জীৱনৰ অন্য নাম সংগ্ৰাম-খণ্ড ৮ -পূৰ্ণিমা বৰঠাকুৰ বেজবৰা

©Admin
0
     চাওঁতে চাওঁতে দুটা বছৰ কেনেকৈ পাৰ হৈ গ’ল কোনেও  গমেই নাপালে ৷ কংকীয়ে দ্বাদশ বৰ্ষৰ শেষান্ত পৰীক্ষা দি ঘৰলৈ আহিছে ৷ ঘৰখনত সেয়ে এই কেইদিন উখল-মাখল পৰিবেশৰ সৃষ্টি হৈছে ।নলিনী আৰু কংকীৰ গোপন বৈঠক  আৰম্ভ হৈছে ৷  গাভৰুৰ মন, কম-বেছি পৰিমানে দুয়ো দুয়োকে হিয়াৰ বতৰা দিব লগা আছে ৷ হওঁতে নলিনীৰ ৰোমান্টিক কোনো খবৰ দিবলৈ নাই কিন্তু যোৱা দুটা বছৰে ঘৰখনত হৈ থকা প্ৰতিটো মুহূৰ্তৰ ছবি কংকীৰ সন্মুখত দাঙি ধৰিবলৈ তাই উৎকণ্ঠিত হৈ আছে ৷ আনফালে কংকীয়ে নলিনীক কিমান যে কথা-কাহিনী ক’বলৈ আছে৷ বিশ্ববিদ্যালয়ত কটোৱা দুবছৰৰ কিমান যে তিতা-মিঠা অনুভৱৰ ৰহঘৰা নলিনীলৈ সাঁচি থৈছে তাই .....
     কংকু আৰু নলিনীৰ ভায়েক ডিপু বয়সতকৈ বহুত ওখ হৈছে৷ বায়েক কংকী আৰু নলিনীতকৈ দুয়োটাই ওখ -শকত৷ নলিনী আৰু কংকীয়ে অন্তৰংগ মুহূৰ্তত বহিলেই দুয়োটাই বায়েকহঁতৰ কান্ধত কান্ধ মিলায় জোকায় “ চুটিমুটী বাইহঁত ঔ পিঠা খাবৰহে মন যায় ....” বিনিময়ত দুয়ো সিহঁতক দৌৰাই দৌৰাই অৱশ কৰি দিয়ে ....৷ 
    সিহঁতৰ হাঁহি-ধেমালিৰ ভাগ নলয় নলিনীৰ ভনীয়েক উৰ্বশীয়ে৷ তাই অলপ বেলেগ ধৰণৰ ছোৱালী৷ গহীন ,গম্ভীৰ অনবৰতে কিবা ভাবি থাকে ৷ পঢ়া-শুনাত নলিনীৰ দৰেই তীক্ষ্ণ বুদ্ধি-সম্পন্না হোৱাৰ লগতে বৰ ভাল লিখা -মেলা কৰে তাই৷ ছবিও বৰ সুন্দৰ আঁকে ৷ নলিনীৰ পিছতে লখিমী এমভি স্কুলৰ আশাৰ ভৰসা উৰ্বশী ৷ সকলো শিক্ষক শিক্ষয়িত্ৰীয়েই কয় নলিনীতকৈয়ো ভাল ফলাফল দেখুৱাব  উৰ্বশীয়ে ৷ কিন্তু তাইৰ ভাবুক মনটোৰ বাবে তাইৰ মনৰ গতি কোনদিশে কি কৰি থাকে কোনেও ধৰিব নোৱাৰে ....৷ অন্যহাতে নলিনীৰ সৰু ভনীয়েক জিমলি বৰ ৰাংঢালী ছোৱালী৷  তাই যলৈকে যায়, যাৰে লগত কথা পাতে সকলোতে নিজৰ স্মৃতি ৰাখি থৈ আহে ৷ অৰ্থাৎ তাইৰ আচাৰ-আচৰণে সকলোৰে মনত মৰম সনা ৰঙৰ সাঁচ বহুৱাই থৈ আহে ৷ কংকী নথকাৰ সময়খিনিত তাই নথকা হ'লে যে বৰুৱাৰ ঘৰখনত কেনে পৰিবেশৰ সৃষ্টি হ’লহেতেন ! ক’ৰ পৰানো হাঁহিৰ ৰহঘৰাবোৰ উলিয়াই ঘৰখন উমাল কৰি ৰাখে সেই কণমানী ছোৱালীজনীয়েহে জানে৷ মুঠৰ ওপৰত আটাইকেইটা ল’ৰা-ছোৱালী এতিয়া বৰুৱাৰ ঘৰৰ একোপাহ  সূৰ্য্যমুখী ফুল ...৷ 
     যি কি নহওঁক  প্ৰায় পোন্ধৰদিন মানৰ পিছত এসোপামান বজাৰ সমাৰ লৈ এক আনন্দ মুখৰ পৰিবেশত সোমাই আহিল বৰুৱা ৷ ইমানদিন তেওঁ ব্যৱসায়ৰ কামত দিল্লীত আছিল৷ কাম শেষ কৰি আজি ঘৰলৈ উভতিছে ৷ আহোঁতে ফ্লাইটত নিজৰ সহযাত্ৰী ৰূপে লগ পাইছিল অনিৰ্বান চৌধুৰীক  ৷ প্ৰথমে এজনে আনজনক চিনি পোৱা নাছিল ৷ কিন্তু ওচৰা-ওচৰিকৈ কাষৰ চিটতে বহি অহা অনিৰ্বাণ চৌধুৰীক সৌজন্যতাৰ খাতিৰত মাত দিছিল বৰুৱাই ৷ তাৰপিছত আৰু দুয়োজনৰ মাজত পৰিয়াল কেন্দ্ৰিক নানান কথাই ঠাই পাইছিল ৷ অনিৰ্বান চৌধুৰী শিৱসাগৰ জিলাৰ এজন আগশাৰীৰ ঐশ্বৰ্যশালী ব্যক্তি বুলি কাকতে পত্ৰই বৰুৱাই পঢ়িবলৈ পাইছিল কিন্তু ইমান দিনে লগ পোৱাৰ সৌভাগ্য হোৱা নাছিল ৷ আৰু আজি সৌভাগ্যবশতঃ লগপোৱাই নহয় অন্তৰংগ বন্ধুত পৰিণত হৈ পৰিল ৷  
     চৌধুৰীয়ে নিজৰ বিষয়ে কৈ গৈছিল বিভিন্ন কথা ৷ তাৰ মাজতে তেওঁ জনাইছিল যে কৰ্মসূত্ৰে তেওঁৰ পুত্ৰ বসন্ত চৌধুৰী দিল্লীত থাকে ৷ তেওঁ পুতেকৰ ওচৰলৈ গৈছিল   ৷ দিল্লীত থাকোঁতেই তেওঁ পুত্ৰই কাম কৰা "দা চেণ্টিনেল " কাকতখনত কংকীৰ কেইবাটাও লিখা পঢ়িবলৈ পাইছিল৷ পুত্ৰ বসন্তৰ তত্ত্বাৱধানত চলি থকা কাকতখনৰ অন্যান্য শিতানবোৰৰ লগতে সাধাৰণ জনতাৰ মনৰ ভাৱ প্ৰকাশৰ যিটো শিতান আছে সেই শিতানটি কংকীৰ লেখনি কেইটাই বৰ উন্নত মানদণ্ডৰ শিতানৰূপে চিহ্নিত কৰিছে ৷ তাইৰ লেখনিৰ ওপৰত বিভিন্নজনৰ পৰা প্ৰশংসাসূচক মেছেজ ফোনকল আদি  বসন্তলৈ অহা তেওঁ দেখি অনুপ্ৰাণিত হৈ পৰিছিল ৷ প্ৰথমে তেওঁ কংকী ক’ৰ ছোৱালী কি কথা এইবোৰ গম ল’ব বুলি মনতে ঠিৰাং কৰি অসমলৈ মানে শিৱসাগৰৰ ঘৰলৈ আহিছিল আৰু এতিয়া বৰুৱাৰ ছোৱালী বুলি জানিব পাৰি মনৰ ভাববোৰক এটা গতি দিবৰ বাবে তেওঁৰ মনটোতে এটা ডাঙৰ সিদ্ধান্ত  ঠিৰাং কৰি পেলাইছে ৷ সেই  সিদ্ধান্ততোৰ বিষয়ে ক’বলৈ দুই এদিনতে বৰুৱাৰ লক্ষীমপুৰৰ ঘৰলৈ সপৰিবাৰে আহিব ৷  বৰুৱাই যাতে সময়ত তেওঁক বিমুখ নকৰে তাৰবাবে বৰুৱাক বিনম্ৰ অনুৰোধ জনালে ৷ দুয়ো দুয়োৰে মনৰ  কথাবোৰ  কৈ কৈ অন্তৰংগ মূহূৰ্তবোৰ পাৰ কৰি থাকোঁতেই এটা সময়ত চৌধুৰীয়ে বৰুৱাক 
পুনৰ সোনকালেই লগ পোৱাৰ আশা দি কৰমৰ্দন কৰি  শিৱসাগৰ এয়াৰপৰ্টত নামি গ’ল৷ চৌধুৰী নামি যোৱাৰ পিছত বৰুৱাৰ মনত  চৌধুৰীৰ কথাবোৰে আমোলমোলাই থাকিল ৷ জীয়েক কংকী যে পঢ়াশুনাৰ লগতে লিখা-মেলাৰ জগতখনতো ইমান আগবাঢ়ি গৈ আছে দেউতাকজন হৈ সেইবোৰৰ একো গম নাপায় ! পাবনো কেনেকৈ তেওঁ তেওঁৰ জগত খনৰ পৰা ওলায় বাহিৰৰ জগতখনৰ খবৰ ল’বলৈ আহৰি পালেহে  ! এতিয়া সেয়ে চৌধুৰীৰ মুখত জীয়েকৰ প্ৰশংসা আৰু উজ্জ্বল ভৱিষ্যতৰ জাননী পাই উৎফুল্লিত হৈ পৰিছে ৷
  অনিৰ্বান চৌধুৰীৰ কথাখিনিৰ পৰা বৰুৱাই যি অনুমান কৰিলে তেওঁৰ মনপ্ৰাণ একেবাৰে পুলকিত হৈ আছে৷ কিন্তু কংকী যিহেতু বৰ সৰু হৈ আছে গতিকে তেওঁ  মনৰ মাজত উদয় হোৱা জীয়েকৰ  বিয়া সম্পৰ্কীয়  কথাখিনি ঘৈণীয়েকৰ আগত কেনেকৈ উলিয়াব সেই লৈ তেওঁ  গুণাগথা কৰিবলৈ ধৰিলে ৷  কিয়নো ইমান সৰুতে জীয়েকক বিয়া দিবলৈ  নিৰ্মলা কেতিয়াও ৰাজী নহ’ব ৷ বৰুৱাক বলীয়া হোৱা বুলি খং কৰিব নিশ্চয় ! কিন্তু চৌধুৰীৰ কথা বতৰাৰ মাজত কংকীৰ বিয়া হৈ গলেও পঢ়া-শুনাত কোনো বাধা নাহে, বৰঞ্চ তাই আন এটা সুন্দৰ উন্নত পৰিবেশত এখন বহল পৃথিৱীৰ বাসিন্দা হৈ জীৱনটো অধিক সুন্দৰকৈ গঢ়াৰ সুবিধাহে পাব গতিকে এনে সুবৰ্ণ সুযোগ বৰুৱাই কেতিয়াও হাতৰ পৰা হেৰাই যাবলৈ দিব নোৱাৰে ৷ কিয়নো সুযোগ সুবিধা সদায় একেধৰণৰ হৈ নাথাকে .... গতিকে  নিৰ্মলা বৰুৱা অৰ্থাৎ ঘৈণীয়েকক বুজাব লাগিব ৷
    ইফালে ইমান দিনৰ মূৰত গিৰীয়েক ঘৰলৈ আহিছে গতিকে বৰুৱানীয়ে পাকঘৰত সুস্বাদু ব্যঞ্জন তৈয়াৰ কৰাত মনোযোগ দিওঁতে  তেওঁ বৰুৱাৰ মনৰ আৱেগখিনিৰ অনুমানেই কৰিব নোৱাৰিলে ... ( আগলৈ ....)



✍️পূৰ্ণিমা বৰঠাকুৰ বেজবৰা
     নগাঁও

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)