মানুহৰ বাবে হাঁহি-হেমেন হাজৰিকা

সাহিত্য সম্রাট লক্ষ্মীনাথ বেজবৰুৱা দেৱে কৈছিল -- হাহ্‌ , সকলোৱে হাহ্‌ , ল'ৰাই  হাহ্‌, ডেকাই হাহ্‌ , বুঢ়াই  হাহ্‌, দাঁত নথকা লাপুং বুঢ়াইও হাহ্‌ | হাঁহি মানুহৰ জীৱনৰ সঞ্জীৱনী সুধা | মানুহৰ বাবে হাঁহি এক অমূল্য সম্পদ |

      হাঁহিৰে জীৱন সুন্দৰ কৰা , চকুৰ পানীৰে নহয় | আমি হাঁহি থাকিব লাগে | হাঁহিমুখীয়া মানুহ সকলোৰে আদৰৰ হয় | সকলোৱে ভাল পায় | হাঁহিৰে জগত জিনিব পাৰি | বিষাদমুৱা মানুহ কাৰো আদৰৰ পাত্র হ'ব নোৱাৰে |

    এটা কথা সকলোৱে লক্ষ্য কৰিছে যিটো আমাৰ সকলোৰে বাবে চিন্তাৰ কাৰক হৈ পৰিছে । কিহৰ বেদনাত আমি বাৰু হাঁহিবলৈ পাহৰি গৈছোঁ ? সাহিত্যৰথী বেজবৰুৱাই কোৱাৰ দৰে আমাৰ যি হাঁহি আজি আমাৰ মুখত বিৰিঙি উঠে সেয়া যেন স্বতঃস্ফুৰ্ত নহয় । জোৰ কৰি ওলাই অহা হাঁহিহে , নীৰস হাঁহি |

    সময়ৰ অগ্রগতিৰ লগে লগে আমাৰ সকলোৰে জীৱন শৈলীৰ পৰিৱৰ্তন ঘটিছে | আমি ব্যস্তৰ পৰা অতি ব্যস্ত হৈ পৰিছোঁ | কেৱল দৌৰিছোঁ আৰু দৌৰিছোঁ | মিটিৰ - কুটুম্ব , ওচৰ - চুবুৰীয়া , কাৰোৰেই সুখ দুখৰ সমভাগী হ'ব নোৱাৰা হৈছোঁ | তাৰবাবেই হাঁহিবলৈ পাহৰিছোঁ | মুখৰ হাঁহি মুখতে নোহোৱা হৈছে | বিষাদৰ এচমকা কলীয়া ডাৱৰে ঢাকি ৰাখিবলৈ লৈছে আমাৰ মুখমণ্ডল , তেন্তে হাঁহিম কেতিয়া ?

    প্রাণখোলা হাঁহি নোহোৱা কৰিছোঁ | ক'লৈ গ'ল আমাৰ মুখৰ হাঁহিবোৰ ? বিষাদ গ্রস্ততাৰ কবলত পৰি অনবৰতে চিন্তাক্লিষ্ট হৈ কেৱল লাগেৰ পিছত দৌৰি দৌৰি আমি সকলোৱে মই হৈ পৰিছোঁ | শুইছোঁ , খাইছোঁ , লাগেৰ পিছত দৌৰিছোঁ , বিভিন্ন টেনচন চপাই লৈছোঁ | তাৰ ফলত এলেহুৱা হৈছোঁ , সোৰোপা হৈছোঁ শাৰীৰিক শ্রমৰ পৰা নিজক বিৰত ৰাখিছোঁ বচ্ |

    আমি হাঁহিবলৈ পাহৰি যোৱাৰ ফলত ঠায়ে ঠায়ে কিছুমান Club খুলিব লগা হৈছে | Laughing Club.  কিয় খুলিব লগা হৈছে Laughing Club এয়া হৈছে আজিৰ সময়ৰ আমাৰ অৱস্থা | আমাক হহুৱাবৰ বাবে Club লগা হৈছে | তাতকৈ আৰু পৰিতাপৰ কথা কিবা থাকিব পাৰেনে ? নিশ্চয় নোৱাৰে | আমি হাঁহিবলৈ পাহৰাৰ ফলত আমাৰ শৰীৰত বাহ লৈছে নান ধৰণৰ ন ন ৰোগে | সেই কথা আমি স্বীকাৰ কৰি ল'বই লাগিব | হাঁহি হৈছে আমাৰ শৰীৰৰ মহৌষধ | 

     হাঁহিৰে জগত জিনিব পাৰি বুলি কয় | এটা হাঁহিৰে বহু দোষ মাফ কৰিব পাৰি | অভ্যাগত এজনক এটা হাঁহিৰে সম্ভাষণ জনালে তেওঁৰ অন্তৰ জয় কৰিব পাৰি | যিমানেই খং ৰাগ লৈ আপোনাৰ কাষলৈ নাহক এটা হাঁহিৰে সম্ভাষণ জনাওক যেন সকলো দোষ তল পৰি যাব আৰু যদি তাকে নকৰি খঙৰ উত্তৰ খঙেৰে দিয়ে তেতিয়া তাৰ সলনি জ্বলা জুইত ঘিউ ধলাৰ দৰে অৱস্থা হ'ব | এখন তয়াময়া ৰণত পৰিণত হ'ব পাৰে | এজন হাঁহিমুখীয়া মানুহ সকলোৰে আদৰৰ পাত্র হয় | সকলোৱে তেখেতৰ সংগ বিচাৰে | সকলোৱে তেখেতৰ সৈতে সময় পাৰ কৰিব বিচাৰে |

   অসমীয়া মানুহে হাঁহিবলৈ পাহৰি যোৱা বুলি তাহানিতে লক্ষ্মীনাথ বেজবৰুৱা দেৱে আক্ষেপ কৰি গৈছে | সেই কাৰণে কৈছিল সকলোৱে হাহ্‌ ল'ৰা-ছোৱালী , ডেকা-ডেকেৰী , বুঢ়া-বুঢ়ী সকলোৱে হাঁহক | হাঁহিক জীৱনৰ সংগী কৰি লওঁক | নহ'লে আমি এটা এটা যন্ত্ৰত পৰিণত হ'ম | যন্ত্ৰইহে হাঁহিব নোৱাৰে | আমি যন্ত্ৰ হয় জানোঁ ? নিশ্চয় নহয় | আমাৰ আবেগ - অনুভুতি আছে , হাঁহিও তাৰেই অংগ | তেতিয়াহ'লে আমি নাহাহোঁ কিয় ? আমাৰ মানবীয় অনুভূতিক জগাই তুলি আমি হৈ পৰোঁ | আমি হাঁহিম প্রাণ খুলি হাঁহিম | দাঁত নাথাকিলেও হাঁহিম | তেতিয়া আমি শৰীৰক খাদ্য যোগান ধৰাৰ দৰে হ'ব |
বন্ধু সকল আহক আমি পুনৰ সকলোৱে হাঁহিবলৈ লওঁ |  Laughing Clubলৈ গৈ হ'লেও হাঁহিত অংশ গ্রহণ কৰোঁ | তাৰ দ্বাৰা নিজৰ লগতে আনৰো ভাল হোৱাত কিছু পৰিমাণে অৰিহনা যোগাও | নিজেও হাঁহক আনকো হহুৱাওক ।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send