰ্তি থাকে। এপিনে স্বামীৰ মৃত্যু আৰু আনপিনে পুত্ৰ মিকেন দূৰত থকা হেতুকে প্ৰায়খিনি মানুহ খ্ৰীষ্টিয়ান ধৰ্মত দীক্ষিত হোৱা বাবে য়াতেৰেও এই ধৰ্মত দীক্ষিত হ'ল। যিগৰাকী মাতৃয়ে  এদিন পুত্ৰ মিকেন ৰিবাক গীৰ্জাত নাযাবলৈ, খ্ৰীষ্টান ধৰ্ম নল'বলৈ উপদেশ দিছিল, এদিন তেওঁৱেই সেই ধৰ্মত দীক্ষিত হল। অৰ্থাৎ মানুহ যুগ ধৰ্মৰ ওপৰত আধাৰিত জীৱ। জীয়াই থাকিবলৈ এই ধৰ্ম মানি চলিবই লাগিব।
                                                                                                                                                                 সাম্প্ৰতিক সময়ৰ ওপৰত আধাৰিত গল্প "একাকী বিলাস"। বৰ্তমান সময়ত মানুহ দিনে দিনে নিসংগ হৈ পৰিছে। মাটি-বাৰী, ঘৰ-দুৱাৰ, গাড়ী-মটৰ, সা-সম্পত্তি একোৱেই এই নিসংগতা, শূণ্যতা দূৰ কৰিব নোৱাৰে। অকলশৰে থাকি জীৱনটো বিলাসময় কৰি তুলিলেও শূন্যতা বা নিসংগতাই যে পূৰ্ণতা নিদিয়ে, সেয়া লিখকে নিজৰ জীৱনৰ উপলব্ধিৰে উদঙাই দিছে।   
                                                                                                                                                               
              "মাৰ্চ এণ্ডিং" গল্পটি গল্পকাৰৰ এক বাচকবনীয়া সৃষ্টি। মাৰ্চ মাহটো অফিচ-কাছাৰী, ঠিকা-ঠুকুলিৰ দেনা-পাওনাৰ শেষ মাহ। এই মাহতে 
 ঠিকা-ঠুকুলিৰ যি দেনা-পাওনা থাকে, দি শেষ কৰা হয়। পাহাৰীয়া অঞ্চলত ৰাস্তা-ঘাট, দলং নিৰ্মাণ  আদিৰ কাম কেতিয়াও ৰাইজে চৰকাৰী অফিচাৰক দিব নিবিচাৰে, সেই কাম কৰাৰ দায়িত্ব ৰাইজে নিজেই গ্ৰহণ কৰে। কিন্তু  না ৰাস্তা, না দলং একোৰে কাম হৈ নুঠে। ৰাইজে লগলাগি এই কামৰ দায়িত্ব নিজেই লয় বুলি কয় যদিও টকা পোৱাৰ পিছত তেওঁলোকে ব্যক্তিগত উপভোগত ব্যস্ত হৈ পৰে। ইয়াৰ ফলত কটু কথা, গৰিহণা শুনিব লগা হয় চৰকাৰে।
               "আইতাৰ দাবী"গল্পটোৰ শিৰোনামেই প্ৰতিপন্ন কৰে গল্পটোৰ সাৰভাগৰ কথা। আইতাকে নাতিনীয়েক মেচামক মাংস খুৱাবলৈ দাবী কৰি আছিল। পাহাৰীয়া জনজাতীয় দৰা-কইনাৰ বিবাহত মাংস খুওৱা পৰম্পৰা যুগ যুগৰ পৰা চলি আহিছে। কিন্তু আইতাকে মেচামৰ পৰা মাংস খাব খোজাৰ অৰ্থটি বেলেগ। আইতাকৰ মতে তেওঁ বিয়া হৈ আহোঁতে পোৱা সুংৰি মনিডাল পিছত তেওঁৰ বোৱাৰী অৰ্থাৎ মেচামৰ মাকে পাইছিল। এতিয়া সেইডাল মেচামে পাব লাগে। কিন্তু বাপেকে তাইক দুডাল টাচাংহে  দিলে। সেয়ে, আইতাকে মেচামক আৰু দুটা মেথোন আনি বান্ধি দিব দিলে। এয়া দেখি মেছামে আৱেগত চকুপানী ৰাখিব নোৱাৰিলে। আইতাক আৰু নাতিনীয়েকৰ মাজত যি মৰম-ভালপোৱা সি যেন বৰ্ণিল, অসীম।
                        "সাঁথৰৰ দৰে দুজন সুহৃদ"গল্পটোৰ মূল বিষয়টো এয়ে যে মানুহৰ জীৱনত বন্ধুত্ব, শত্ৰুতা আদি আপেক্ষিক শব্দ। এইবোৰৰ স্থায়িত্ব কিমান দীৰ্ঘ ম্যাদী ,কোনেও কব নোৱাৰে। ই নিৰ্ভৰ কৰে সময়ৰ ওপৰত।
                     "কেশ শপথ"নামৰ গল্পটিত বিনিৰ অতি প্ৰিয় হ'ল দেউতাকৰ চুলিখিনি যি চুলিক লৈ বিনিয়ে বহু সপোন দেখে।তাৰোপৰি, তাইৰ দেউতাক কেৱল এজন এম.এল.এ. হৈ থকাটো নিবিচাৰে, তাই আৰু তাইৰ মাকে বিচাৰে দেউতা চিফ মিনিষ্টাৰ হওঁক। অৱশেষত দেউতাক চিফ মিনিষ্টাৰ হ'ল যদিও তেওঁৰ মূৰত পদুম খোপা আৰু বেতৰ টুপী নাথাকিল। এয়া দেখি বিনীৰ মনে নামানিলে।
                                       
       জীৱন প্ৰাপ্তি-অপ্ৰাপ্তিৰ সমাহাৰ। মানুহে যি বিচাৰে , সকলো বিচৰামতে নাপায়। প্ৰাপ্তি-অপ্ৰাপ্তি উভয়তে সুখী হ'ব পৰাতে মানুহৰ কৃতিত্ব।
             
       "মৰম"গল্পটি মৰমৰ ওপৰত আধাৰিত এক সুন্দৰ গল্প। এই মৰম কেৱল মানুহৰ মাজতে নাথাকে, বনৰ জন্তুইও এই মৰমৰ দ্বাৰা প্ৰভাৱিত হয়।
                      গোৰোং বুঢ়াই চৰকাৰী অনুদান আৰু বেংকৰ ঋণ লৈ কিনা  মিলুং নামৰ ঘোঁৰাটো আৰু তাৰ পোৱালিটো বুটি বুৰীৰ লগতে সেই অঞ্চলৰ মানুহৰ বোজা হৈ পৰিল। সকলোৰে কথা শুনি বুঢ়াই মিলুং আৰু তাৰ পোৱালিক হাবিত এৰি থৈ আহিল যাতে সিহঁত আৰু ঘূৰি আহিব নোৱাৰে। কিন্তু হিতে বিপৰীতহে হল।সিহঁতে গোৰোং বুঢ়াৰ ঘৰ বিচাৰি আহিল।গোৰোং বুঢ়াৰ মৰমে সিহঁতক এনেকৈ বশীভূত কৰিলে যে গোৰোং বুঢ়াক এৰি সিহঁতে থাকিব নোৱাৰিলে। মৰমৰ যি প্ৰভাৱ, সেয়া কেৱল মানুহৰ মাজতেই নহয়, ইতৰ প্ৰাণীৰ মাজতো বিদ্যমান।
                         "দুচিনৰ দিনা আইমনেপোসকল" গল্পটিত দেখুওৱা হৈছে যে সময়ৰ পৰিবৰ্তনৰ লগে লগে মানুহৰ জীৱন -ধাৰা, ধৰ্ম, ৰীতি-নীতি সকলোতে যেন পৰিবৰ্তন হৈছে। এই পৰিৱৰ্তনে আন কাৰোৰে জীৱনত আউল লগোৱা নাই;আউল লগাইছে বৈধব্যক সাৱটি লোৱা লজোমৰ। কিয়নো, তেওঁ এগৰাকী সঁচা আইমনেপো।আইমনেপো হৈ আনে কৰা  ব্যভিচাৰী ৰূপ দেখি তেওঁ লামাক "আইমনেপো হৈ নাথাকো "বুলি মালাডাল ওভতাই দিছে।
                        "ধুমুহা অহাৰ সংকেত"গল্পটিত দেখুওৱা হৈছে যে ৰাজনীতি সমাজ জীৱনৰ এনে এক কদৰ্য বিষয় যি মানুহৰ প্ৰতি থাকিবলগীয়া সাধাৰণ মানৱতাখিনিও নি:শেষ কৰি পেলায়। ধ্বংস কৰি পেলায় শান্তিৰ, আস্থাৰ, ঐক্য-সংহতিৰ, প্ৰেম-প্ৰীতিৰ আৰু সামাজিক বান্ধোন। থান-বান হৈ যায় সমাজ। সেয়ে,ৰাজনীতিৰ বাবে নিজৰ মৌলিক অধিকাৰ সাব্যস্ত কৰাহে দায়িত্ব, তাৰবাবে কেতিয়াও কোনেও ঘৰৰ মধুৰ সম্পৰ্কবোৰ নষ্ট কৰি পেলাব নালাগে।
               গোটেই গল্প পুথিখনৰ ভিতৰত এটা গাৰ
               নোম শিহৰি উঠা  গল্প "পাহাৰৰ ছাঁ"। লাজু নক্তে জনজাতিৰ বৈবাহিক যি পৰম্পৰা সি সঁচাকৈয়ে ভয় লগা।কিয়নো, তেওঁলোকৰ মতে,এহাল ডেকা-গাভৰু বিয়া হৈ যোৱাৰ পিছত গাভৰুগৰাকী স্বামীৰ ঘৰলৈ আহিব নোৱাৰে। বৰং, মাকৰ ঘৰতেই থাকি আন এক পুৰুষৰ লগত দৈহিক সম্পৰ্ক স্থাপন কৰি এক অবৈধ সন্তান জন্ম দি তাক হত্যা কৰিব লাগিব। তেতিয়াহে তাই স্বামীৰ ঘৰলৈ যোৱাৰ বাবে উপযুক্ত বুলি বিবেচনা কৰা হ'ব।
                           উপায়হীন হৈ কামথোকৰ তুখুমৰ লগত সেই সম্পৰ্ক স্থাপন হৈছিল আৰু এটি সন্তান ও জন্ম দিছিল। তাই জানিছিল যে তাইৰ বৈধ স্বামী ৰোনহাঙে তাইৰ সন্তানটিক সমাজৰ পৰম্পৰা অনুসৰি হত্যা কৰি পেলাব।কিন্তু কামথোকৰ দৰে ৰোনহাঙৰ অন্তৰত বাৎসল্য প্ৰেমৰ জন্ম হৈছিল যাৰ বাবে সি তাক জীয়াই ৰাখিছিল। যুগ যুগৰ পৰম্পৰা-নীতি এটি শিশুৱে সলনি কৰি পেলাইছিল।
                     'অধিকাৰ' নামৰ ব্যতিক্ৰমী গল্পটিত চাকু পোলিং ষ্টেচনত নিৰ্বাচনৰ দিনা হোৱা ঘটনাটো সঁচাই আমোদজনক। কিয়নো, দুজন ভোটাৰ থকা বাবে অফিচাৰকেইজনে ভাবিছিল যে সোনকালে দায়িত্ব শেষ কৰি যাব পাৰিব। কিন্তু, হিতে বিপৰীতহে হ'ল। কিয়নো, ভোটাৰ দুজনে নিজৰ ঘৰুৱা দায়িত্ব পালন কৰিহে ভোট দিবলৈ আহিল। অৰ্থাৎ ভোটাধিকাৰ সকলোৰে নিজৰ অধিকাৰ, ইয়াত কাৰো অধিকাৰ নাথাকে।সেয়ে, তেওঁলোকে সময়তহে ভোট দিবলৈ আহিল।
                        'আতংকবাদীসকলৰ সৈতে এক উজাগৰী নিশা' গল্পটি এপিনে ৰহস্যময় আৰু আনপিনে ধেমেলীয়া ভাবৰ সৃষ্টি। আতংকবাদী বুলি মিছাকৈ ভয় খাই ওৰে ৰাতি প্ৰণতি আৰু  জয়ন্তই  টোপনি মাৰিব নোৱাৰিলে। পুৱা ডাক্তৰ জুগলীয়েহে জনালে যে সেয়া  কোনো আতংকবাদী নাছিল।   
                                'আৰু এজন মহাপুৰুষ' গল্পটিত দেখুওৱা হয় যে বেয়া চিন্তা, বেয়া ভাবনাৰে ঘেৰি থকা এই দিনতো ভাল মানুহ নোহোৱা হয়। মাফ কৰি দিয়াটো মহৎ লোকৰ গুণ। দৰজি ৱাংদিৰ দৰে সৰু খেতিয়ক এজনো মহৎ লোক। কিয়নো, নিজৰ পত্নীক হত্যা কৰা অপৰাধী চিনাক্ত হোৱাৰ পিছতো প্ৰেমলতাৰ আত্মাই কষ্ট পাব বুলি তেওঁ সিহঁতক শাস্তি দিয়াৰ সলনি মুক্তি দিবহে বিচাৰিলে। এয়াই মানৱতা, এয়াই মহা পৌৰুষত্ব।
                           'আক্ৰান্ত'শীৰ্ষক গল্পটো ৰক্ষকেই যে ভক্ষক, তাৰ এক সুন্দৰ নিদৰ্শন ঠংচিয়ে ব্যাখ্যা কৰিছে। আজিৰ সমাজত দেখা যায় যে বেছিভাগ
ঘটনা আনতকৈ আপোন মানুহেই সংঘটিত কৰে, অৰ্থাৎ নিজৰ বুলি ভাবি  যাক বিশ্বাস কৰা যায়, তেওঁলোকেই বেছি অপকাৰ কৰে।
                    শ্ৰদ্ধাৰ "অসমীয়া সাহিত্যৰ চানেকি"ৰ পাঠকবৃন্দ,  "বাঁহ ফুলৰ গোন্ধ" শীৰ্ষক গল্প সংকলনখনি পঢ়ি মই লাভ কৰা অনুভৱ আপোনালোকলৈ  পঠিয়ালো। আপোনালোকে পঢ়ি কেনে পালে জনালে সুখী হ'ম।
    শেষত ,আপোনালোকৰ মঙ্গল কামনাৰে ---
                      

Post a Comment

2Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. সুন্দৰ প্ৰবন্ধ

    ReplyDelete
    Replies
    1. ধন্যবাদ জ্ঞাপন কৰিছো।

      Delete
Post a Comment