আজিৰ সভ্য সমাজতো
অনেক মানৱদস্যু বিলাকে
নাৰীক খেলৰ সামগ্রী হিচাপে ব্যৱহাৰ কৰিছে,
ইহঁতক নাৰী শক্তিৰ প্রদর্শন
দেখুওৱাৰ প্ৰয়োজন হৈ পৰিছে।
মানৱতাৰ অৰ্থ পাহৰি পেলোৱা দানৱ বিলাকক
বুজাবৰ সময় হ'ল,
যে নাৰী খেলৰ সামগ্রী নহয়,
নাৰী ধৈর্য্যশীল, দুৰ্বল নহয়।
বুজাবৰ সময় হ'ল যে
সীতা হৈ সকলো ত্যাগ কৰিব পৰা নাৰী
এসময়ত ৰক্ত ধাৰ বোৱাব পাৰে
এই নৰৰূপী পিশাচবিলাকৰ।
জাগিবৰ সময় হ'ল,
জাগা শক্তিৰূপা।
ধৈর্য্যৰ সীমা পাৰ হ'ল।
সমাজৰ মানৱৰূপী দানৱ বিলাকৰ ৰক্তেৰে
সমাজ পৰিস্কাৰ কৰাৰ সময় হ'ল।
ধৈর্য্য ধৰাৰ সময় আৰু নাই,
নাই, আৰু সহ্য কৰিবৰ সময় নাই।
দেখুওৱাৰ সময় হ'ল
এই দানৱ বিলাকক,
নাৰী শক্তিৰ প্রদর্শন,
ত্যাগৰ প্ৰতিমাৰ ৰণচণ্ডী ৰূপ।
তেতিয়াহে ন্যায় পাব,
এই পিশাচবিলাকৰ কৱলত প্ৰাণ হেৰুওৱা
দেশৰ প্ৰতিগৰাকী কন্যা,
ন্যায় পাব ইহতৰ ভক্ষণ ভক্ষণৰ ভক্ষিত
প্ৰতিগৰাকী নন্দিতা।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ